শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / ’১৯ৰ লোকসভা নিৰ্বাচনঃ গণতন্ত্ৰ ৰŽক্ষাৰ প্ৰত্যাহবান

’১৯ৰ লোকসভা নিৰ্বাচনঃ গণতন্ত্ৰ ৰŽক্ষাৰ প্ৰত্যাহবান

✍️ লক্ষী হাজৰিকা

২০১৯ৰ লোকসভা নিৰ্বাচন দেশৰ গণতন্ত্ৰ, সংবিধান আৰু ধৰ্মনিৰপেক্ষতা ৰক্ষাৰ বাবে এক কঠোৰ প্ৰত্যাহবানৰ সন্মুখীন হ’ব। শাসনাধিস্থ এন ডি এ চৰকাৰৰ বিজেপি আৰু আৰ এছ এছৰ সন্মিলিত জোঁটবন্ধনৰ বিপৰীতে বিজেপি, আৰ এছ এছ আৰু অন্যান্য সাম্প্ৰদায়িক শক্তি বিৰোধী ভোট বিভাজন নোহোৱাকৈ এটা বিকল্প মহাজোঁট গঠনৰ বিফলতাই গণতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহবান হিচাপে দেখা দিছে। বিগত মোদী নেতৃত্বাধীন পাঁচ বছৰীয়া শাসনকালত কিদৰে গণতন্ত্ৰ ভূলুণ্ঠিত হৈছে তাৰ এখন প্ৰতিচ্ছবি দাঙি ধৰিবলৈ চেষ্টা কৰা হ’ল।
২০১৮ৰ ২৮ আগষ্টৰ নিশাৰ ভিতৰতে মহাৰাষ্ট্ৰৰ পুনে পুলিচে সম্পূৰ্ণ মিছা, ভিত্তিহীন অভিযোগত ক’লা আইনৰ অধীনত দেশৰ ভিন্ন চহৰৰ পৰা পাঁচগৰাকী বুদ্ধিজীৱী আৰু মানৱ অধিকাৰ কৰ্মীক হায়দৰাবাদৰ পৰা কবি ভাৰভাৰা ৰাও, ফৰিদাবাদৰ পৰা ছত্তিশগড়ÿৰ শ্ৰমিক নেত্ৰী তথা বিশিষ্টা আইনজীৱী সূধা ভৰদ্বাজ, দিল্লীৰ পৰা সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী গৌতম নাভলাখা, মুম্বাইৰ পৰা বিশিষ্ট আইনজীৱী অৰুণ ফেৰেইৰা আৰু সমাজকৰ্মী ভেৰনন গঞ্জালভিজক গ্ৰেপ্তাৰ কৰে। অতি তাৎপৰ্যপূৰ্ণ যে মহাৰাষ্ট্ৰৰ আৰক্ষী প্ৰধান প্ৰবীণ পৰমবীৰ সিঙে উক্ত ব্যক্তি কেউজনৰে মাওবাদীৰ লগত সম্পৰ্ক আৰু মাওবাদীয়ে ভীমাকুৰে গাঁৱৰ দলিতসকলক সংগঠিত কৰাৰ সম্পৰ্কৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ কাৰণ দৰ্শাইছিল, কিন্তু ন্যায়ালয়ক পতিয়ন নিয়াব পৰাকৈ পুলিচে প্ৰমাণ দাখিল কৰিব নোৱাৰিলে।
ইয়াৰো পূৰ্বে সেই একে বৰ্ষৰে জুন মাহত মহাৰাষ্ট্ৰৰ পুলিচে আদিবাসী আন্দোলন আৰু মানৱ অধিকাৰ আন্দোলনৰ কৰ্মীসকলক ‘নগৰীয়া মাওবাদী’ আখ্যাৰে গ্ৰেপ্তাৰ কৰিছিল। গোটেই দেশতে কৃষকৰ কৃষিভূমি বৃহৎ পুঁজিপতি শ্ৰেণীৰ হাতত তুলি দিব বিচাৰিছিল মোদী চৰকাৰে। কৃষকৰ কৃষিভূমি কৰ্প’ৰেট আৰু পুঁজিপতি শ্ৰেণীৰ হাতত তুলি দিয়াৰ বিৰুদ্ধাচৰণ আন্দোলনক মোদী চৰকাৰৰ পুঁজিপতি প্ৰীতি, জনগণৰ স্বাৰ্থ বিৰোধী কাৰ্যকলাপ আৰু সাম্প্ৰদায়িক নীতিৰ বিৰুদ্ধে মাত মতা সকলক মাওবাদী, দেশদ্ৰোহী সজাই দমন কৰাটো মোদীৰ একমাত্ৰ লক্ষ্য হৈ পৰিছে। আমি যদি নৰেন্দ্ৰ মোদীৰ গুজৰাটৰ মুখ্যমন্ত্ৰিত্বৰ কালৰ কাৰ্যকলাপলৈ উভতি যাও তেতিয়া দেখা পাব যে ২০০৭ চনৰ ‘আন্দোলিত গুজৰাট’ (Vibrant Gujrat) শীৰ্ষ বৈঠকত ৰতন টাটাই মহা পুঁজিপতিসকলক উদ্দেশ্যি কৈছিল, ‘You are a fool if you are not investing in Gujrat’। ইতিমধ্যেই নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ সানন্দত বিৰাট এডৰা মাটি ৰতন টাটাক নেন’ গাড়ী নিৰ্মাণ কাৰখানাৰ বাবে দিলে। আদানী কোম্পানীক ৬০ কোটি টকাত ৫৫ বৰ্গ কিলোমিটাৰ মাটি দিলে মুদ্ৰাত। মুন্দ্ৰাৰ এই চৰকাৰী মাটি ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলক এশ বৰ্গমিটাৰকৈ পট্টন দিয়াৰ কাৰণে ৰখা হৈছিল। ৰিলায়েন্স শিল্পপতি আম্বানিক জামনগৰত পাঁচখন গাঁও কৃষকক উেচ্ছদ কৰি স্পেচিয়েল ইক’নমিক জোন’ কৰাৰ কাৰণে ৪০০০ হেক্টৰ মাটি দিলে। ‘আন্দোলিত গুজৰাট’ৰ মূল নীতি স্থিৰ কৰি পুঁজিপতিসকলৰ বাবে গুজৰাটখনত ৰঙা দলিচা পাৰি দিয়া হৈছিল। পুঁজিপতিসকলে য’তে বিচাৰে ত’তে মাটি-পানী সহজসাধ্য কৰা, পাঁচ বছৰৰ বাবে কৰ ৰেহাই আৰু শ্ৰমিক আইন বলবতৰ পৰা ৰেহাই। নৰেন্দ্ৰ মোদীৰ এই পুঁজিপতি প্ৰীতিৰ বাবেই দেশী-বিদেশী পুঁজিপতি আৰু কৰ্প’ৰেট গোষ্ঠীৰ আশীৰ্বাদ শিৰত লৈ দেশৰ প্ৰধানমন্ত্ৰী হ’ল ২০১৪ত। ২০১৯ ৰ নিৰ্বাচনতো পুঁজিপতি, কৰ্প’ৰেট গোষ্ঠী আৰু যুদ্ধবাজী সাম্ৰাজ্যবাদী দেশসমূহৰ আশীৰ্বাদ লভিবলৈ সক্ষম হৈছে। নৰেন্দ্ৰ মোদী সিবিলাকৰ অতি প্ৰিয় পছন্দৰ প্ৰধানমন্ত্ৰী।
অতি অশোভনীয় হ’লেও এটা কথা ক’ব লাগিব বিজেপি আৰ এছ এছৰ হিন্দুত্ববাদত দলিত আৰু অস্পৃশ্য হিন্দুসকলৰ স্থান। ২০১৮ ৰ ১ জানুৱাৰীৰ দিনা মহাৰাষ্ট্ৰৰ পুনেৰ সমীপৰ ভীমাকুৰে গাঁৱত অনুষ্ঠিত মাহাৰসকলৰ দুশ বছৰীয়া বিজয়োল্লাস উৎসৱত ‘জয় শিবাজী জয় ভৱানী’ ধবনি দি হিন্দুত্ববাদী সংগঠনেই আক্ৰমণ চলোৱা নাছিননে· অভিযোগ উঠিছিল গেৰুৱা ধবজাবাহীসকলৰ লগত একেলগে মহাৰাষ্ট্ৰৰ পুলিচ খোজকাঢ়ি আহিছিল সংঘৰ্ষ স্থলীলৈকে। হিন্দুত্ববাদৰ ওভতগোৰে নচা অন্য এক দৃষ্টান্ত গুজৰাটৰ উনা আৰু পূব গোদাবৰী। উনাত কেইজনমান তপছীলভুক্ত জাতিৰ হিন্দু যুৱকে তেওঁলোকৰ বৃত্তি হিচাবে মৰা গৰুৰ ছাল বখলিয়াই থাকোতেই এদল উন্মাদ গো-ৰক্ষকে তপছীলভুক্ত যুৱক কেউজনক মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে। এই ঘটনাৰ পিছতে গুজৰাটৰ দলিত জনগণে প্ৰতিবাদী আন্দোলনৰ পথত নামে। মুছলমান মানুহ গো-ৰক্ষক বাহিনীৰ হাতত ফাঁচী আৰু হত্যাৰ বলি হোৱাতো সাধাৰণ ঘটনাত পৰিণত হ’ল। তাৰোপৰি আৰ এছ এছৰ অনুগামী নোহোৱা খাটি হিন্দু মানুহো এই সংগঠনপন্থী উগ্ৰবাদীৰ হাতত নিৰ্যাতিত হৈছে। ছট্টিশগড়লৈ যাওতে ‘জয় শ্ৰীৰাম’ ধবনি নিদিয়াৰ বাবে গো-ৰক্ষকসকলে স্বামী অগ্নিনিৱশ বৈষ্ণৱক মাৰপিট কৰি আটক কৰে।
