শেহতীয়া খবৰ
Home / আঞ্চলিক / চিদলীত শিশু ধৰ্ষণ কাৰীক ফাঁচীৰ দাবীত মহিলাৰ প্ৰতিবাদী সমদল

চিদলীত শিশু ধৰ্ষণ কাৰীক ফাঁচীৰ দাবীত মহিলাৰ প্ৰতিবাদী সমদল

সঞ্জয়  সৰকাৰ, কাজলগাঁওঃ চিৰাং জিলাৰ চিদলীত সংঘটিত এক লোমহৰ্ষক শিশু ধৰ্ষণ ও হত্যা কাণ্ডৰ প্ৰতিবাদত আজি মহিলাসকলে প্ৰতিবাদী সমদল কাৰ্যসূচী গ্ৰহণ কৰি হত্যাকাৰীৰ ফাঁচিৰ দাবী তোলে। সংহত শিশু বিকাশ আঁচনিৰ অধীনত কৰ্মৰত জিলাখনৰ ৫ শতাধিক মহিলাই আজি চিদলী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা দিনৰ ১০ বজাত উলিওৱা উক্ত প্ৰতিবাদী সমদলটো চক্ৰ বিষয়াৰ কাৰ্যালয় তথা চিদলী থানা হৈ ৩১ নং (চি) ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হৈ পুনৰ ব্লক অফিচলৈ উভতি যায়। হাতে হাতে বেনাৰ ফেষ্টুন লৈ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা মহিলাসকলে একমুখে নাৰী নিৰ্যাতন বন্ধ কৰক, শিশু কন্যাৰ সুৰক্ষা সুনিশ্চিত কৰক, শিশু ধৰ্ষণ কাৰীক ফাঁচি দিয়ক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
উল্লেখ্য যে, যোৱা ১৪ মাৰ্চত চিদলীত দুৰ্বৃত্তই এটি আদিবাসী সম্প্ৰদায়ৰ ৪ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি নিৰ্মম হত্যাকাণ্ড সংঘটিত কৰিছিল। উক্ত শিশু হত্যাকাণ্ডত জড়িত প্ৰকৃত দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহাৰ দাবীত বিগত ৭২ ঘন্টা ধৰি আছা, এবছু, আছু , আক্ৰাছু, মহিলা সমিতিকে ধৰি বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰক্ষীয়ে দোষীক অতিশীঘ্ৰে কৰায়ত্ব কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও বিগত ৫ দিন অতিক্ৰম কৰাৰ পিছতো প্ৰকৃত দোষীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাত স্থানীয় লোক ক্ষোভিত হৈ পৰিছে।