শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / নৰেন্দ্ৰ মোদীয়ে দেশৰ ভাষা-সংস্কৃতিত আঘাত কৰিছে : ৰাহুল গান্ধী

নৰেন্দ্ৰ মোদীয়ে দেশৰ ভাষা-সংস্কৃতিত আঘাত কৰিছে : ৰাহুল গান্ধী

                                                                                                                                                                                              

ৱাইনাড, ৪ এপ্ৰিল : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে। সমাগত লোকসভা নিৰ্বাচন উপলক্ষে বাইনাড়ত এক সমদলত অংশ গ্ৰহণ কৰি কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে বিজেপিক সমালোচনা কৰি কয় যে, নৰেন্দ্ৰ মোদীয়ে দেশৰ ভাষা-সংস্কৃতিৰ ওপৰত আঘাত কৰিছে। দেশৰ সাধাৰণ জনসাধাৰণক সুৰক্ষা দিয়াৰ বিপৰিতে পূজিপতিৰ চকীদাৰ হৈছে নৰেন্দ্ৰ মোদী। দেশৰ গৰীৱক সম্পূৰ্ণৰূপে ধবংস কৰাৰ নিমিত্তে পূজিপতিক ৰঙা দলিচা পাৰি মুনাফা আদায় কৰিছে নৰেন্দ্ৰ মোদীয়ে। যদিহে আগন্তুক সময়ত নৰেন্দ্ৰ মোদীয়ে সাশনৰ গাদীত আহে তেতিয়াহ’লে দেশ নাবাছিব। আগন্তুক সময়ত কংগ্ৰেছৰ পক্ষত সকলো জনসাধাৰণক ভোট দিয়াৰ আহবান জনায় ৰাহুল গান্ধীয়ে কয় যে, দেশৰ নিবনুৱা সমস্যা সমাধানকে ধৰি ভাৰতক উন্নয়নৰ শিখৰত নিয়াৰ বাবে কংগ্ৰেছৰ প্ৰয়োজন। বাইনাড়ত ২৩এপ্ৰিলত অনুষ্টিত হ’ব লগা ভোটদান পৰ্বত ৰাইজক কংগ্ৰেছৰ পক্ষত ভোট দিয়াৰ পুনৰ আহবান জনায় কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে। ইপিনে কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীয়েও অংশ গ্ৰহণ কৰে।

আনহাতে ৰাহুল গান্ধীৰ সমদলত জনতাৰ সোত বোৱাত এজন সাংবাদিক আহত হ’বলগীয়া হয়। আৰক্ষীৰ বেৰীকেট ভাঙি জনতাই ৰাহুলৰ সমদলত অংশ গ্ৰহণ কৰাৰ বাবে আহে। ৩৪৯ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা কংগ্ৰেছ দলৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে এইবাৰ দুখনকৈ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। উত্তৰ প্ৰদেশৰ আমেথি লোকসভা সমষ্টিৰ পৰা ২০০৪ চনৰ পৰা ক্ৰমান্বয়ে তৃতীয়বাৰলৈ জয়লাভ কৰে ৰাহুল গান্ধীয়ে। পুনৰ আমেথিৰ পৰা ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাত দলৰ কৰ্মী উৎফুল্লিত হৈ পৰে পিছে ৰাহুল গান্ধীৰ প্ৰতিদ্বন্দ্বি হিচাপে বিজেপিয়ে আগবঢ়ায় স্মৃতি ইৰাণিক। ২০১৪চনৰ লোকসভা নিৰ্বাচনত ৰাহুলে স্মৃতি ইৰাণিক ১.০৭লাখ ভোটৰ ব্যৱধানত হৰুৱাই আমেথি দখল কৰে ৰাহুল গান্ধীয়ে। পিছে ২০০৯ চনৰ তুলতান ২০১৪ চনত ৰাহুলে কম সংখ্যক ভোটৰ ব্যৱধানত জয় লাভ কৰে। ২০০৯ চনত ৰাহুল গান্ধীয়ে ৩.৭০ লাখ ভোটত জয় হ’বলৈ সক্ষম হৈছিল। পিছে ২০১৯চনৰ লোকসভা নিৰ্বাচনত আমেথি কোনে দখল কৰিবলৈ সক্ষম হয় সেয়া সময়ে ক’ব।