বিজেপিৰ অসহিষু্ণতা, গণতন্ত্ৰ নিধন যজ্ঞ, অঘোষিত জৰুৰীকালীন অৱস্থাৰ পৰিবেশ সৃষ্টি কৰা, চৰকাৰৰ গণবিৰোধী আৰ্থিক আৰু সাম্প্ৰদায়িক নীতিৰ সমালোচকসকলক দমন-পীড়ন কৰা হৈছে। আনকি অনেকক হত্যা কৰা হৈছে। সেইসকলৰ ভিতৰত ২০১৫ৰ ১৬ ফেব্ৰুৱাৰীত গোবিন্দ পানেচৰক গুলিওৱা হ’ল। চিকিৎসাধীন অৱস্থাত ২০ ফেব্ৰুৱাৰীৰ দিনা পানেচৰৰ মৃত্যু। ২০১৫ৰ ২০ আগষ্টত কালবুৰ্গিক গুলিয়াই থিতাতে হত্যা কৰা হ’ল। ২০১৭ৰ ৫ ছেপ্টেম্বৰত গৌৰী লংকেশক হত্যা কৰা হ’ল। এই কেউটা হত্যাকাণ্ডৰ তদন্তকাৰী আৰক্ষী বিষয়াই ‘সনাতন সংস্থা’ আৰু ‘হিন্দু জন জাগৃতি সমিতি’ নামৰ দুই হিন্দুত্ববাদী সংগঠনৰ নাম সদৰি কৰিছিল। ৰাজনৈতিক হেঁচাত কাকো গ্ৰেপ্তাৰ কৰা নহ’ল, তদন্তৰ ৰিপ’ৰ্টো গাপ দিয়া হ’ল। সৌ সিদিনা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ গৃহ বিভাগে অসমকণ্ঠ ড০ হীৰেন গোহাঁই আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ অগ্ৰণী নেতা অখিল গগৈ আৰু মনজিৎ মহন্তক দেশদ্ৰোহী সজাই প্ৰতিবাদী কণ্ঠ ৰোধ কৰিবলৈ চেষ্টা কৰি চৰকাৰখনৰ ফেচিষ্ট চৰিত্ৰ উদঙাই দেখুৱালে ।
২০১৮ ৰ জে এন ইউৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ তিনিদিনৰ পিছতেই ১৯ ছেপ্টেম্বৰৰ দিনা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ক’লে, জে এন ইউত ভাৰত বিৰোধী যুদ্ধৰ ষড়যন্ত্ৰ আৰম্ভ হোৱা বুলি । ২০১৪ত বিজেপি দল ক্ষমতাত আহিয়েই অগণতান্ত্ৰিকভাৱে দেশৰ আগশাৰীৰ প্ৰায়বোৰ শিক্ষানুষ্ঠানৰ উপাচাৰ্য পদত আৰ এছ এছ-বিজেপি সমৰ্থক লোকক বঢ়ুৱালে যাতে ছাত্ৰ একতা সভাবোৰ এ বি ভি পিৰ জৰিয়তে নিজৰ দখললৈ নিব পাৰে। বিপৰীতে দেশৰ ৰাজনীতিত প্ৰভাৱ পেলোৱা জে এন ইউৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত শাসক দলে মুখ থেকেচা খালে। ২০১৬ ৰ ৯ ফেব্ৰুৱাৰীৰ জে এন ইউৰ চৌহদত অনুষ্ঠিত এখন ছাত্ৰ একতা সভাত জাতীয়তা বিৰোধী ধবনি দিয়া বুলি ছাত্ৰনেতা কানহায়া কুমাৰ আৰু ওমৰ খালিদক দেশদ্ৰোহৰ অপৰাধত জে’লত ভৰাইছিল। ২০১৮ৰ জে এন ইউৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদক আৰু সহকাৰী সাধাৰণ সম্পাদক