শেহতীয়া খবৰ
Home / আঞ্চলিক / পঞ্চতীৰ্থ হাজোৰ পৰাই ববিতা শৰ্মাৰ নিৰ্বাচনী ৰণডংকা

পঞ্চতীৰ্থ হাজোৰ পৰাই ববিতা শৰ্মাৰ নিৰ্বাচনী ৰণডংকা

মাধৱ মন্দিৰ-পোৱা মক্কাত আশিষ লৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ বাবে গুৱাহাটী সমষ্টিত ব্যাপক প্ৰচাৰ কাৰ্য আৰম্ভ হৈ পৰিছে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীসকলৰ। গুৱাহাটী সমষ্টিত মূল যুঁজ কংগ্ৰেছ আৰু বিজেপিৰ মাজত হোৱাটো একপ্ৰকাৰ নিশ্চিত। তেনে অৱস্থাত কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে।  কালি ববিতা শৰ্মাই মনোনয়ন-পত্ৰ দাখিল কৰাৰ পিছতে আজি পোন প্ৰথমে তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভণি পঞ্চতীৰ্থ নগৰী হাজোৰ পৰা কৰে। হাজো সমষ্টিৰ অন্তৰ্গত হাজো ব্লক কংগ্ৰেছৰ সকলো বিষয়ববীয়াৰ লগতে সমষ্টিৰ সকলো শুভাকাংক্ষীয়ে তেওঁক হাজোৰ চেঁচা অঞ্চলত উষ্ম আদৰণি জনায়। তাৰ পিছত তেওঁক এখন খোলা জীপগাড়ীত চেঁচা অঞ্চলৰ পৰা প্ৰথমে শ্ৰীশ্ৰীমাধৱ মন্দিৰ আৰু পোৱামক্কা দৰ্শন কৰি সমষ্টিৰ অন্তৰ্গত ২০খন পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন অঞ্চল  যেনে- নগেন ডেকা, বঙালতোলা, টোকৰাদিয়া, দামপুৰ শইকীয়াচুপা, লাহ, হালোগাঁও, বামুণদী, সোৱনচাহ, ক্ষেত্ৰীহাৰদিয়া, ৰামদিয়া হৈ ১০.৩০ বজাত  ৰামদিয়া ৰাস উৎসৱ ভৱনত কৰ্মীসভা। তাৰ  পিছত হাজো, কলিতাকুছি, আধিয়াৰপাৰা, বৰ্ণি, শনিয়াদি, কঁঠালঘোপা হৈ ১.৩০ বজাত কলিতাকুছি কালী মন্দিৰ প্ৰাংগণত কৰ্মীসভা। ২.৩০ বজাত হাজো ৰাজীৱ ভৱন প্ৰাংগণত এক সংবাদ মেলৰ আয়োজন কৰি আকৌ কলিতাকুছি, সাতদলা, বাগটা, একাদি, দিহিনা, বাৰাংহাটী, কয়া, বালিসত্ৰ, ধুহি হৈ ৪ বজাত পশ্চিম বড়িগোগ মৌজাত কৰ্মীসভা। তাৰ পিছত জাপিয়া, উখুড়া, বৰম্বৈ, মনাহকুছি, কুলহাটী হৈ ৬ বজাত কুলহাটী দুৰ্গা পূজা মণ্ডপ প্ৰাংগণত কৰ্মীসভা অনুষ্ঠিত কৰে।
দিনৰ ২ বজাত হাজো ৰাজীৱ ভৱন প্ৰাঙ্গণত অনুষ্ঠিত হোৱা সংবাদ মেলত তেখেতে এইবাৰ গুৱাহাটী লোকসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী কুইন ওজাক বিপুল ভোটৰ ব্যৱধানত পৰাস্ত কৰিব বুলি কোৱাৰ লগতে অহা ২৩ মে’ত হ’বলগীয়া ফলাফল ঘোষণাৰ জৰিয়তে কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ হোৱাটো নিশ্চিত বুলি কৈ ভাৰতৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী হোৱাটো ১০০ শতাংশ নিশ্চিত বুলি জনায় আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক তেওঁক দলীয় প্ৰাৰ্থিত্ব দি ৰাইজক সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনায়। সাংসদ নিৰ্বাচিত হোৱাৰ পিছত তেওঁ সংসদত প্ৰথমে নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে মাত মাতিব আৰু লগতে মহিলাক সকলো ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ বাবে দাবী উত্থাপন কৰিব আৰু অসমৰ জ্বলন্ত সমস্যাবিলাকৰ ওপৰত বিশেষভাৱে গুৰুত্ব দি সংসদৰ মজিয়াত দাবী উত্থাপন কৰিব বুলি জনায়। উক্ত