শেহতীয়া খবৰ
Home / আঞ্চলিক / কংগ্ৰেছ ক্ষমতালৈ আহিলে বাতিল হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক

কংগ্ৰেছ ক্ষমতালৈ আহিলে বাতিল হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক

বলক্ষেত্ৰীত ববিতা শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

গণ বাৰ্তা, চামতা, ৪ এপ্ৰিল :
অসমীয়াৰ আৱেগ, অনুভূতি তথা জাতীয় সত্তাৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক কংগ্ৰেছে কোনোপধ্যেই মানি নলয়। কংগ্ৰেছ ক্ষমতালৈ আহিলে প্ৰাথমিক পৰ্যায়তে  বিধেয়কখন বাতিল কৰা হ’ব । ইতিমধ্যে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে উক্ত বিষয়ত নিজৰ স্থিতি স্পষ্ট কৰি সদম্ভে ঘোষণা কৰিছে । কিন্তু ইয়াৰ বিপৰীতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিকোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে । জাতিসত্তাৰ প্ৰতি ভাবুকি অহা যিকোনো অপকৰ্মৰ বিৰুদ্ধে আমি অতন্দ্ৰ প্ৰহৰী হৈ থাকিম। – এই মন্তব্য গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ববিতা শৰ্মাৰ । ববিতা শৰ্মাৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত প্ৰাৰ্থীগৰাকীয়ে আৰু কয় যে বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশংলঘী মূল্যবৃদ্ধি হোৱা বুলি কয়। বিজেপিয়ে কেতিয়াও দুখীয়া-নিছলাৰ কথা চিন্তা নকৰে বুলিও কয় । আনহাতে প্ৰাৰ্থীগৰাকীয়ে সাংসদ বিজয়া চক্ৰৱৰ্তীক মাতৃতুল্য বুলি অভিহিত কৰি কয় যে ধাৰাবাহিক দহ বছৰীয়া কাৰ্যকালত বিজয়া চক্ৰৱৰ্তীয়ে একো উন্নয়ন নকৰিলে। আনহাতে লোকসভা সমষ্টিটোৰ অন্তৰ্গত অন্যতম বিধানসভা সমষ্টি বৰক্ষেত্ৰীৰ দলীয় কৰ্মীসকলে আদৰণি জনাইছে ববিতা শৰ্মাৰ প্ৰাৰ্থিত্বক । বিগত দহ বছৰে বিজেপিৰ দখলত থকা সমষ্টিটো এইবাৰ কংগ্ৰেছৰ দখললৈ অহাৰ নিশ্চয়তা প্ৰকাশ কৰি বৰক্ষেত্ৰীৰ পৰা সৰ্বাধিক ভোট প্ৰদান কৰিব বুলিও দাবী কৰিছে । উল্লেখ্য যে বিগত পঞ্চায়ত নিৰ্বাচনত নলবাৰী জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ ভিতৰত নলবাৰী আৰু ধৰ্মপুৰত শাসকীয় বিজেপি দলে চমকপ্ৰদ সফলতা অৰ্জন কৰিছিল যদিও বৰক্ষেত্ৰী সমষ্টিত আশানুৰূপ ফলাফল দেখুৱাব পৰা নাছিল। বৰক্ষেত্ৰী কংগ্ৰেছে দাবী কৰা অনুসৰি ক্ৰমান্বয়ে সমষ্টিটোত বিজেপিৰ ভেটি দুৰ্বল হৈ আহিছে আৰু লোকসভা নিৰ্বাচনত ইয়াৰ বহিঃপ্ৰকাশ ঘটিব । ইতিমধ্যে ববিতা শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰাত অধিক উৎফুল্ল হৈ পৰিছে বৰক্ষেত্ৰী কংগ্ৰেছ শিবিৰ। বৰক্ষেত্ৰীৰ দলীয় কৰ্মীসকলৰ লগত প্ৰাৰ্থীগৰাকীয়ে