কেউটা গুৰুত্বপূৰ্ণ পদতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাৰ্থীক হৰুৱাই বামপন্থী ছাত্ৰনেতা জয়ী হৈছে। ইয়াৰোপৰি ২৯টা সদস্য পদৰ ভিতৰত ২৬টা সদস্য পদতেই বাওঁপন্থী সদস্য-সদস্যা নিৰ্বাচিত হৈছে। নিৰ্বাচনৰ পূৰ্বে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত ‘ঈষাণ উদয়’ অনুষ্ঠান পাতি উত্তৰ-পূবৰ ছাত্ৰৰ সমৰ্থন পোৱাৰ বহুচেষ্টিত প্ৰচেষ্টা ব্যৰ্থ হৈছে। অসমৰ পৰা দুগৰাকী ছাত্ৰীয়ে বাওঁপন্থী টিকতত একতা সভালৈ নিৰ্বাচিত হ’ল। তাতে ১৯ ছেপ্টেম্বৰৰ দিনা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়াই মোদী চৰকাৰৰ অসহিষু্ণতাৰ স্বৰূপ উদঙাই দিলে।
২০১৮ৰ ২৩ অক্টোবৰৰ দিনা দেশৰ মানুহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বেচ্চাচাৰিতা প্ৰত্যক্ষ কৰিলে। সেইদিনা মাজনিশা চি বি আইৰ সঞ্চালকৰ কাৰ্যালয় ছীল কৰি সঞ্চালক আলোক বাৰ্মা আৰু বিশেষ সঞ্চালক ৰাকেশ আস্থানাক বলপূৰ্বক বাধ্যতামূলক ছুটীত অপসাৰণ কৰি মোদীৰ অতি ঘনিষ্ঠ, অতি বিশ্বস্ত গুজৰাট কেদাৰৰ আই পি এছ বিষয়া এম নাগেশ্বৰ ৰাওক সঞ্চালকৰ পদত বহুৱালে। দেশৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থাটোৰ সঞ্চালকগৰাকী নিযুক্তিৰ ক্ষেত্ৰত সদনৰ বিৰোধী দলপতি আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ অনুমতি লোৱাৰ যি সাংবিধানিক বিধি মানি চলিব লাগিছিল প্ৰধানমন্ত্ৰীয়ে এই সকলোবোৰ সাংবিধানিক বিধি উলংঘা কৰি স্বেচ্চাচাৰিতাৰে আগুৱাই গ’ল। সঞ্চালক আলোক বাৰ্মাৰ অৱসৰৰ দিন আছিল ২০১৯ৰ জানুৱাৰীত। হয়তো এইকেইটা দিনৰ ভিতৰতে কেইটামান হাত নিদিয়া বা অসমাপ্ত তদন্ত সমাপ্ত কৰাৰ উদ্দেশ্যে পদৰ পৰা অপসাৰিত হোৱাৰ চাৰি দিনমানৰ আগৰ পৰা অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ কেলেংকাৰি ফাইল খুলিছিল, ফাইল খুলিছিল ৰাফেল বিমান ক্ৰয়ৰ কেলেংকাৰীৰ আৰু উপসঞ্চালক ৰাকেশ আস্থানাৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ ফাইল। বাৰ্মাই ৰাফেল বিমান ক্ৰয়ৰ চুক্তি সম্পৰ্কীয় কিছু তথ্য পাতি বিচাৰি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সচিব সঞ্জয় মিত্ৰলৈ এখন চিঠি প্ৰেৰণ কৰিছিল। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নিৰ্দেশত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালে বাৰ্মাক ৰাফেল কেলেংকাৰীৰ তদন্ত নকৰিবলৈ অনুৰোধ জনাইছিল। বাৰ্মা সন্মত নহ’ল, আনকি বাৰ্মাই প্ৰতিৰক্ষা সচিবলৈ প্ৰেৰণ কৰা চিঠিখন প্ৰত্যাহাৰ কৰিবলৈ বাৰ্মাক অজিত দোভাল হেঁচাও দিছিল। ইতিমধ্যে ৰাকেশ আস্থানাৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ তদন্ত আগুৱাই নিছিল বাৰ্মাই। আস্থানা গ্ৰেপ্তাৰ হোৱাৰ পথ প্ৰশস্ত হৈছিল। আস্থানাৰ গ্ৰেপ্তাৰৰ পিছত হয়তো ২০০৪ চনৰ গুজৰাটৰ এটা ভুৱা সংঘৰ্ষত ইছৰাট জাহানৰ হত্যাৰ গোচৰত চি বি আইয়ে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ নামত সাঙোৰ খাই পৰিলহেঁতেন। জোলোঙাৰ মেকুৰী ওলাই পৰাৰ পূৰ্ণ সম্ভাৱনা আছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আন এক স্বেচ্ছাচাৰিতাৰ নিদৰ্শন ২০১৫ৰ সাত ছেপ্টেম্বৰৰ অধ্যাদেশ অনুমোদন নকৰাকৈ প্ৰশাসনিক নিৰ্দেশেৰে নাগৰিকত্ব প্ৰদানৰ চমৎকাৰিতা। দেশৰ সাতখন ৰাজ্যৰ মুঠ ১৬ খন জিলাৰ উপায়ু্ক্ত লৈ প্ৰশাসনিক নিৰ্দেশৰ জৰিয়তে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা হিন্দু, বৌদ্ধ, শিখ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মালম্বী আবেদনকাৰী লোকসকলক নাগৰিকত্ব প্ৰদান প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰ কৰি তুলিবলৈ গৃহ বিভাগৰ নিৰ্দেশ প্ৰধানমন্ত্ৰী মোদীৰ স্বৈৰাতান্ত্ৰিক আৰু ফেচিবাদী নীতিৰ বহিঃপ্ৰকাশ। ২০১৯ৰ নিৰ্বাচনৰ জৰিয়তে দ্বিতীয় বাৰৰ বাবে দেশৰ শাসনৰ বাঘজৰী যিকোনো প্ৰকাৰে হস্তগত কৰি ১৯৫৫ৰ নাগৰিকত্ব আইন সংশোধনী বিধেয়ক গৃহীত কৰি আৰএছএছৰ অভিযান্ত্ৰিক বাস্তৱৰ ৰূপ দিয়াৰ পথত দুৰন্ত ফেচিবাদী অভিলাস আগুৱাই নিছে প্ৰধানমন্ত্ৰী মোদীয়ে। ২০১৪চনৰ ২৫মে’ তাৰিখৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দুত্ববাদী ৰাষ্ট্ৰীয় নীতিৰে দেশৰ শাসনকাৰ্য পৰিচালনাৰ পথত অগ্ৰসৰ হ’ল। প্ৰকাশ হৈছে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰ্শমতেই বিজেপি চৰকাৰৰ চলিব। আৰএছএছৰ অখিল ভাৰতীয় প্ৰতিনিধি সভাত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি অমিত শ্বাহে ঘোষণা কৰিলে, যি আদৰ্শক সাৰোগত কৰি জন্ম হৈছিল, কেন্দ্ৰীয় চৰকাৰে সেই আদৰ্শ মানি চলিব। আৰএছএছে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ক্ষেত্ৰত বিজেপিয়ে অথবা চৰকাৰে কোনো আপোচ নকৰে।” এয়ে আৰম্ভণি প্ৰধানমন্ত্ৰী মোদী চৰকাৰৰ লগত ভাৰতীয় সাংবিধানিক গণতন্ত্ৰৰ সংঘাত।
✍️ লক্ষী হাজৰিকা | মোবাইল নং – ৭৫৭৫৯৩৮৩২২ )