শেহতীয়া খবৰ
Home / ৰাজনীতি / লক্ষ্য স্থিৰ ৰাখি আগুৱাই যাব ভাৰতঃ ইস্তাহাৰ প্ৰকাশ কৰি নৰেন্দ্ৰ মোদীৰ দাবী

লক্ষ্য স্থিৰ ৰাখি আগুৱাই যাব ভাৰতঃ ইস্তাহাৰ প্ৰকাশ কৰি নৰেন্দ্ৰ মোদীৰ দাবী

ডিজিটেল সংবাদ, নতুন দিল্লীঃ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোট গ্ৰহণ আৰম্ভ হ’বলৈ মাজত মাত্ৰ বাকী তিনিটা দিন৷ ইয়াৰ মাজতে আজি সংকল্প পত্ৰ নামেৰে নিজৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিলে বিজেপিয়ে৷ কাশ্মীৰিসকলৰ বিশেষ অধিকাৰ প্ৰত্যাহাৰ কথা কোৱা হৈছে ইস্তাহাৰত লগতে কৃষকৰ আয় দুগুণ কৰাৰ কথাও উল্লেখ আছে এইবাৰৰ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ সভাপতি অমিত শাহ আৰু গৃহমন্ত্ৰী ৰাজনাথ সিংৰ উপস্থিতিত দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্য্যালয়ত আজি প্ৰকাশ কৰে নিৰ্বাচনী ইস্তাহাৰ৷

ইস্তাহাৰ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ‘জাতীয়তাবোধ আমাৰ অনুপ্ৰেৰণা, দুৰ্বলসকলক শক্তিশালী কৰা আমাৰ লক্ষ্য আৰু সুশাসন আমাৰ মন্ত্ৰ৷’ বিজেপিৰ এইবাৰৰ ইস্তাহাৰতো পূৰ্বৰ দৰে ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ কথা উল্লেখ আছে৷ মোদীয়ে লগতে কয় যে, ‘প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিব কিন্তু ৰাজনাথ সিংৰ দীৰ্ঘ শ্ৰমৰ অন্তত বিজেপি দলৰ যি ইস্তাহাৰ প্ৰকাশ কৰা হৈছে ইয়াত প্ৰতিফলিত হ’ব বাস্তৱতা৷ আমাৰ দেশ এটি লক্ষ্য স্থিৰ ৰাখি সন্মুখৰ ফালে আগুৱাই যাব৷’