শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / স্মৃতিৰ পটত বিহু আৰু অসমীয়া মুছলমান

স্মৃতিৰ পটত বিহু আৰু অসমীয়া মুছলমান

✍️ ডাঃ এম এছ ইচকেন্দাৰ আলী

অসমীয়া জাতিৰ অন্তৰ্গত বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতিক, সমন্বয়, সম্প্ৰীতিৰমূলক আৰু কৃষিভিত্তিক উৎসৱ হ’ল বিহু। অসমৰ সকলো জনগোষ্ঠীয়ে অসমৰ জাতীয় উৎসৱ কাতি, ভোগালী আৰু ৰঙালী বা বহাগ বিহু, তেওঁলোকৰ নিজ নিজ ধৰ্মৰ লগত কিছু হ’লেও সাঙুৰি লৈ পালন কৰি আহিছে আৰু ইয়াৰ মাজতেই ধৰ্ম-নিৰপেক্ষতা বজায় ৰাখিছে। আজিৰ অসমত বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় আৰু সম্প্ৰীতিৰ সাকোডাল মজবুত কৰাৰ ক্ষেত্ৰত বিহু এক অন্যতম সংযোগী সংস্কৃতি। ইয়াত নাই জাতি-ভাষা-ধৰ্ম-সংকীৰ্ণতাৰ স্থান।
বহাগ বিহুৰ উৎসৱত প্ৰকৃতিয়ে নতুন ৰূপ লয়। গছ-বন-পাত ফলমূলে নতুন ৰূপ লয়। কুলি-কেতেকী পক্ষী আদিৰ সুমধুৰ মাতত সংগীতৰ লহৰ উঠে। ইফালে মানুহৰ মন-শৰীৰতো বসন্ত ঋতুৰ প্ৰভাৱত উদ্দীপনা বাঢ়ে। প্ৰজনন, যৌনতাৰো পয়োভৰ হয়। এই কৃষিভিত্তিক উৎসৱ বহাগতে আৰম্ভ হয়। গছৰ তলত মুকলি পথাৰত মাতিৰ উবৰ্বৰ শক্তিৰ কামনা কৰি নৃত্য আদিৰে বিহু উৎসৱ আৰম্ভ হয়।
বহাগ বিহুত বিভিন্ন জনগোষ্ঠীৰ উপৰিও উজনি অসমৰ মুছলমানসকলেও কণী যুঁজ খেলে, কণী যুঁজৰ সময়ত কণী মাতিত পৰিলে মাটিৰ উৰ্বৰা শক্তি বাঢ়ে বুলি বিশ্বাস কৰে। কড়ি খেলেও মাটিৰ উৰ্বৰতা বঢ়ায় বুলি লোকবিশ্বাস প্ৰচলিত আছে। অসমীয়া মুছলমান কৃষক সকলেও কৃষি ভিত্তিক বিহুৰ সকলো লোকাচাৰ আৰু পৰম্পৰা পালন কৰে। সেয়েহে বিহু এটা সাৰ্বজনীন আৰু ধৰ্মনিৰপেক্ষ জাতীয় উৎসৱ, বাপতি সাহোন। আজি যি সময়ত বিভিন্ন বিভাজনবাদী শক্তিয়ে জাতি, ধৰ্ম, বৰ্ণ, ভাষাৰ নামত এই বৃহত্তৰ অসমীয়া জাতিক ভাগ ভাগ কৰিবলৈ উঠি পৰি লাগিছে, সেই দানৱ শক্তিক অঙ্কুৰতে সাবৰ্বজনীন বিহুৱেই নষ্ট কৰিব বুলি আশা কৰো।
বিশিষ্ট কবি, সাহিত্যিক, সমালোচক চিন্তাশীল আৰু বিহুৰ গৱেষক যোৰহাট পলিটেকনিক ইন্সটিটিউচনৰ অধ্যাপক ইছমাইল হোছেইনৰ ভাষাত “ভাৰতবৰ্ষৰ ভিতৰত বিহুৱেই একমাত্ৰ ধৰ্মনিৰপেক্ষ উৎসৱ। এই বিহুৰ গৌৰৱ অসমীয়া জনগণৰ গৌৰৱ।” অসমৰ মুছলমানসকলৰ ভাষা, কৃষ্টি, সংস্কাৰ আদি স্থানীয় হিন্দু সকলৰ দৰে প্ৰায় এক হোৱাৰ কাৰণ হ’ল আহোমসকল অসমলৈ আগমন ঘটাৰ ২৪ বছৰৰ আগতে অৰ্থাৎ ১২০৪ খ্ৰীষ্টাব্দত তুৰ্কি বখতিয়াৰ উদ্দিন খিলঞ্জীয়ে তিৰ্ববত আক্ৰমণৰ উদ্দেশ্যে অসমৰ মাজেৰে যাবলৈ বিচাৰি অসমত