শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / ব’হাগৰ পথাৰত ‘শেলুক’ বিচৰাৰ আনন্দ

ব’হাগৰ পথাৰত ‘শেলুক’ বিচৰাৰ আনন্দ

✍️ মীৰা দত্ত চৌধুৰী

বিৰিখৰ কুঁহিপাতে, কুলিৰ সুৱদি মাতে, বৰদৈচিলাই ৰঙালী বিহুৰ আগলি বতৰা কঢ়িয়ায় । ঢোল-পেঁপা-গগনাৰ মাতে ডেকা-গাভৰুৰ মন বলিয়া কৰে। আকাশত বিজুলীয়ে নাচে। মেঘে দুন্দুভি বজায়। ধৰালৈ বৰষুণ নামে। মাটি জীপাল হয়। পথাৰ গাভৰু হয়। মোৰ আদ্বয়সীয়া মনৰ দাপোণত তাহানিৰ যৌৱন কালৰ ৰঙালী বিহুৰ বিভিন্ন ছবিয়ে অগা-ডেৱা কৰে। বিহুৰ আগমনৰ লগে লগে চকু মুদি মই সেই ৰসাল ছবিৰ ৰস পান কৰোঁ নীৰৱে, নিটালে, একান্ত মনে। ব্যাকুল মন উৰা মাৰে শৈশৱ আৰু যৌৱন কালৰ সেই ‘বৈহাগ বিহু’ত কৰা ৰং-ৰহইচৰ সুধা পান কৰিবলৈ।
একুৰি পাঁচ বছৰ কটাইছিলো ওপজা ঠাইত। নামনি অসমৰ পাঠশালাত । উজনিৰ ৰঙালী বিহু আৰু নামনিৰ ৰঙালী বিহু উদ্যাপনৰ পাৰ্থক্য থকাটো সৰ্বজনবিদিত। সেই পাৰ্থক্য তাহানিৰ দিনত আৰু ব্যাপক আছিল। পাঠশালাত ১৯৮৩ চনলৈ জাকজমকতাৰে মঞ্চবিহু উদ্যাপিত হোৱা নাছিল। বিহুৰ বতৰত পাঠশালা নগৰ আৰু তাৰ আশে-পাশে দিনৰ ভাগত বিভিন্ন খেল-ধেমালি আৰু সন্ধিয়া বিহুগীত, লোকগীত, বৰগীত আদিৰ লগতে মৌকুঁৱৰী, সৰুদৈচিলা, বৰদৈচিলা আদিৰ প্ৰতিযোগিতা হৈছিল। ১৯৮৩ চনৰ পৰা বজালী হাইস্কুলৰ খেলপথাৰত দিনৰ ভাগত মুকলি বিহু আৰু হৰি মন্দিৰ প্ৰাংগণত বিহুকুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল । বিহু উপলক্ষে অনুষ্ঠিত হোৱা বিভিন্ন গানৰ প্ৰতিযোগিতাত অংশ লৈ মই প্ৰায়েই পুৰস্কাৰ পাইছিলো।
আমাৰ ঘৰত গৰু নাছিল। তৎসত্ত্বেও গৰু বিহুৰ দিনা গৰু পোহা প্ৰতিবেশীৰ ঘৰলৈ গৈ গৰুৰ শিঙত মিঠাতেল ঘঁহিছিলো, লাউ-বেঙেনাৰ মালা গাঁথি গৰুক পিন্ধাইছিলোঁ, দীঘলতিৰে গৰুক মৃদুভাৱে কোবাই কোবাই আওৰাইছিলোঁ– দীঘলতি দীঘল পাত গৰু কোবাওঁ জাত জাত… , ঘৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰৈৰ টুৰকুনি জানলৈ গৈ গৰুক গা ধুওৱাৰ আনন্দ উপভোগ কৰিছিলোঁ। মাহ-হালধি সানি গা ধুইছিলোঁ। দুপৰীয়া আই বা খুৰীয়ে ‘মাৰ ধুই’ চোতালৰ তাঁৰত মেলি দিয়া শুকান ‘বিহান’ (বিহুৱান) দীঘল লাঠি এডালেৰে তুলি লৈ এখন এখনকৈ আমাৰ গাত দিছিল। আবেলিৰ পৰা সন্ধিয়ালৈ সমনীয়াৰ লগত ‘টকা’ আৰু ‘খুঁটিতাল’ বজাই চুবুৰিটোৰ মানুহৰ ঘৰে ঘৰে গৈ বিহু নাচিছিলোঁ। বিহু নাচি সংগ্ৰহ কৰা ধনেৰে কোনোবা সমনীয়াৰ ঘৰত এদিন ‘খানা’ খাইছিলো। সাত বিহুৰ দিনা আমি জাক পাতি ‘সাত-শাকেতি’ তুলিছিলো, ‘সাত-শাক’ খাইছিলো। আমাৰ বিহুৰ আনন্দ তাহানি এই ধৰণৰেই আছিল।
