শেহতীয়া খবৰ
Home / আঞ্চলিক / দিল্লিত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

দিল্লিত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

জয়ী হ’লে বাতিল কৰিব নাগৰিকত্ব সংশোধনী বিধেয়ক
বান-গৰাখহনীয়াৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ এপ্ৰিল : লোকসভা নিৰ্বাচনক লৈ একপ্ৰকাৰ প্ৰস্তুতি তুংগত কৰি তুলিছে কংগ্ৰেছ দলে। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে কংগ্ৰেছ দলে। নিৰ্বাচনী ইস্তাহাৰত (http://manifesto.inc.in) টেগলাইন ৰখা হৈছে ‘কংগ্ৰেছ উইল ডেলিভাৰ’। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত বিশেষভাৱে স্থান লাভ কৰিছে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যাই। নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা অনুসৰি কংগ্ৰেছে উত্তৰ-পূবৰ ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰিব। ইয়াৰ উপৰি উত্তৰ-পূবৰ ৰাজ্যৰ কাৰণে থাকিব বিশেষ উদ্যম নীতি। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ আৱেগ-অনুভূতিৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পূৰ্ণৰূপে বাতিল কৰা হ’ব বুলি নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছে কংগ্ৰেছ দলে। ইয়াৰ উপৰি এন আৰ চিত যাতে কোনো ভাৰতীয় বাদ নপৰে সেয়া নিশ্চিত কৰাৰ বাবে অবৈধ প্ৰব্ৰজনকাৰীৰ সমস্যা আলোচনা কৰি সমাধান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে কংগ্ৰেছ দলে। প্ৰয়োজন হ’লে বাংলাদেশ-ম্যানমাৰৰ সৈতেও আলোচনা কৰা হ’ব বুলি নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰি আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষা অধিক শক্তিশালী কৰাৰ লগতে চুবুৰীয়া দেশৰ সৈতে সীমা বিবাদ সমাধান কৰা হ’ব বুলি ইস্তাহাৰত আশ্বাস প্ৰদান কৰে দলটোৱে।

আনহাতে উত্তৰ-পূবৰ ৰাজ্যৰ সৈতে চুবুৰীয়া দেশৰ সীমান্তৰে বাণিজ্য বঢ়োৱা হ’ব বুলি নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰি উত্তৰ-পূব পৰিষদক শক্তিশালী কৰাৰো আশ্বাস দিয়ে দলটোৱে। ৰে’ল, যোগাযোগ, পৰ্যটন, শিক্ষা, স্বাস্থ্যখণ্ডত অধিক আবণ্টনৰ পোষকতা কৰি উত্তৰ-পূবৰ জৈৱিক কৃষিক অধিক প্ৰাধান্য দিয়া হ’ব বুলি নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰে কংগ্ৰেছ দলে। ইয়াৰ উপৰি অত্যাধুনিক আৰু বিজ্ঞানসন্মত পদ্ধতিৰে ব্ৰহ্মপুত্ৰ খনন, বান-গৰাখহনীয়া সমস্যা সমাধান কৰা হ’ব বুলি নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কংগ্ৰেছ দলে। শ্ৰমিকৰ মজুৰি সুনিশ্চিত কৰাৰ উপৰি স্বায়ত্তশাসিত জিলাক অধিক অৰ্থনৈতিক ক্ষমতা প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰি আজি দিল্লীত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীয়ে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে। লক্ষণীয় যে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত পোন প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলক অধিক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে।
( Cr : বিশেষ প্ৰতিবেদন, দৈনিক গণ অধিকাৰ  | Dainik Gana Adhikar Election Special Report )