শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / এনআইএৰ কাৰ্যালয়ত বিচ্ছিন্নতাবাদী নেতা মীৰৱেজ | সন্ত্ৰাসবাদীক পুঁজিৰ যোগান ধৰাৰ অভিযোগ

এনআইএৰ কাৰ্যালয়ত বিচ্ছিন্নতাবাদী নেতা মীৰৱেজ | সন্ত্ৰাসবাদীক পুঁজিৰ যোগান ধৰাৰ অভিযোগ

শ্ৰীনগৰ, ৮ এপ্ৰিলঃ জম্মু আৰু কাশ্মীৰৰ নৰমপন্থী বিচ্ছিন্নবাদী নেতা তথা হুৰিয়াদ কনফাৰেন্সৰ অধ্যক্ষ মীৰৱেজ ওমৰ ফাৰুক আজি এনআইএ (নেচনেল ইনভেষ্টিগেশ্বন এজেন্সি)ৰ কাৰ্যালয়ত উপস্থিত হয়। সন্ত্ৰাসবাদীক পুঁজিৰ যোগান ধৰা বুলি তদন্তকাৰী সংস্থাটোৱে উত্থাপন কৰা অভিযোগৰ ভিত্তিত তেওঁলৈ পূৰ্বে দুবাৰ জাননি প্ৰেৰণ কৰা হৈছিল যদিও তেওঁ তদন্তকাৰী সংস্থাৰ কাৰ্যালয়লৈ অহা নাছিল। এই সন্দৰ্ভত সংস্থাটোৱে প্ৰেৰণ কৰা তৃতীয়খন জাননিৰ পৰিপ্ৰেক্ষিতত তেওঁ আজি এন আই এৰ কাৰ্যালয়ত উপস্থিত হয়। যোৱা ১১ মাৰ্চ আৰু ১৮ মাৰ্চত দুখনকৈ জাননি প্ৰেৰণ কৰি তেওঁক এনআইএৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ কোৱা হৈছিল। কিন্তু তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰ প্ৰতি আশংকাৰ কাৰণ প্ৰদৰ্শন কৰি তেওঁ দিল্লীত থকা এনআইৰ কাৰ্যালয়লৈ অহা নাছিল। তদন্তকাৰী সংস্থাটোৱে সন্ত্ৰাসবাদী সংগঠনক ধনৰ যোগান ধৰা বিভিন্ন ব্যক্তি আৰু সংগঠনৰ বিৰুদ্ধে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে। সংস্থাটোৱে নৰমপন্থী বিচ্ছিন্নতাবাদী নেতাজনকো সন্দেহৰ আৱৰ্তত সোমোৱাই লৈছে।
ইয়াৰ উপৰি জম্মু আৰু কাশ্মীৰ উপত্যকাত ৰাষ্ট্ৰ বিৰোধী প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত নিৰাপত্তাৰক্ষীলৈ শিলাবৰ্ষণ কৰা, শিক্ষানুষ্ঠানত অগ্নিসংযোগ কৰা আৰু চৰকাৰী সা-সম্পত্তি ধবংস কৰাৰ অভিযোগ এই নেতাজনৰ বিৰুদ্ধে উত্থাপিত হৈছে। একেটা গোচৰতে মীৰৱেজ ওমৰৰ লগতে পাকিস্তানত থকা জমাদ-উল-দাৱাহ নামৰ সংগঠনৰ নেতা হাফিছ ছৈয়দ আৰু নিষিদ্ধ ঘোষিত লস্কৰ-ই-তৈবাৰ এজন নেতাৰ নামো উল্লেখ কৰা হৈছে। ছৈয়দ আলী শ্বাহ গিলানী নেতৃত্বাধীন হুৰিয়দ কনফাৰেন্সৰ এই শাখাটোৰ বিৰুদ্ধেও গোচৰ তৰা হৈছে। ইয়াৰ উপৰি হিজবুল