শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / উত্তৰ প্ৰদেশত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ-এছপি-বিএছপিৰ মহাজোঁট

উত্তৰ প্ৰদেশত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ-এছপি-বিএছপিৰ মহাজোঁট

বিজেপি বিৰোধী পদক্ষেপতকৈ দলীয় ভিত্তি শক্তিশালী কৰাত কংগ্ৰেছৰ গুৰুত্ব ঃ অখিলেশ

লক্ষ্ণৌ, ৮ এপ্ৰিল ঃ উত্তৰ প্ৰদেশত বিজেপিক পৰাজিত কৰিবলৈ কংগ্ৰেছ, মায়াৱতী নেতৃত্বাধীন বহুজন সমাজ পাৰ্টী আৰু অখিলেশ যাদৱ নেতৃত্বাধীন সমাজবাদী পাৰ্টীয়ে যুদ্ধ হুংকাৰ দিছে। দিল্লীৰ পৰা বিজেপি চৰকাৰক যিকোনো বিনিময়ত ক্ষমতাৰ পৰা আঁতৰাব লাগিব বুলি তিনিওটা ৰাজনৈতিক দল ঐক্যৱদ্ধ হৈছে। ইফালে সুবিধা বুজি এই তিনিওটা ৰাজনৈতিক দলে এটাই আনটোৰ ৰাজনৈতিক গণভিত্তি নিজৰ পক্ষত জয় কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। বিজেপিৰ বিৰুদ্ধে মহাযুদ্ধ ঘোষণা কৰাৰ সমান্তৰালভাৱে বিজেপি বিৰোধী মহা মৰ্চাৰ তিনিওটা ৰাজনৈতিক দলৰ মাজৰ প্ৰতিদ্বন্দ্বিতাও অব্যাহত আছে। তিনিওটা দলৰ মিত্ৰতাৰ বাবে তেওঁলোকে প্ৰত্যেকেই নিজৰ কিছু আসন হেৰুৱাব লাগিব বুলিও প্ৰত্যেকে আশংকা কৰিছে। জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টীৰ নেতাসকলে তেওঁলোকৰ নেতৃবৰ্গৰ মাজত আলোচনা কৰি বিজেপিৰ হাতৰ পৰা কেইখনমান আসন ৰক্ষা কৰিবলৈ শেষ চেষ্টা এতিয়াও বাদ দিয়া নাই। আনহাতে মায়াৱতীয়ে সমাজবাদী পাৰ্টিৰ লগত বুজাবুজি কৰাত কোনো আপত্তি নাই যদিও কংগ্ৰেছৰ বাবে নিজৰ গণভিত্তি থকা কোনো আসন শেষ পৰ্যন্ত এৰি দিবলৈ সন্মত নহয়। অৱশ্যে কংগ্ৰেছ, বিএছপি আৰু এছপি দলৰ সাধাৰণ কৰ্মীসকলে কোনো কাৰণতে বিজেপি দলক বিজয়ী হ’বলৈ দিয়াৰ পক্ষত নহয়। সকলোৱে আশা কৰে আগন্তুক ২০২২ত অনুষ্ঠিত হ’বলগীয়া উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত শাসনৰ গাদীৰ পৰা যোগী আদিত্য নাথ নেতৃত্বাধীন বিজেপি চৰকাৰক ক্ষমতাচ্যুত কৰিব লাগিব। কিন্তু কংগ্ৰেছ বহুজন সমাজ আৰু সমাজবাদী পাৰ্টীয়ে জটিল নিৰ্বাচনী যুদ্ধৰ মাজেৰে উত্তৰ প্ৰদেশত প্ৰত্যেকেই নিজৰ ভৰিৰ তলৰ মাটি মজবুত কৰিব বিচাৰিছে আৰু নিজৰ অস্থিত্ব পূৰ্বৰ তুলনাত বলিষ্ঠ ৰূপত তুলি ধৰিবলৈ চেষ্টা কৰিছে। একাংশ পৰ্যবেক্ষকে কোৱা মতে উত্তৰ প্ৰদেশত বিজেপিয়ে তিনিওটা দলৰ মাজত আভ্যন্তৰীণ কন্দলৰ বাবে অপেক্ষা কৰিছে আৰু ৰাজ্যখনত লোকসভা নিৰ্বাচনৰ পৰিৱৰ্তে আগন্তুক ২০২২ ৰ বিধানসভা নিৰ্বাচনৰ বাবে বেছি গুৰুত্ব আৰোপ কৰিছে। বিজেপিয়ে কোনো কাৰণতে উত্তৰ প্ৰদেশ বিধানসভাৰ পৰা নিজক উেচ্ছদ কৰিব নিবিচাৰে।
ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৱমূৰ্তি অটুট ৰখাৰ বাবেহে বিজেপিয়ে এইবাৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত নিৰ্বাচনত অংশগ্ৰহণ কৰিছে। বিজেপিৰ মতে তিনিওটা বিজেপি বিৰোধী দলৰ মিত্ৰতাই প্ৰত্যেকেই নিজৰ কবৰ নিজে খান্দিছে আৰু আগন্তুক দিনত কংগ্ৰেছে দল দুটাৰ ভৰীৰ তলৰ মাটি খান্দিবলৈ চেষ্টা কৰিব বুলি কয়। ইফালে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই কয় যে কংগ্ৰেছৰ ৰক্ষক হ’ল উত্তৰ প্ৰদেশৰ সংসদীয় আসনৰ সংখ্যা বৃদ্ধি কৰা আৰু ১৯৮৯ ৰ পৰা ৰাজ্যখনৰ ৰাজনৈতিক ক্ষমতাৰ পৰা আঁতৰি থকা উত্তৰ প্ৰদেশ বিধানসভাত কংগ্ৰেছ আকৌ বহিব বিচাৰে। সভাপতি ৰাহুল গান্ধীয়ে এই লক্ষ্যত কাম কৰিবলৈ নিৰ্দেশ দিয়া বুলি প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই জানিবলৈ দিয়ে। আনহাতে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ ভৰণ সম্পৰ্কে মন্তব্য কৰাৰ পৰা বিৰত থাকে আৰু প্ৰাৰ্ৰ্থী বাচনি কৰাৰ ক্ষেত্ৰত কয় যে উত্তৰ প্ৰদেশত কংগ্ৰেছে বিজেপিক পৰাজিত কৰাতকৈ কংগ্ৰেছে নিজৰ দলীয় ভিত্তি মজবুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আনহাতে কংগ্ৰেছে নিজৰ ভিত্তি শক্তিশালী কৰিবলৈ চলোৱা প্ৰচেষ্টাই বহুজন সমাজৰ নেত্ৰী মায়াৱতীকো শংকিত কৰি তুলিছে। আনহাতে উত্তৰ প্ৰদেশৰ মাটিৰ পৰা বিজেপিক বিদায় দিবলৈ তিনিও দলৰ ৰাজনৈতক মিত্ৰতা সম্প্ৰতিক সময়ৰ দাবী হৈ উঠিছে আৰু মিত্ৰজোটৰ তিনিও অংশীদাৰে এটাই আনটোক বাদ দিব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হৈছে।