সঘনে মিলিত হৈ প্ৰস্তুত কৰিছে বিভিন্ন ৰণকৌশল। আনহাতে বৰক্ষেত্ৰীত শনিবাৰে ববিতা শৰ্মাই দিনজোৰা কাৰ্যসূচীৰে প্ৰচাৰ চলাব বুলি বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল মজিদে জানিবলৈ দিছে। এই উদ্দেশ্যে উক্ত দিনা প্ৰাৰ্থীগৰাকীয়ে  ৯খন নিৰ্বাচনী পথসভাত ভাগ ল’ব। ইতিমধ্যে বৰক্ষেত্ৰী ব্লক কংগ্ৰেছে শনিবাৰৰ দিনটোৰ সমগ্ৰ কাৰ্যসূচী ঘোষণা কৰিছে । ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তত ৯খনকৈ পথসভাত উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । সেই অনুসৰি শনিবাৰে ৰাতিপুৱা ১০ বজাত বৰক্ষেত্ৰীৰ পূব প্ৰান্তৰ কুৰিহা চ’কত বৰক্ষেত্ৰীৰ কংগ্ৰেছ কৰ্মীসকলে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ববিতা শৰ্মাক বৰক্ষেত্ৰীলৈ আদৰণি জনাব । পুৱা ১০.১৫ বজাত লোহাৰকাঠা-আদাবাৰী মণ্ডল কংগ্ৰেছৰ এলেকাত এখন পথসভাত অংশ গ্ৰহণ কৰিব । ইয়াৰ পিছতে ক্ৰমে ঘোগা মণ্ডল কংগ্ৰেছ এলেকাত অনুষ্ঠিত হ’ব পথসভা । কান্ধবাৰী-দাগাপাৰা মণ্ডল কংগ্ৰেছ এলেকাত অনুষ্ঠিত হ’ব পথসভা। দিনৰ ১১.৩০ বজাত মুকালমুৱাস্থিত ৰাজীৱ ভৱনত কংগ্ৰেছ নেতৃত্ব আৰু কৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হ’ব গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ববিতা শৰ্মা। দিনৰ ১২.৩০ বজাত দৌলাশাল-লাৰকুছি মণ্ডল কংগ্ৰেছৰ পেৰাধৰা বজাৰৰ পথসভাত অংশ গ্ৰহণ কৰিব কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। ইয়াৰ পিছত দৌলাশালত প্ৰাৰ্থীগৰাকীক আদৰণি জনোৱাৰ লগতে এখন পথসভাত অংশ গ্ৰহণ কৰিব । তাৰ পিছত মুগদি-ৰামপুৰ মণ্ডল কংগ্ৰেছৰ ৰামপুৰত অনুষ্ঠিত হ’ব পথসভা । ৰামপুৰত সভা সম্পন্ন কৰি পোনে পোনে প্ৰাৰ্থীগৰাকীয়ে কেকান-কাপলাবড়ী মণ্ডল কংগ্ৰেছৰ কাপলাবড়ীত নিৰ্বাচনী পথসভাত ভাগ ল’ব। আবেলি ৩.৩০ বজাত জয়সাগৰ-বৰতলা মণ্ডল কংগ্ৰেছৰ বৰতলাত প্ৰাৰ্থীগৰাকীক বিপুল আদৰণি জনোৱাৰ লগতে এখন পথসভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাব ববিতা শৰ্মাই। অন্তিমখন পথসভাত অংশগ্ৰহণ কৰিব বৰ্ণিবাৰী-নপ্তিপাৰা মণ্ডল কংগ্ৰেছৰ এলেকাত। গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীক শনিবাৰৰ দিনজোৰা নিৰ্বাচনী কাৰ্যসূচীত সহযোগ কৰিব কংগ্ৰেছ দলৰ বৰ্ষীয়ান নেতা তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মণ, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মণ, মুকালমুৱা জিলা পৰিষদৰ সদস্য খাইৰুল হক চৌধুৰীসহ বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ ভালেকেইজন কংগ্ৰেছ কৰ্মী তথা বৰক্ষেত্ৰী য়ং ব্ৰিগেডে ।