মুজাহিদিন আৰু বাখটাৰান-ই-মিলাদ সংগঠনৰ বিৰুদ্ধেও তদন্তকাৰী সংস্থাটোৱে সন্ত্ৰাসবাদীক ধনৰ যোগান ধৰা তথা বিভিন্ন ধৰণে সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপন কৰিছে। মীৰৱেজ ওমৰ ফাৰুক আজি দিল্লীলৈ অহাৰ পূৰ্বে কালি নিশা তেওঁৰ সংগঠনৰ এখন কাৰ্যবাহী সভা অনুষ্ঠিত কৰে আৰু মীৰৱেজক এনআইএৰ সন্মুখত জবাবদিহি কৰিবলৈ জাননি প্ৰেৰণ কৰা কাৰ্যক গৰিহণা দিয়ে। তদন্তকাৰী সংস্থাটোৱে ইচ্ছাকৃতভাৱে হুৰিয়দ কনফাৰেন্সৰ অধ্যক্ষ মীৰৱেজক হাৰাশাস্তি কৰিছে বুলি সংগঠনটোৱে অভিযোগ কৰে। জম্মু আৰু কাশ্মীৰ উপত্যকাৰ জনসাধাৰণ আৰু গণতান্ত্ৰিক অধিকাৰৰ বাবে দৃঢ় ৰাজনৈতিক স্থিতি গ্ৰহণ কৰি অহা নেতাজনক অপৰাধৰ সৈতে জড়িত কৰি তদন্তকাৰী সংস্থাটোৱে চৰকাৰৰ নিৰ্দেশত তেওঁৰ ভাবমূৰ্তি নষ্ট কৰিব বিচাৰে বুলি হুৰিয়াদ কনফাৰেন্সে অভিযোগ কৰে।
কাশ্মীৰ সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ বাবে সংগ্ৰাম কৰি অহা হুৰিয়াদ কনফাৰেন্স হৈছে এটা ৰাজনৈতিক দলসমূহৰ গণতান্ত্ৰিক মঞ্চ। এনে এটা সংগঠনে সন্ত্ৰাসবাদৰ সৈতে সম্পৰ্ক ৰখা বুলি উত্থাপিত অভিযোগ হাস্যকৰ তথা চৰকাৰী উদ্দেশ্য প্ৰণোদিত তথা সংগঠনটোৰ ৰাজনৈতিক আদৰ্শ চৰকাৰে সহ্য কৰিব বিচৰা নাই আৰু সেইবাবে অপৰাধমূলক কিছুমান কৰ্মকাণ্ডৰ লগত জড়িত থকা বুলি অভিযোগ আনিছে। হুৰিয়দ কনফাৰেন্সে সদাই দাবী কৰি আহিছে যে কাশ্মীৰ সমস্যাটো এটা ৰাজনৈতিক সমস্যা আৰু ৰাজনৈতিক-মানৱীয়ভাৱে ইয়াৰ সমাধান নিশ্চিত কৰিব লাগিব। কিন্তু কেন্দ্ৰৰ শাসক গোষ্ঠীসমূহে জম্মু আৰু কাশ্মীৰ উপত্যকাৰ আইনি পৰিস্থিতি তথা আইন শৃংখলাৰ নামত ইয়াৰ জনসাধাৰণৰ হকে মাত মাতি অহা সংগঠনসমূহৰ ওপৰত বিভিন্ন ধৰণেৰে হাৰাশাস্তি কৰি আহিছে বুলি হুৰিয়াদ কনফাৰেন্সে কয়। হুৰিয়াদ কনফাৰেন্সৰ নৰমপন্থী বিচ্ছিন্নতাবাদী নেতাজনে তেওঁৰ আইনবীদৰ জৰিয়তে এনআইএক জানিবলৈ দিয়ে যে যিকোনো তদন্তৰ লগত তেওঁ সহযোগিতা কৰিবলৈ প্ৰস্তুত। ইয়াৰ লগতে তেওঁৰ সংগঠনটোৱে দাবী কৰে যে দিল্লীত থকা সময়ছোৱাত তেওঁলোকৰ নেতাজনক নিৰাপত্তা এনআইএ আৰু চৰকাৰে নিশ্চিত কৰিব লাগিব।