শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / পুৰুষৰ তুলনাত ভাৰতত কমিছে মহিলা সাংসদ

পুৰুষৰ তুলনাত ভাৰতত কমিছে মহিলা সাংসদ

মহিলা ভোটাৰৰ অনুপাতে বৃদ্ধি পোৱা নাই মহিলা সাংসদ

✍️  বসন্ত দাস :
ভাৰতৰ ৰাজনীতিত সম-অধিকাৰ লাভৰ পৰা বঞ্চিত হৈ আহিছে মহিলা। দেৱী ৰূপে গণ্য কৰি অহা মহিলাক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে ভাৰতৰ ৰাজনৈতিক দলসমূহে। সভাই-সমিতিয়ে পুৰুষতান্ত্ৰিক দেশৰ ৰাজনৈতিক দলসমূহৰ নেতাসকলে ভাৰতীয় মহিলাক দেৱী বুলি কৈ আহিছে যদিও ৰাজনৈতিক অধিকাৰৰ সময়ছোৱাত বাৰম্বাৰ বঞ্চিত কৰি আহিছে। অৰ্থাৎ ভাৰতীয় ৰাজনীতিত পুৰুষৰ তুলনাত মহিলাসকলে আজিকোপতি সম-অধিকাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ গণতান্ত্ৰিক দেশত পুৰুষৰ তুলনাত ৰাজনৈতিক অধিকাৰ মহিলাসকলে সামান্যহে লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে কেইবাবাৰো সংসদত উত্থাপন হৈও গৃহীত হোৱা নাই মহিলাৰ ৩৩ শতাংশ আসন সংৰক্ষণ বিধেয়ক। ২০১৪ত বিজেপি ক্ষমতালৈ আহিলে বিধেয়কখন সংসদত গৃহীত কৰিব বুলি ঘোষণা কৰিছিল যদিও সেই ঘোষণা ঘোষণা হৈয়ে থাকিল। অৰ্থাৎ এইবাৰো সংসদত গৃহীত নহ’ল মহিলাৰ আসন সংৰক্ষণ বিধেয়ক। মন কৰিবলগীয়া যে ভাৰতৰ ৰাজনৈতিক দলসমূহে পুৰুষৰ তুলনাত কমসংখ্যক মহিলাকহে বিধানসভা তথা লোকসভা নিৰ্বাচনৰ টিকট প্ৰদান কৰি আহিছে। যাৰ বাবে ভাৰতত মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতো কমসংখ্যক মহিলা প্ৰাৰ্থীয়েহে লোকসভাত জয়ী হৈ দিল্লীলৈ যাত্ৰা কৰিবলৈ সক্ষম হৈছে। ভাষণত ৰাজনৈতিক দলসমূহে মহিলাক দেৱী ৰূপে গণ্য কৰি বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও নিৰ্বাচনৰ সময়ত টিকট দিয়াৰ বেলিকাত নিজকে দূৰত্ব বজাই ৰাখে তথা ৰাখি আহিছে।

বিশ্বৰ ভিতৰত ভাৰত এখন বৃহত্তৰ গণতান্ত্ৰিক দেশ যদিও অন্য চুবুৰীয়া ৰাষ্ট্ৰৰ তুলনাত ভাৰতৰ সংসদতে আছে কমসংখ্যক মহিলা সাংসদ। ইণ্টাৰ পাৰ্লিয়ামেণ্টৰী ইউনিয়নৰ ২০১৯ৰ ১ জানুৱাৰীৰ প্ৰতিবেদন অনুসৰি ভাৰতত মহিলা সাংসদৰ সংখ্যা মাথোঁ ১২.৬০ শতাংশ। ভাৰতৰ তুলনাত বাংলাদেশ, আফগানিস্তান আদিত মহিলা সাংসদৰ সংখ্যা অধিক। আফগানিস্তানত ২৭.৩০ শতাংশ মহিলা সাংসদ হোৱাৰ বিপৰীতে বাংলাদেশত মহিলা সাংসদৰ সংখ্যা ২০.৬০ শতাংশ। একেদৰে পাকিস্তানত ২০.২০ শতাংশ হোৱাৰ বিপৰীতে নেপালত মহিলা সাংসদৰ সংখ্যা ৩২.৭০ শতাংশ। একেদৰে ভূটানত মহিলা সাংসদৰ সংখ্যা হৈছে ১৪.৯০ শতাংশ। কিন্তু ভাৰততকৈও মহিলা সাংসদৰ সংখ্যা কম শ্ৰীলংকাত। শ্ৰীলংকাত মহিলা সাংসদৰ সংখ্যা হৈছে ৫.৩০ শতাংশ। একেদৰে মালদ্বীপত মহিলা সাংসদৰ সংখ্যা হৈছে ৪.৭০ শতাংশ। যিটো ভাৰতৰ তুলনাত বহু কম। মন কৰিবলগীয়া যে এই আটাইকেইখন দেশ হৈছে ছাৰ্ক দেশ। উল্লেখ্য যে ভাৰতত ২০০৯ত ৫৯গৰাকী মহিলা প্ৰাৰ্থীয়ে সাংসদ ৰূপে জয়ী হৈ সংসদলৈ যাত্ৰা কৰে। আনহাতে ২০১৪ত ইয়াৰ সংখ্যা বৃদ্ধি পাই হয়গৈ ৬১গৰাকী। মন কৰিবলগীয়া যে ১৯৭৭ত সংসদত মহিলা সাংসদৰ সংখ্যা আছিল ১৯গৰাকী। ভাৰতত যি হাৰত মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে সেই হাৰত আজিকোপতি সংসদত মহিলা সাংসদ বৃদ্ধি হোৱা নাই। শেহতীয়াকৈ এ ডি আৰ আৰু নেচনেল ইলেকচন ৱাট্চে প্ৰকাশ কৰা অনুসৰি ২০১৯ত মহিলা বিধায়ক আৰু সাংসদৰ সংখ্যা হৈছে মাথোঁ ৯ শতাংশ। যিটো এইবাৰৰ লোকসভা নিৰ্বাচনতো বৃদ্ধি পোৱাৰ সম্ভাৱনা নাই। কিয়নো তথ্য অনুসৰি আজিৰ দিনটোলৈ বিজেপিয়ে এইবাৰৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বী ৰূপে ৩৭৪জন প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে। ইয়াৰে ভিতৰত মহিলা প্ৰাৰ্থীৰ সংখ্যা মাথোঁ ৪৫গৰাকী। অৰ্থাৎ বিজেপিয়ে এতিয়ালৈ ১২ শতাংশ মহিলাকহে লোকসভা নিৰ্বাচনৰ টিকট প্ৰদান কৰিছে।