প্ৰৱেশ কৰিছিল। কিন্তু ইয়াৰ স্থানীয় ৰজাৰ লগত যুদ্ধ কৰি হাৰি মৃত্যুমুখত পৰে। তেতিয়া খিলঞ্জীৰ বাকী সৈন্য বিলাক বন্দী হৈ অসমতে ৰৈ যায়। আজিও ইয়াৰ বিৱৰণ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত থকা ‘কানাই বৰশী বোৱা শিল’ত লিখা আছে। এই সৈন্যসকলৰ লগত কোনো তিৰোতা নহাৰ বাবে সৈন্য সকলে ইয়াতেই থাকি স্থানীয় তিৰোতা বিয়া-বাৰু কৰাই ৰৈ গৈছিল। তেওঁলোক আৰু তেওঁলোকৰ সতি-সন্ততি সকলেই অসমত প্ৰথম মুছলমান ধৰ্মী লোক। ১২০৪ খ্ৰীষ্টাব্দৰ পৰা আৰম্ভ কৰি ১৭ বাৰ তুৰ্কি, পাঠান আৰু মোগলসকলে আক্ৰমণ কৰিছিল অসমৰ ভূখণ্ডক। এই মুছলমানসকলৰ বেছিভাগেই অসমত ৰৈ গৈছিল আৰু অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকৰ জীয়ৰীক বিয়া-বাৰু কৰাইছিল। তেওঁলোকৰ সতি-সন্ততিসকল অসমৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে। বহুতো লোক আকৌ ইছলাম ধৰ্মলৈ ধৰ্মান্তৰ হৈছিল। তেওঁলোক সকলোৱে অসমীয়া মুছলমান। এই থলুৱা মুছলমান জনগোষ্ঠীয়ে অসমীয়া ভাষা, শিল্প, সংস্কৃতি আৰু অৰ্থনৈতিক, ৰাজনৈতিক আৰু দেশ ৰক্ষাৰ ক্ষেত্ৰত বহুতো অৱদান আগবঢ়াইছে। তেওঁলোকৰ সৈতে স্থানীয় হিন্দুসকলৰ কোনো পাৰ্থক্য দেখা পোৱা নাযায়। সেয়েহে এই মুছলমানসকল অসমীয়া জাতিৰ এক বিৰাট শক্তিশালী অংগ। আহোম স্বৰ্গদেউসকলৰ ৰাজত্ব কালত হিন্দু-মুছলমানৰ সাতাম পুৰুষীয়া সম্প্ৰীতিৰ গঢ় লৈ উঠিছিল। হিন্দুৰ দৰে মুছলমান সম্প্ৰদায়ক ৰজাঘৰীয়া বিষয়বাব আৰু উপাধিৰে সন্মানিত কৰিছিল। আহোম ৰজাই জাতি-ধৰ্মৰ ভেদভাৱ নাৰাখি যোগ্যজনকহে দেশ ৰক্ষাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত ৰজাবাৱ দিছিল। এই মুছলমান ৰাজবিষয়াসকলে বিহু পালন কৰিছিল।
এই অসমীয়া মুছলমানসকল আহোমৰ ৰাজত্ব কালত অসমৰ জাতীয় জীৱনৰ লগত এনেদৰে মিলি গৈছিল যে নামটোৰ বাহিৰে এওঁলোকক স্থানীয় অমুছলমানসকলৰ পৰা পৃথক কৰিব পৰা নগৈছিল। মিৰজুমলাৰ অসম জয়ৰ সময়ত তেওঁৰ লগত অহা বুৰঞ্জীবিদ চাহাবুদ্দিন তালিছে লিখিছে, ‘ইয়াৰ স্থানীয় মুছলমানসকল নামটোৰ বাহিৰে স্থানীয় হিন্দু সকলৰ লগত ভাষা, সংস্কৃতি, চলাচল ব্যৱহাৰ আদিত একেই। এই অসমীয়া মুছলমানসকলে বাহিৰৰ মুছলমান সকলক বিশ্বাস নকৰিছিল আৰু ভাল নাপাইছিল।’
