শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / বিতৰ্কত ৰাজ্যপাল কল্যাণ সিঙৰ বিজেপিৰ হৈ প্ৰচাৰ

বিতৰ্কত ৰাজ্যপাল কল্যাণ সিঙৰ বিজেপিৰ হৈ প্ৰচাৰ

নিৰ্বাচন আয়োগৰ মৌনতা সন্দেহৰ আৱৰ্তত

জমিৰ উদ্দিন তালুকদাৰ
নিৰ্বাচন আয়োগৰ কেতবোৰ কাম-কাজক লৈ সাধাৰণ মানুহৰ সন্দেহ উপজিছে । এক বিৰাট প্ৰশ্নবোধক চিহ্নৰ আৱৰ্তত সোমাই পৰা নিৰ্বাচন আয়োগে পূৰ্বৰ গৰিমা হেৰুৱাই পেলাইছে নেকি · সঁচাকৈয়ে নিৰ্বাচন আয়োগ স্বতন্ত্ৰ আৰু নিৰপেক্ষ নহয় নেকি· আমি এটা সময়ত নিৰ্বাচন আয়োগৰ মুৰব্বী হিচাপে ডঃ এছ ৱাই কুৰেশ্বী, এম এছ গিল, জে এম লিংডোৰ নাম শুনিছিলোঁ । তেওঁলোকৰ কাম-কাজ, নিৰপেক্ষতাৰ ওপৰত কোনেও প্ৰশ্ন উত্থাপন কৰিব পৰা নাছিল। আজি প্ৰতিটো বিৰোধী ৰাজনৈতিক দলে নিৰ্বাচন আয়োগৰ স্বচ্ছতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ এক পৰিৱেশ দেশত আহিছে । আয়োগেও এনে কিছুমান কাম কৰে, যাৰ দ্বাৰা আয়োগ নিজেই প্ৰশ্নৰ মাজত সোমাই পৰে। নিৰ্বাচন আয়োগক লৈ দেশৰ বিৰোধী দলে উত্থাপন কৰা প্ৰশ্নবোৰ একেবাৰে তথ্যহীন নহয়। সংবাদ সংস্থাৰ বাতৰি মতে যোৱা ২৩ মাৰ্চত ৰাজস্থানৰ ৰাজ্যপাল কল্যাণ সিঙে উত্তৰ প্ৰদেশৰ আলীগড়ত থকা নিজ বাসভৱনত বিজেপিৰ দলীয় কৰ্মীসকলৰে হোৱা এক আলোচনাত নিজকে এজন বিজেপি ‘কৰ্মকৰ্তা’ বুলি জাহিৰ কৰে। কেৱল সেয়াই নহয়, কল্যাণ সিঙে বিজেপি কৰ্মীসকলক উদ্দেশ্যি কয়- ‘সকলোৱে বিচাৰি আছে যে কেন্দ্ৰত পুনৰবাৰ মোদীজীৰ চৰকাৰ হওক। মোদীক প্ৰধানমন্ত্ৰী বনোৱা দেশৰ বাবে আৱশ্যক, সমাজৰ বাবে আৱশ্যক।’ এয়া আছিল এজন ৰাজ্যপালৰ বক্তব্য। আমি জনা মতে বা সৰ্বসাধাৰণে জানে যে ৰাজ্যপালৰ পদবীটো সাংবিধানিক। ভাৰতৰ সংবিধানৰ ১৫৩ দফা অনুযায়ী ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। মানে ৰাজ্যপালগৰাকী ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি। সেয়ে ৰাজ্যপালসকল নিৰপেক্ষ আৰু ৰাজনৈতিক দলৰ আদৰ্শৰে পৰিচালিত হ’ব নালাগে। কিন্তু কল্যাণ সিঙৰ দৰে ব্যক্তিয়ে ৰাজ্যপালৰ পদমৰ্যাদা লাঘৱ কৰি বিজেপি দলৰ হৈ প্ৰচাৰ কৰা বিষয়টোৱে সকলোকে চিন্তিত কৰি তুলিছে। তেওঁৰ এই কাৰ্যৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক অভিযোগ দিয়া হৈছে ।