একেদৰে বিজেপিৰ স্থিতিকে গ্ৰহণ কৰিছে কংগ্ৰেছেও। তথ্য অনুসৰি কংগ্ৰেছে আজিৰ দিনটোলৈ ৩৪৪জন প্ৰাৰ্থীক প্ৰতিদ্বন্দ্বী ৰূপে টিকট প্ৰদান কৰিছে লোকসভা নিৰ্বাচনক লৈ। ইয়াৰ ভিতৰত মহিলা প্ৰাৰ্থীৰ সংখ্যা হৈছে ৪৭গৰাকী। অৰ্থাৎ ১৩.৭ শতাংশ মহিলাকহে এতিয়ালৈ টিকট প্ৰদান কৰিছে কংগ্ৰেছে। কিন্তু তৃণমূল কংগ্ৰেছে কংগ্ৰেছ-বিজেপিৰ তুলনাত অধিক হাৰত মহিলাক নিৰ্বাচনৰ প্ৰাৰ্থী ৰূপে টিকট প্ৰদান কৰিছে। তৃণমূল কংগ্ৰেছে এতিয়ালৈ লোকসভা নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বী ৰূপে ৪২গৰাকী প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে। ইয়াৰে ভিতৰত ১৭গৰাকী মহিলাক টিকট প্ৰদান কৰিছে তৃণমূল কংগ্ৰেছে। অৰ্থাৎ কংগ্ৰেছ-বিজেপিৰ তুলনাত তৃণমূল কংগ্ৰেছে এতিয়ালৈ ৪০.৫ শতাংশ মহিলাক নিৰ্বাচনৰ টিকট প্ৰদান কৰিছে। বিজেডিয়ে এতিয়ালৈ ১৯জন প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে। ইয়াৰে ভিতৰত আছে ৭গৰাকী মহিলা। অৰ্থাৎ ৩৬.৮ শতাংশ মহিলাক টিকট প্ৰদান কৰিছে বিজেডিয়ে। একেদৰে ডি এম কেয়ে এতিয়ালৈ ২০গৰাকী প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে। ইয়াৰে ভিতৰত আছে দুগৰাকী মহিলা। অৰ্থাৎ দহ শতাংশ মহিলাক এতিয়ালৈ ডি এম কেৰ টিকট প্ৰদান কৰিছে। আনহাতে এন চি পিয়ে এতিয়ালৈ ১৮গৰাকী প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে। ১৮গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে দুগৰাকী মহিলা। অৰ্থাৎ ১১.১ শতাংশ মহিলাক এন চি পিয়ে এতিয়ালৈ টিকট প্ৰদান কৰিছে। আনহাতে জে ডি ইউৱে এতিয়ালৈ ১৭জন প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে। ১৭জন প্ৰাৰ্থীৰ ভিতৰত আছে মাথোঁ এগৰাকী মহিলা। অৰ্থাৎ ০৫.৯ শতাংশ মহিলাকহে জে ডি ইউৱে টিকট প্ৰদান কৰিছে। একেদৰে আৰ জে ডিয়ে ১৭জন প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে। ইয়াৰ ভিতৰত আছে মাথোঁ তিনিগৰাকী মহিলা। অৰ্থাৎ ১৭.৬ শতাংশ মহিলাক টিকট প্ৰদান কৰিছে আৰ জে ডিয়ে। একেদৰে টি আৰ এছে এতিয়ালৈ ১৭জন প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে। অৰ্থাৎ টি আৰ আছে এতিয়ালৈ ১১.৮ শতাংশ মহিলা প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে। অৰ্থাৎ এই তথ্যৰ পৰা জানিব পৰা যায় যে এইবাৰৰ সংসদতো বৃদ্ধি নাপায় মহিলা সাংসদৰ সংখ্যা।

উল্লেখ্য যে ভাৰতত মহিলা সাংসদৰ সংখ্যা ভবা ধৰণে বৃদ্ধি পোৱা নাই যদিও ভোটাৰৰ সংখ্যা ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পাবলৈ ধৰিছে। ২০০৪ চনত পুৰুষ ভোটাৰৰ সংখ্যা ৬১.৬৬ শতাংশ হোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা আছিল ৫৩.৩ শতাংশ। ২০০৯ত পুৰুষ ভোটাৰৰ সংখ্যা হ্ৰাস পাই হয়গৈ ৬০.২৪ শতাংশ। কিন্তু মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি পাই হয়গৈ ৫৫.৮২ শতাংশ। আনহাতে ২০১৪ত পুৰুষ ভোটাৰৰ সংখ্যা ২০০৯ৰ তুলনাত বৃদ্ধি পাই হয়গৈ ৬৭.০৯ শতাংশ। আনহাতে মহিলা ভোটাৰৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাই ২০১৪ত হয়গৈ ৬৫.৩০ শতাংশ।