ব’হাগৰ স্মৃতি বিজড়িত আন এটা কথাই মোক আজিও আমনি কৰে । ‘সাত-বিহু’ৰ ‘সাত-শাকেতি’ৰ দিনা আমি কেইজনীমান সমনীয়াই হাতত খন্তি লৈ দল বান্ধি গাঁৱৰ উত্তৰফালে ৰে’ল লাইনৰ কাষত থকা পথাৰখনত ঘূৰি ফুৰোঁ। উদ্দেশ্য—‘শেলুক’ বিচৰা । পথাৰৰ মাটি খান্দি আমি ক’লা ক’লা ‘শেলুক’ উলিয়াওঁ । কোঁচ ভৰাই ‘শেলুক’ তুলি পথাৰতে বোকা-বালি লাগি থকা কেইটামান খাই ঘৰলৈ ওভতো। ঘৰত কেঁচাই খোৱাৰ উপৰি জুইৰ ওপৰত থকা ধানৰ কেৰাহীত দি সিজাই খাওঁ। বহুদিনলৈ সেই ‘শেলুক’ আচলতে কি জনা নাছিলো। পিছত গম পালো— ‘শেলুক’ হ’ল ‘ভেট ফুল’ৰ গুৰিত হোৱা বীজ। যাক কোৱা হয় ‘কন্দ’ বা ‘টেপু’ বুলি । নীলা ৰঙৰ ‘ভেট’ ফুলো আছে যদিও বেছিভাগৰে ৰং ৰঙা আৰু বগা। খাল-বিল, পানী জমা হৈ থকা দ পথৰুৱা ঠাই, হোলা আদিত এই জলজ ফুলবিধ গজে আৰু বাৰিষা কালত ফুলে। গছৰ গুৰিত মাটিৰ তলত হোৱা কন্দবোৰ চ’ত- ব’হাগ মাহত পূৰঠ হয় । ‘শেলুক’ৰ ঔষধি গুণো আছে । এই জলজ উদ্ভিদবিধৰ ফুল আৰু বীজে (শেলুক) দেহা স্নিগ্ধ কৰাৰ লগতে শীতল কৰি ৰাখে। ই পিত্ত প্ৰশমক, হৃদযন্ত্ৰৰ শক্তি বৃদ্ধিকাৰক, তৃষ্ণা নিবাৰক। প্ৰস্ৰাৱ জ্বলা-পোৰা, আমাশয় আৰু পেট ফুলা ৰোগত উপকাৰী। ভেট ফুলৰ ঠাৰি পাচলি হিচাপে খাব পাৰি। ঠাৰিৰে ৰন্ধা মাছৰ আঞ্জা বৰ সুস্বাদু হয়। ব’হাগ মাহত পথাৰত ‘শেলুক’ বিচৰাৰ সেই স্মৃতি আজিও চকুৰ আগত ভাহি উঠে। তাহানি শেলুক বুটলা সেই পথাৰখনত আজি ভেটফুল নাই, শেলুক নাই, শেলুক বিচৰা মানুহ নাই। মুকলি পথাৰখনো নাই। পথাৰখন ডাঙৰ ডাঙৰ অট্টালিকাৰে ভৰি পৰিল। ঘৰলৈ গ’লে তাহানিৰ পথাৰখনৰ আজিৰ ৰূপ দেখিলে মনটো সেমেকি উঠে। পথাৰত ৰঙা-বগা-নীলা ভেটফুল ফুলি থকা মন-প্ৰাণ জুৰোৱা দৃশ্য নেদেখি এতিয়া মন বেয়া লাগে । চৈধ্য বছৰীয়া আমাৰ ছোৱালীজনীয়ে ‘শেলুক কি বস্তু মা·’ বুলি সোধা প্ৰশ্নটোৰ উত্তৰ দিওঁতে মোৰ খোকোজা লাগে, মনত দুখ লাগে।

মীৰা দত্ত চৌধুৰী

ফোন ঃ ৭০০২৮-০৭৬১৫