সংবাদ মেলত তেখেতক সংগ দি যোৱা বিধানসভা নিৰ্বাচনৰ হাজো সমষ্টিৰ কংগ্ৰেছ দলৰ দলীয় প্ৰাৰ্থী তথা বৰ্তমানৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুলু আহমেদে জনায় যে গুৱাহাটীবাসী ৰাইজে এইবাৰ দলৰ সমান্তৰালকৈ প্ৰাৰ্থীগৰাকীৰ ক্ষেত্ৰতো বিশেষভাৱে এক গুৰুত্ব দিছে। সেই ফালৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী ববিতা শৰ্মা বিজেপি দলৰ প্ৰাৰ্থী কুইন ওজাতকৈ হিমালয় পৰ্বতৰ নিচিনাকৈ উচ্চ স্তৰত আছে। আমাৰ দলীয় প্ৰাৰ্থী ববিতা শৰ্মাৰ নম্ৰতা, ভদ্ৰতা, সৌন্দৰ্যতা, সৰলতা শিক্ষাগত অৰ্হতা– এই সকলো গুণ থকাৰ লগতে বিজেপি দলৰ প্ৰাৰ্থী কুইন ওজাৰ লগত কোনোপধ্যে তুলনাই কৰিব নোৱাৰি।
সংবাদমেলত দুলু আহমেদে জনায় যে ববিতা শৰ্মাৰ হাজোৰ ৰাইজৰ প্ৰতি এটা বিশেষ মৰম আছে আৰু হাজোৰ ৰাইজৰ লগতে সকলো কংগ্ৰেছ কৰ্মীয়ে সেই সন্মান এইবাৰ ভোটৰ জৰিয়তে দিব। সেই কাৰণে ববিতা শৰ্মাই প্ৰথম সভাৰ আৰম্ভণি সন্মানীয় হাজো সমষ্টিৰ পৰা কৰিছে। তেখেতে পঞ্চায়ত নিৰ্বাচনত দুবাৰকৈ আহি হাজো সমষ্টিত দলীয় সভা কৰি গৈছে আৰু পঞ্চায়ত নিৰ্বাচনত বিজেপি বিধায়ক, সাংসদ থকাৰ পিছতো আমি বিজেপি দলতকৈ প্ৰায় ১২ হাজাৰ ভোট বেছিকৈ পাইছোঁ। ববিতা শৰ্মাই হাজোৰ সকলো দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰোতে প্ৰায় ৫০ হাজাৰ ভোট পাইছিলো আৰু এইবাৰ ববিতা শৰ্মাই হাজো সমষ্টিৰ পৰা প্ৰায় ১ লাখৰ ওচৰত ভোট পোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ গৈছে। সংবাদ মেলত দুলু আহমেদে জনায় যে বৰ্তমান অসমত বিজেপি দলৰ কোনো অস্তিত্ব নাই। এইবাৰ বিজেপি দলে ১৪টা লোকসভা সমষ্টিৰ ৪টা অন্য দলক দিছে। বাকী ১০টা সমষ্টিৰ ৭গৰাকী প্ৰাৰ্থীয়ে কংগ্ৰেছ, অগপ, আছুৰ পৰা যোৱা। যেনে- কুইন ওজা, প্ৰদান বৰুৱা, পল্লৱ লোচন দাস, ৰূপক শৰ্মা, কৃপানাথ মাল্লা, তপন গগৈ। বিজেপি দলে ভাৰাতীয়া ব্যৰ্থ নেতাৰ দল চলাই আছে- যিবোৰ আমাৰ দলত জাবৰ হৈ আছিল। বিজেপি দলৰ বৰ্তমানৰ ৬গৰাকী সাংসদেই ব্যৰ্থ। এই কথা মই নহয,þ বিজেপি দলে প্ৰমাণ কৰি দিছে তেওঁলোকৰ প্ৰাৰ্থিত্ব কৰ্তন কৰি। সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাসে যিমানেই দম্ভালি নামাৰক কিয় আমি প্ৰায় ১০খন আসন পোৱাটো একপ্ৰকাৰ নিশ্চিত। আজিৰ এই যাত্ৰাকালত হাজো ব্লক কংগ্ৰেছৰ সভাপতি জিতেন্দ্ৰ ভৰালী, মহিলা সভানেত্ৰী পুতুলী মহন্ত, অনুসূচিত জাতিৰ সভাপতি ৰাতুল মালাকাৰ, সংখ্যালঘু বিভাগৰ অধ্যক্ষ ডেৰাজ খান, হাজো সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি মুকুল আহমেদ, সেৱাদল যুৱ ব্ৰিগেডৰ সভাপতি শ্বহীদ ছান, কামৰূপ জিলা কংগ্ৰেছৰ ৰমণী মালাকাৰ, মনচুব আলী, আনোৱাৰ হুছেইন, তাজুদ্দিন আহমেদ, সৰকাৰ আলী, মুকিব আহমেদ, তয়ব আলী, দীপালী ডেকা, হবিবুৰ ৰহমান, জিলা পৰিষদৰ সদস্য ৰুবুল আলী, সুমিতা মজুমদাৰ, অজিত দাস আদি উপস্থিত থাকে।
( Cr : বিশেষ প্ৰতিবেদন, দৈনিক গণ অধিকাৰ  | Dainik Gana Adhikar Election Special Report )