শেহতীয়া খবৰ
Home / ৰাজনীতি / বিভিন্ন প্ৰতিশ্ৰুতিৰে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ ‘সংকল্প পত্ৰ’ প্ৰকাশ

বিভিন্ন প্ৰতিশ্ৰুতিৰে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ ‘সংকল্প পত্ৰ’ প্ৰকাশ

ডিজিটেল সংবাদঃ সোমবাৰে বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ ‘সংকল্প পত্ৰ’। দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰকাশ কৰা হয় নিৰ্বাচনী ইস্তাহাৰ। নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ সময়ত উপস্থিত থাকে বিজেপিৰ কেইবাজনো শীৰ্ষ নেতা। উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, ৰাজনাথ সিঙৰ লগতে বহু শীৰ্ষ নেতা। ইস্তাহাৰত সন্নিৱিষ্ট বহু গুৰুত্বপূৰ্ণ প্ৰসংগ।

ইস্তাহাৰত নতুন ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতি। কৃষক, মহিলা, দৰিদ্ৰলৈ প্ৰতিশ্ৰুতিৰ জোৱাৰ। ভাৰতক বিশ্বৰ ৩য় বৃহত অৰ্থনীতি গঢ়াৰ প্ৰতিশ্ৰুতি। ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ উন্নয়নৰ বাবে ৫ বছৰত ৫০ টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে।’ ‘২০১৪ চনৰ পৰা ২০১৯ৰ লৈকে বিজেপি চৰকাৰে দেশৰ উন্নয়নৰ বাবে কৰিছে বহু গুৰুত্বপূৰ্ণ কাম।’ সোমবাৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি এই মন্তব্য কৰে অমিত শ্বাহে। ‘ৰাজনৈতিক দলসমূহে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশেৰে বহুত প্ৰতিশ্ৰুতি দি নিজৰ যোগ্যতা হ্ৰাস কৰে।’ ‘আমি সেই সমূহ প্ৰত্যাহ্বান হিচাপে লৈছো।’ এই মন্তব্য কৰে গৃহমন্ত্ৰী ৰাজনাথ সিঙে।