শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / বিহু গীত প্ৰেমৰ গীত

বিহু গীত প্ৰেমৰ গীত

✍️  মাইনা গোস্বামী

সৌন্দৰ্য আৰু মাধুৰ্যৰ ফালৰ পৰা অসমীয়া সাহিত্য বিহু গীতবোৰৰ এটা সুকীয়া অস্তিত্ব আছে।ভাৱৰ আদান -প্ৰদান,সুমধুৰ ছন্দ সজ্জাৰ মধুৰতা সহজ সৰলতা আৰু অকৃত্ৰিমতাই গীতবোৰত সৌন্দৰ্য আৰু মাধুৰ্য দান কৰিছে।বৰ্তমান সময়ত যুগৰ পৰিবৰ্তন হৈছে।কৃষিজীৱী জীৱনৰ স্থায়িত্ব আৰু নিশ্চিন্ততাৰ পথাৰত ছাঁ পৰিছে মালিকীস্বত্ব ভৰা শিল্প যুগৰ স্থায়িত্বহীনতা আৰু নিৰাশাৰ।পথাৰ আৰু কৃষকৰ মাজতে সংঘাট উপস্থিত হৈছে। যুগৰ বিবৰ্তনৰ বাবে বিহু বিৰ্তকৰ মাজত সোমাই পৰিছে।বিহু হল জাতীয় প্ৰতীক ।বাপটি সাহোন বিহুটিয়ে আনে চহা কৃষিজীৱী মানুহৰ আশা আৰু আনন্দৰ প্ৰতীক তথা দেহ আৰু মনৰ জড়তা ভঙাৰ উৎসৱ হে।বিহুৰ পদুলি উদুলি মুদুলি।বিহুৰ বতৰতে দুৰত থকা পাহাৰ, প্ৰকৃতিৰ নতুন সাজ।বিৰিণা খাগৰিৰ আঁৰে আঁৰে নৈ আৰু আৰু বিলবোৰৰ ফটফটীয়া পানীৰ ৰঙে ৰঙে লাজে লাজে মৰে।সেয়েহে বিহু গীতত উল্লেখ আছে–
চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি
ফুলিলে ভেবেলী ল’তা।।
বিহু গীতবোৰত একোটা ভাবৰ প্ৰ কাশ হয়। এই বিহুটিতে বিহু বলিয়া ডেকা গাভৰুৰ মনত প্ৰেমৰ ভাৱ জাগি উঠে। প্ৰকৃতিৰ প্ৰাণ উতলা কৰাৰ পৰিবৰ্তেন সাংসাৰিক জীৱ জন্তুৰ প্ৰাণটো প্ৰতিক্ৰিয়াকৰে। বসন্তৰ পৃথিৱী তৰু তৃণেৰে ভৰি পৰাৰ লগে লগে কুলি কেতেকীৰ মধুৰ কণ্ঠই ৰূপৰ বহন চৰাই।ডেকা গাভৰুৰ চেঙেলিয়া মন উৰু উৰু কৰে প্ৰাণ দুৰু দুৰু কপে। বিহু গীত বোৰ প্ৰধানকৈ শৃঙ্গাৰ ৰসাত্মক। ইয়াত সঞ্চাৰী ভাৱৰ প্ৰকাশ হয়।প্ৰকৃতিৰ প্ৰায় সৰহসংখ্যতে প্ৰেমৰ সান মিহলি ৰঙেৰে ৰঙালী বিহুগীত বোৰতে যৌৱনে গচকা ডেকা-গাভৰুৰ প্ৰাণত প্ৰেমৰ সঞ্চাৰ তুলিডেকা গাভৰু হঁতৰ সুপ্ত সৌন্দৰ্যবোধ জগাই তুলি নৱ যৌৱন আনি দিয়ে। সেই বিষয়ে বিহু গীতত উল্লেখ আছে–
চকুৱে চকুৱে কি চোৱা লাহৰী
মই চালে তলমুৰ কৰা
তুমি নেমাতিলেও মাতিব পাৰো মই
জানোছা কেতেৰামাৰা।।
প্ৰেমে চঞ্চল কৰা ডেকা -গাভৰুৰ মন ঘৰতো নবহে পথাৰতো নবহে। প্ৰেম গাঢ় হৈ উঠাৰ লগে লগে প্ৰেমিকাৰ সান্নিধ্য বিচাৰি প্ৰেমিকৰ মন থৌকি বাথৌ হৈ সাত আঠখন হয় গৈ। ইজনে সিজনক এদিন নেদেখিলে এনে লাগে যেন এটা যুগ হে দেখা হোৱা নাই। সেয়েহে বিহুগীতত উল্লেখ আছে। হাঁহ হৈ পৰিম গৈ তোমাৰ পুখুৰীত,পাৰ হৈ পৰিমগৈ চালত। ঘাম হৈ সোমাই যাম তোমাৰ শৰীৰত, মাখি হৈ চুমা দিম গালত। সেইদৰে
