শেহতীয়া খবৰ
Home / আঞ্চলিক / উপেক্ষিত শিল্পী চৈয়দ মক্কিতুৰ ৰহমানে আজিও নাপালে কোনো চৰকাৰী সহাৰ্য্য

উপেক্ষিত শিল্পী চৈয়দ মক্কিতুৰ ৰহমানে আজিও নাপালে কোনো চৰকাৰী সহাৰ্য্য

ডিজিটেল সংবাদ, নাজিৰাঃ অসমীয়া সংস্কৃতিৰ মোহত পৰি চলচ্চিত্ৰৰ কামত এসময়ত  ঘৰ বাৰী এৰি অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্নেহ ধন্য নিৰব শিল্পী চৈয়দ মক্কিতুৰ ৰহমান ওৰফে মক্কি সকলোৰে অলক্ষিতে আজি যেন পাহৰণিৰ গৰ্ভত ৷ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ নাজিৰা নগৰৰ ৮ নং ৱাৰ্ডৰ নিজ বাসগৃহত শয্যাশায়ী হৈ থকা নাজিৰাবাসীৰ মৰমৰ “মক্কিদা”  নামৰ  প্ৰায় ৭৫ বছৰীয়া এই  স্বভাৱজাত শিল্পী গৰাকী তীব্ৰ আৰ্থিক সংকটত ভূগি আছে যদিও বাৰম্বাৰ আবেদন কৰাৰ পিছতো  আজিৰলৈকে চৰকাৰে কোনো সহাৰ্য্য বা শিল্পী পেন্সন প্ৰদান নকৰাটো অটি পৰিতাপৰ কথা৷  উল্লেখযোগ্য যে  চিৰাজ, ঘৰ সংসাৰ, এইদেশ মোৰদেশ , শেৱালি ইত্যাদি বহু অসমীয়া চলচ্চিত্ৰৰ লগতে প্ৰয়াত শিৱপ্ৰসাদ ঠাকুৰৰ প্ৰায় সকলো কথাছবিতে ব্যৱস্থাপক ৰূপে জড়িত থকা চৈয়দ মক্কিতুৰ ৰহমান  ওৰফে মক্কিয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাক চিৰাজ কথাছবি নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ ভাবে সহায় কৰিছিল আৰু এই চিৰাজ কথাছবিৰ চিত্ৰগ্ৰহণৰ সময়ত সুধাকণ্ঠকে ধৰি আন বহু কলাকুশলীয়ে মক্কিদাৰ হাফ ৱালৰ ঘৰটো বিশ্ৰামালয় ৰূপে ব্যৱহাৰ কৰিছিল৷ সুধাকণ্ঠৰ আশীকধন্য হৈ কলকাতলৈ যাওতে  মক্কিয়ে সুধাকণ্ঠৰ ঘৰত হেমাংগ বিশ্বাসক লগ পাই ভাৰতীয় গণনাট্য সংঘৰ লগতো জড়িত হৈ পৰিছিল৷

অভিনেতা নিপণ গোস্বামী, বিজু ফুকন, প্ৰাঞ্জল শইকীয়া, গায়ক অপূৰ্ব বেজবৰুৱা, মহানন্দ মজুমদাৰ বৰুৱা আদিৰ লগত বিশেষ ঘনিষ্ঠতা থকা মক্কিয়ে দুখনমান অসমীয়া চলচ্চিত্ৰৰ পাৰ্শ্ব চৰিত্ৰটো অভিনয় কৰিছিল৷ আনহাতে নাট্য শিল্পী ৰমেন শৰ্মা, ৰোহিতেশ্বৰ শইকীয়া আদিৰ  লগত বিগত ৭০ ৰ দশকত তেওঁ নাজিৰাৰ নাট্য জগততো জড়িত হৈ পৰিছিল৷ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে মক্কিতুৰ ৰহমানক ইতিপূৰ্বে অসম নাট্য সন্মিলনী, নাজিৰা জিলা সাংবাদিক সন্থাকে ধৰি বহু অনুষ্ঠানে সম্বৰ্ধনাও জনাইছিল৷ দেশ, জাতি আৰু মাটিৰ কথা কোৱা চৰকাৰখনে দেশৰ মাটি আৰু জাতীয় সংস্কৃতিৰ  লগত জড়িত হৈ জীৱনৰ সোণোৱালী সময়বোৰ পাৰ কৰা মক্কিতুৰ ৰহমানৰ দৰে দুৰ্দশাগ্ৰস্ত স্বভাৱশিল্পীৰ প্ৰতি আওকাণ কৰা কাৰ্য্যই  চৰকাৰী মিথ্যাচাৰকেই যেন প্ৰতিপন্ন কৰিছে৷