শেহতীয়া খবৰ
Home / আঞ্চলিক / চেক্ ৰিপাব্লিকলৈ আমন্ত্ৰিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড0 দিলীপ বৰা

চেক্ ৰিপাব্লিকলৈ আমন্ত্ৰিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড0 দিলীপ বৰা

গুৱাহাটী বিশ্ববিদ্যালয়, ৫ এপ্ৰিলঃ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপক ড০ দিলীপ বৰা আমন্ত্ৰিত হৈছে চেক্ ৰিপাব্লিকৰ প্ৰাগ মেেট্ৰাপলিটান বিশ্ববিদ্যালয়ৰ লিংগ অধ্যয়ন সম্পৰ্কীয় আলোচনা-চক্ৰত মূল বক্তৃতা প্ৰদান কৰিবৰ বাবে। এই তথ্য সদৰী কৰি বিভাগীয় প্ৰধান ড০ মুকুল চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমক জনায় যে আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ তুলনাত্মক ভাৰতীয় সাহিত্যৰ অধ্যয়ন-অধ্যাপনাৰ প্ৰসাৰ আৰু প্ৰচাৰ হোৱাৰ লগে লগে সৰ্বভাৰতীয়, আনকি আন্তঃৰাষ্ট্ৰীয় স্তৰতো বিভাগটোৰ গুৰুত্ব যথেষ্ট বাঢ়িছে। বিভাগটোলৈ বিদ্যায়তনিক ক্ষেত্ৰৰ দেশী-বিদেশী অধ্যাপকসকলৰ আগমন হৈছে, তেখেতসকলে আহি বিভিন্ন বিষয়ত বক্তৃতা প্ৰদান কৰিছে আৰু আমাৰ কাম-কাজ, চিন্তা-ভাবনাকো তেওঁলোকৰ মাজলৈ নিয়াৰ চেষ্টা চলাইছে। সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষৰ তুলনাত্মক অধ্যয়নৰ ক্ষেত্ৰখনত বিভাগৰ অধ্যাপক ড০ দিলীপ বৰাই যথেষ্ট গুৰুত্ব পাইছে আৰু বিভিন্ন বিশ্ববিদ্যালয়ে ভাৰতীয় সাহিত্য, পূৰ্বাঞ্চলৰ সাহিত্য আদি বিষয় পঢ়াবৰ বাবে তেখেতক অতিথি অধ্যাপক হিচাপে আমন্ত্ৰণ জনাইছে। এইবাৰ চেক্ ৰিপাব্লিকৰ প্ৰাগ মেেট্ৰাপলিটান বিশ্ববিদ্যালয়ে তেওঁলোকৰ ‘Gender Issues in Asian Studies’ শীৰ্ষক একাদশ প্ৰাগ সন্মিলনৰ মূল বক্তৃতা (keynote) প্ৰদান কৰিবলৈ ড০ বৰাক আমন্ত্ৰণ জনাইছে। আনহাতে উল্লেখনীয় যে উক্ত আলোচনা-চক্ৰত বিভাগৰে আন এগৰাকী অধ্যাপিকা ড০ অনুৰাধা শৰ্মাই ‘ৰুদ্ৰাণী শৰ্মা’ ছদ্মনামত লিখা ‘দমিতাৰ দস্তাবেজ’ শীৰ্ষক নাৰীৰ সমস্যা আৰু সামাজিক দমন সম্পৰ্কীয় উপন্যাসখনৰ সম্পৰ্কে বিশেষভাৱে আলোচনা হ’ব। উক্ত আলোচনা-চক্ৰত লেখকৰ সৈতে অন্তৰংগ আলাপৰ বাবে ড০ অনুৰাধা শৰ্মাকো নিমন্ত্ৰণ জনাইছিল যদিও ড০ শৰ্মা ব্যক্তিগত অসুবিধাৰ বাবে আলোচনা-চক্ৰখনত উপস্থিত থাকিব নোৱাৰিব। ড০ বৰাই ৮ মাৰ্চত চেক্ গণৰাজ্য অভিমুখে যাত্ৰা কৰিব আৰু ১০ এপ্ৰিলত বক্তৃতা প্ৰদান কৰি আন দুই-এখন ইউৰোপীয় দেশ ভ্ৰমণ কৰি ১৭ এপ্ৰিলত ভ্ৰমণসূচী সামৰিব।
( News Cr : দৈনিক গণ অধিকাৰ  | Dainik Gana Adhikar News )