পুৱা ঐ নেদেখো তোমাক ঐ লগৰী
গধুলি নেদেখি মৰো
দিনত ঐ এবেলি তোমাক ঐ নেদেখি
গাৰে পোৰণিতে মৰো।
মিলনৰ সম্ভাৱনা নেদেখিলে আৰু ইখন ঘৰে আনখন ঘৰক পচন্দ নকৰিলে বিেচ্ছদৰ জ্বলা যন্ত্ৰনাই প্ৰেমিক-প্ৰেমিকাৰ অন্তৰখন পুৰি মাৰে।
ধনশিৰি দলংখন ভেটিেলঐ চেনাইকণ।
লোহাৰে ঐ শলখা মাৰি,
তোমাকে ঐ আমাকে ভেটিলে ঐ সমাজে
দুটি দেহা দুফাল কৰি।
আনফালে জনমে জনমে শুনিব নোৱাৰা থুৰীয়া তামোলৰ ধাৰ চেনায়ে চেনেহীয়ে দিয়া উপহাৰ মন কৰিব লগীয়া-শুৱায় কি নুশুৱাই সোণৰ পোৱালমণি।
বনিয়াই বনিয়াই বনিয়াই চাওঁ
শুৱাই কি নুশুৱাই মোৰ ধন চেনাইক ঐ
পিন্ধাই আগে গুৰি চাই।
উপহাৰ আনোতে চেনায়ে দুৰণি দেশৰ পৰা সহজে বিচাৰি নোপোৱা বস্ত আনি দিম বুলি মনতে ভাৱি থাকে চেনাইলৈ-কপৌফুল,পালোগৈ বিচাৰি, চতাই পৱৰ্তৰ টিনা। কলা চোলাই নুশুৱায় তোক ঐ সাদৰি বগা চোলাই নুশুৱায় তোক, ৰংপুৰ জিলাতে আছে ৰঙা চোলা আনি দিম তোক। প্ৰেমাসক্ত ডেকা-গাভৰুৰ আনৰ প্ৰতি ভালপোৱা থকা বুলি জানিলে ঠেহ ,অভিমান,বেজাৰেৰে মন ভৰি পৰে।এই কথাবোৰে বিহুগীতত সুন্দৰভাবে উল্লেখআছে–
ভিতৰি ভিতৰি লোকলৈ পীৰিতি,
মোৰ লগত চুপতি মাৰা,
আগতে নেজানো এতিয়া জানিছো,
তোমাৰো দুফলীয়া মন।।
এনেদৰে বিহুগীতসমূহ গভীৰ ভাৱে বিশ্লেষণ কৰি চালে দেখায়ায় যে- বিহুগীতবোৰৰ মাজেৰে প্ৰেমৰ সঞ্চাৰ, বিকাশ, বিৰহ, বিভিন্ন ৰসৰ সঞ্চাৰ হয়। প্ৰথম চকুৰ চাৱনিতে প্ৰেম হলেও বিহুৱা ডেকা গাভৰুৰ প্ৰেম স্থায়ী হয়। ইয়াত আছে আন্তৰিকতা, গভীৰতা আৰু গভীৰতা। বিহুগীত প্ৰেম পীৰিতিৰ গীত। ইয়াৰ লগতে শোক তাপ জ্বলা যন্ত্ৰণা থাকে। সেই যন্ত্ৰণাত অতীস্থ হৈ মন উঠলি উঠে।
খনি খনি কৰি তামোল কাটি দিছিলা
মাজতে দিছিলা লং
মোলৈ আহিম বুলি কাপোৰ ধুই দিছিলা
মনতে দিছিলা ৰং।
বিহুগীত বোৰত অসমীয়া গাঁৱলীয়া জীৱনৰ শিল্প চৰ্চ্চাৰ কাহিনী যাউতিয়ুগমীয়া হৈ থাকিৱ। মৌখিক গীত সমূহ প্ৰায় লুপ্ত হৈ আহিছে যদিও অসমীয়াৰ বাপটি সাহোন বিহুৰ স্বকীয়তা আমিয়ে ৰাখিৱ লাগিব।

✍️  মাইনা গোস্বামী |  ফোন নং- ৯৭০৭৫৭২২৩৮ )