শেহতীয়া খবৰ
Home / আঞ্চলিক / যোৰহাটত নিলম্বিত অগপ কৰ্মীৰ সংবাদমেল

যোৰহাটত নিলম্বিত অগপ কৰ্মীৰ সংবাদমেল

ডিজিটেল সংবাদ, যোৰহাটঃ বিজেপিৰ সৈতে অগপৰ মিত্ৰতাৰ সন্দৰ্ভত ক্ষোভিত হৈ যোৰহাটত অগপৰ কৰ্মীসকলে অগপৰ কার্যলয়ত তলা মাৰি প্ৰতিবাদ কৰাৰ পাছত কালি যোৰহাটৰ অগপৰ দুই কাৰ্যনিৰ্বাহক সদস্য নীৰেন শৰ্মা, হৰেশ ভূঞাক নিলম্বন কৰাৰ পাছত আজি নিলম্বিত অগপৰ কৰ্মীয়ে যোৰহাট প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰে। মিত্ৰতাৰ পাছত  অন্তঃকন্দলত বিধস্ত হৈ পৰিছে আঞ্চলিক দল অগপ। মিত্ৰজোঁটৰ বিৰোধীতা কৰি দলৰ নেতৃত্বৰ ৰোষত পৰা অগপৰ কেন্দ্রীয় কমিটিৰ সদস্য তথা দলটোৰ প্ৰতিষ্ঠাপক সদস্য নীৰেণ শৰ্মই আজি সংবাদমেলত দলটোৰ প্রতি ক্ষোভ উজাৰে। লগতে মহানগৰ সমিতিৰ দ্বীপেন হাজৰিকা, মহিলা পৰিষদৰ দিপাঞ্জলী বৰা, মহানগৰ সমিতিৰ উপদেষ্টা ৰাজা চক্ৰবৰ্তীৰ লগতে আৰু বহু দলটোৰ কৰ্ম কৰ্তা উপস্থিত থাকে। সংবাদমেলত অগপৰ কেন্দ্রীয় সমিতিৰ নীৰেণ শৰ্মাই ৮৫৫ জন শ্বহীদৰ ত্যাগৰ বিনিময়ত সৃষ্টি হোৱা অসম গণ পৰিষদ দলে গণতান্ত্রিক কেন্দ্রিকতা সম্পূৰ্ণ ৰূপে হেৰুৱাই পেলাইছে বুলি উল্লেখ কৰে। দলটোৰ নেতৃবৃন্দৰ সৈতে তৃণমূল পৰ্য্যায়ৰ কৰ্মচাৰী সকলৰ যোগসূত্ৰৰ অভাব বুলিও উল্লেখ কৰে।
বৰ্তমান অসম গণ পৰিষদ দল এটা ৭-৮ জনীয়া লোকৰ ক্লাৱলৈ পৰিণত হৈছে বুলি কয়। বিজেপিৰ সৈতে হোৱা মিত্ৰতা সম্পূৰ্ণ অগণতান্ত্রিক কিয়নো অকল মন্ত্ৰীত্ব আৰু ক্ষমতাৰ বাবে এই মিত্ৰতা হৈছে। দলটোৰ কেইজনমান ক্ষমতা লুভী নেতাই প্ৰতিখন জিলাৰে এচাম স্তাবকক সৈতে চুক্তি কৰি এই মিত্ৰতাৰ স্বাক্ষৰ কৰিছে। মিত্ৰতাৰ জড়িয়তে প্ৰত্যক্ষ ভাবে দলটোৰ নেতৃবৃন্দই অসমীয়াৰ জাতীয় চেতনা জলাঞ্জলি দি কেব ১৬ৰ সমৰ্থন কৰিছে বুলি  শৰ্মাই উল্লেখ কৰে। আনহাতে মনি মুগ্ধ মহন্তক কলিয়াবৰ সমষ্টিৰ পৰা অগপ দলৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী ৰূপে প্ৰতিদন্দিতা কৰাটোৱেই দলটোৰ  