শেহতীয়া খবৰ
Home / আঞ্চলিক / অসমীয়া জাতিৰ স্বভিমান ৰাখিব লাগিবঃমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অসমীয়া জাতিৰ স্বভিমান ৰাখিব লাগিবঃমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰঙিয়াত বিজেপিৰ বিশাল নিৰ্বাচনী সভা

 ডিজিটেল সংবাদ ৰঙিয়াঃ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে যেতিয়াৰ পৰা ভাৰতবৰ্ষৰ শাসনৰ দ্বায়িত্বভাৰ হাতত লৈছে, তেতিয়াৰ পৰা দেশখনত বিকাশৰ ধল বৈছে। শিক্ষা, বিজ্ঞান, স্বাস্থ্য, অৰ্থনৈতিক আদি সকলো দিশতে আগবাঢ়ি ভাৰতবৰ্ষ আজি শক্তিশালী ৰাষ্ট্ৰৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে। বিগত ৬০ বছৰত কংগ্ৰেছে দেশখনক শাসনৰ সলনি  শোষণহে কৰিছিল। এই কংগ্ৰেছ দলক আমি চিৰকালৰ বাবে বিদায় দিব লাগিব। —এই বক্তব্য মঙ্গলদৈ সংসদীয় সমষ্টিৰ বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ। ৰঙিয়া চহৰৰ মাজমজিয়াস্থিত ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত আজি নিৰ্বাচনী প্ৰচাৰত অংশ লৈ শইকীয়াই বিজেপিৰ পক্ষত ভূমিপুত্ৰ খিলঞ্জীয়া পক্ষ থকা বুলি কৈ পৰিয়ালকেন্দ্ৰিক কংগ্ৰেছক প্ৰত্যাখ্যান কৰিবলৈও আহ্বান জনায়।কংগ্ৰেছৰ চৰকাৰৰ সময়ত গঁড় হত্যা, নাৰী ধৰ্ষণ সত্ৰৰ মাটি দখলকে ধৰি অসমৰ পৰিস্থিতি অস্থিৰ হৈ পৰিছিল। আনহাতে কংগ্ৰেছৰ নিচিনা ধুতি-লুঙীৰ ৰাজনীতিৰ পৰিৱৰ্তে বিজেপিয়ে দুখীয়া ৰাইজৰ স্বাৰ্থত  ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ নাম ভৰ্ত্তি, বিনামূলীয়া পাঠ্যপুথি যোগান,  দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত  বিনামূলীয়া প্ৰপত্ৰ পূৰণ কৰাৰ  সুবিধা প্ৰদান কৰিছে ।  কংগ্ৰেছৰ কাৰ্যকালত তৰুণ গগৈয়ে মহিলা সকলক হেমামালিনী, কণকলতা , মূলাগাভৰুৰ লগত তুলনা কৰি আত্মসহায়ক গোট সমূহক মাত্ৰ পাঁচ হাজাৰ টকা দি মহিলা সৱলীকৰণ আচনিক অপমান কৰিছিল। কিন্তু  বিজেপি চৰকাৰে কণকলতা মহিলা সৱলীকৰণ আঁচনিত প্ৰথমে পঁচিশ হাজাৰ, পিছত পঞ্চাশ হাজাৰ শেষত একলাখ টকা পৰ্যন্ত সাহাৰ্য্য দিয়াৰ কথা উল্লেখ কৰে।
ৰাজ্যৰ সামগ্ৰিক পৰিৱেশ সম্প্ৰতি বৰ উন্নত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত পাঁচবছৰত অসমত পৰিবৰ্তনৰ জোৱাৰ উঠিছে। যাৰ বাবে ৰাইজে পুনৰ নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী ৰূপে বিচাৰিছে বুলি এই বক্তব্য আগবঢ়াই ।আনহাতে অসমীয়া জাতিৰ স্বভিমান ৰাখিব লাগিব বুলিও আজি জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত নিৰ্বাচনী জন সভাত ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।  লগতে মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে —” হুইজ বদৰুদ্দিন ” বুলি আজমলক হুংকাৰ দিয়া তৰুণ গগৈয়ে এতিয়া পুত্ৰ মোহত আজমলৰ শৰণাপন্ন হৈছে বুলি বক্তব্য ৰাখে। আজিৰ নিৰ্বাচনী সভাখনৰ আতধৰে অসম চৰকাৰৰ জলসিঞ্চন (স্বতন্ত্ৰ) ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই ।আনহাতে এই বিশাল নিৰ্বাচনী সভাত অগপৰ নেতা তথা প্ৰাক্তন বিধায়ক অনন্ত ডেকা, উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি ৰমেশ ডেকাকে ধৰি কেইবাজনো নেতা উপস্থিত থাকে ।