প্ৰকাশিত বাতৰি অনুযায়ী নিৰ্বাচন আয়োগেও ৰাজ্যপাল গৰাকীয়ে তেওঁৰ পদমৰ্যাদা অৱনমিত কৰা বুলি গণ্য কৰে আৰু আয়োগে এই সন্দৰ্ভত যথাবিহিত পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দলৈ পত্ৰ লিখিব বুলি জনা গৈছে। পত্ৰ লিখিল নে নিলিখিল সেয়া এতিয়াও জনা হোৱা নাই। সাংবিধানিক মুৰব্বী পদত অধিষ্ঠিত এজন ব্যক্তিয়ে কোনো ৰাজনৈতিক দলৰ হৈ প্ৰচাৰ কৰিব পাৰেনে · যিহেতুকে ৰাজ্যপাল কল্যাণ সিঙে ভাৰতৰ সংবিধানৰ দফা ১৫৯ অনুযায়ী ‘I Kalyan Singh do swear in the name of God that I will faithfully execute the office of Governor of Rajastan, and will to the best of my ability preserve, protect and defend the Constitution and the law and that I will devote myself to the service and well-being of the people of Rajastan’ বুলি শপত খাইছিল। সাংবিধানিক পদৰ শপত লোৱা এজন ব্যক্তিয়ে এটা ৰাজনৈতিক দলৰ হৈ প্ৰচাৰত অংশ লোৱা ঘটনাই তেওঁৰ পদমৰ্যাদা লাঘৱ কৰিছে। এনেবোৰ ঘটনা হৈ যোৱাৰ পিছতো আমাৰ দেশৰ নিৰ্বাচন আয়োগে হাত সাবটি বহি থকা ঘটনা দেশৰ বাবে, দেশৰ সংবিধানৰ বাবে ক্ষতিকাৰক। জুলাই, ১৯৯৯ চনৰ ঘটনা । তেতিয়াৰ শিৱসেনাৰ মুৰব্বী বালা চাহেব থাকৰেই ভোটাৰক কেন্দ্ৰ কৰি এক বিবাদিত বক্তব্য ৰাখিছিল। লগে লগে ঘটনাটো নিৰ্বাচন আয়োগৰ দৃষ্টিগোচৰ হোৱাত বাল থাকৰেক ছয় বছৰৰ বাবে ভোটাধিকাৰৰ পৰা বিৰত ৰাখিছিল। ১৯৯০ চনৰ ঘটনা। তেতিয়াৰ হিমাচল প্ৰদেশৰ ৰাজ্যপাল আছিল কংগ্ৰেছ নেতা প্ৰয়াত গুলশ্বেৰ আহমেদ। গুলশ্বেৰ আহমেদে নিজৰ সাংবিধানিক পদমৰ্যাদা লাঘৱ কৰি তেওঁৰ পুত্ৰ ছৈয়দ আহমেদৰ হৈ মধ্য প্ৰদেশৰ চাতনা লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত অংশ লৈছিল। সেই খবৰ নিৰ্বাচন আয়োগে পোৱা মাত্ৰকে আয়োগে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাত ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল গুলশ্বেৰ আহমেদে । কল্যাণ সিঙৰ ক্ষেত্ৰত কি হ’ব· নিৰ্বাচন আয়োগে নিজৰ ওপৰত থকা মানুহৰ সন্দেহ আঁতৰাবলৈ কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় বিষয় হৈ পৰিছে । দেশৰ ৰাষ্ট্ৰপতিয়েও বিষয়টো নিজৰ এক্তিয়াৰত লৈ কল্যাণ সিঙৰ দৰে ব্যক্তিক ৰাজ্যপাল পদৰ পৰা আঁতৰাই জনমানসত সৃষ্টি হোৱা সন্দেহ দূৰ কৰিব লাগে।
( ফোন ঃ ৮০১১৪-৮৫৩৩৭ )