স্বৰূপ হে  উদঙাইছে বুলি তেওঁ উল্লেখ কৰে। এনেদৰে হঠাৎ অগপত যোগদান কৰি নিৰ্বাচন প্ৰাৰ্থীত্ব আগবঢ়াবৰ বাবে টিকট কেৱল কেশৱ মহন্তৰ ভাতৃ হোৱা সু বাদতে পাইছে বুলি উল্লেখ কৰে। আনহাতে বিজেপিয়ে কেশৱ মহন্ত আৰু অতুল বৰাক ব্লেকমেইলিংৰ  জড়িয়তে মিত্ৰতা কৰোৱাইছে বুলিও সন্দেহ প্ৰকাশ কৰিছে। কিয়নো ২০১৭ চনত অহা প্ৰলয়ংকাৰী বান পানীত ১১ আগষ্টৰ দিনা কলিয়াবৰত মথাউৰী  চিঙি বহু গাঁৱত প্লাবিত হৈছিল আৰু এই মথাউৰী নিৰ্মাণ কৰিছিল কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্তই। সেয়েহে অনুসন্ধানৰ পৰা হাত হাৰিবলৈও মিত্ৰতা কৰিবলৈ বাধ্য হৈছে বুলি নীৰেণ শৰ্মাই সন্দেহ প্ৰকাশ কৰিছে।
কৃষি ক্ষেত্রত হোৱা বহু কেলেংকাৰীৰ বাবে হয়তো অতুল বৰাক ব্লেইকমেইল কৰিছে বিজেপিয়ে বুলিও তেওঁ উল্লেখ কৰে। আনহাতে এই মিত্ৰতাৰ তীব্র বিৰোধিতা কৰাৰ বাবে মহানগৰ সমিতি বৰ্খাস্ত কৰা হৈছে বুলি সংবাদ মেলখনত উল্লেখ কৰাৰ লগতে তীব্র প্রতিক্রিয়া ব্যক্ত কৰে মহানগৰ সমিতিৰ দ্বিপেন হাজৰিকাই। মহিলা পৰিষদৰ দিপাঞ্জলী বৰাই মুষ্টিমেয় কেইজনমান মান ক্ষমতা লুভী নেতাৰ বাবে আজি দলৰ এই অৱস্থা হৈছেগৈ বুলি উল্লেখ কৰে। আনহাতে অগপৰ মহানগৰ সমিতিৰ উপদেষ্টা ৰাজা চক্ৰবৰ্তীয়ে তৃণমূল কৰ্মী সকলক দিশাহাৰা হৈ দল ত্যাগ নকৰিবলৈ আহ্বান জনায়। আনহাতে অগপ দলৰ হৰেশ ভূঞা সংবাদ মেলখনত উপস্থিত নাথাকে যদিও এক লিখিত বিবৃতিৰ দ্বাৰা তেওঁ এই মিত্ৰতাৰ জড়িয়তে অতুল বৰা,  কেশব মহন্ত আদি ৫-৬জন ব্যক্তিয়ে অগপ দলৰ কফিনত শেষ গজাল মাৰিবলৈ আগবাঢ়ি গ’ল বুলি উল্লেখ কৰাৰ লগতে বিজেপিয়ে অভিসন্ধি কৰি অগপ দলক নিহঃশ্ৰুহ কৰিবলৈ লৈছে আৰু এই কথা নেতৃবৃন্দই বুজি পোৱা নাই। প্ৰতিটো নিৰ্বাচনতে তৃণমূল কৰ্মীৰ চকুত ধুলি দি ৩০-৪০ কোটি টকাৰ ব্যৱসায় চলাই আহিছে বুলিও বিবৃতিত উল্লেখ কৰে। এই সংবাদ মেলৰ যোগেদি  দলটোৰ সকলো কৰ্মীকে আগন্তুক লোকসভা নিৰ্বাচন অ সহযোগ কৰিবৰ বাবে আহ্বান জনায়।