ইয়াৰ বাহিৰেও কেইবাজন চুফী সাধক আৰু ধৰ্ম প্ৰচাৰক, সংস্কৃাৰক যেনে গিয়াচুদ্দিন আউলীয়া, হজৰত আজানপীৰ আদি আহি অসমত ৰৈ গৈছিল। সপ্তদশ শতিকাৰ তৃতীয়, চতুৰ্থ দশকত ভায়েক হজৰত নবীক লগত লৈ সাধক চুফি হজৰত আজানপীৰে বাগদাতৰ পৰা অসমলৈ আহি শেষত শিৱসাগৰৰ গড়গাঁৱৰ ওচৰত চুনপুৰাত আছিল। তেওঁ অসমীয়া ভাষা আয়ত্ব কৰি পাছত নাম গীত, বিহুগীত, চোকাৰী গীত আয়ত্ব কৰিছিল। তেখেতে অকল আল্লা সাধনাৰ বাণীয়েই প্ৰচাৰ কৰা নাছিল, তেওঁ স্থানীয় অসমীয়াৰ লগত মিলি গৈছিল। আজানপীৰে শ্ৰীমন্ত শংকৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্মৰ বিষয়ে অধ্যয়ন কৰিছিল। সেয়েহে আজাপনীৰ চাহাবৰ জিকিৰ সমূহত চাৰিবেদ, দৰ্শন, সন্ত-মহন্ত আদিৰ উল্লেখ আছে। তেওঁ হিন্দু-মুছলমানৰ সমন্বয়ত জোৰ দিছিল। সেয়েহে তেওঁৰ জিকিৰসমূহ বৰগীত আৰু হুঁচৰি গীতৰ সুৰতো গাব পৰাকৈ ৰচনা কৰিছিল।
১৬৮১ চনত স্বৰ্গদেউ গদাধৰ সিংহ অসমৰ ৰাজপটত বহিছিল। তেওঁৱেই আজানপীৰৰ বাকীছোৱা কাল কটাবলৈ দিখৌ নৈৰ পাৰৰ স’ৰাগুৰি চাপৰিৰ মাটি দান কৰিছিল। সেয়েহে জিকিৰত আছে–
স’ৰাগুৰি চাপৰি দিখৌ নৈৰ কাষৰি
ৰজাই সজাই দিয়া ম
ছকুৰি ভকতে লয় আল্লাৰ নাম
মাদুৰী বনৰে কাঠ।
আজিও সংমিশ্ৰণ আৰু সমন্বয়ৰ মাজেৰে হিন্দু-মুছলমান আদি সকলো সম্প্ৰদায়ৰ মাজত বিহুৰ সমাদৰ বাঢ়ি গৈ আছে। বহাগৰ গৰু বিহুৰ দিনা নৈৰ পাৰত বা জান-জুৰিত গা ধুৱাবলৈ লৈ যায় উজনি অসমৰ মুছলমান সকলেও। ধুবুৰী, বৰপেটা, গোৱালপাৰা আদিৰ মুছলমানসকলে বিহু পালন কৰে। চৰ-চাপৰিৰ ইছলামধৰ্মী সকলে পুষুৰা নামেৰে মাঘ বিহুৰ পৰম্পৰা পালন কৰে। নামনি অসমৰ মুছলমানসকলে আলোপতি, মানেকঠৰ, নায়েৰ আলগা আদি ঠাইত আনুষ্ঠানিকভাৱে ৰঙালী বিহু পালন কৰি ২০১০ চনত ৰূপালী জয়ন্তী বৰ্ষ সম্পন্ন কৰিলে। তেনেদৰে কুজাৰ পীঠ বিহু সন্মিলনেও আজি ২৫ বছৰত ভৰি দিছে। নামতি অসমৰ মুছলমানৰ মাজত বিহুৰ প্ৰসাৰত আগভাগ লৈছে অসমৰ বিখ্যাত কবি, সমালোচক, লিখক ইছমাইল হুছেইনে। হুছেইন চাহাবে আকৌ কৈছে– ‘অসমৰ মুছলমানসকল ধৰ্মগত ভাৱে ইছলামধৰ্মী, কিন্তু জাতিগত ভাৱে হাড়ে হিমজুৱে অসমীয়া, সেয়েহে এওঁলোকক বাদ দি অসমীয়া সংস্কৃতিয়ে পূৰ্ণতা নাপায়।’
যিদৰে অসমীয়া সংস্কৃতিত সত্ৰীয়া সংস্কৃতিয়ে সৰ্বত্ৰ প্ৰভাৱ পেলাইছে সেইদৰে জিকিৰ জাৰিয়েও অসমীয়া সংস্কৃতিত যথেষ্ট প্ৰভাৱ পেলাই অধিক চহকী কৰি তুলিছে। এই লেখাৰ সৈতে সংগতি ৰাখি মই মোৰ স্মৃতিত থকা বিগত দিনৰ বিহুৰ বিষয়ে কিছু কথা ক’ব বিচাৰিছো। ১৯৭০ চনত ডুমডুমা টাউনৰ সমীপত থকা ডাইচাজান চাহ বাগিচাত মই মেডিকেল অফিচাৰ হিচাবে থকা কালত ৰঙালী বিহু উৎসৱত চাহ বাগানৰ শ্ৰমিক আৰু কৰ্মচাৰীসকলক লৈ হুঁচৰি দল গঠন কৰিছিলো। এই দলত¸ চাহ বাগানৰ ইংৰাজ মেনেজাৰ মিঃ স্কটেও আমাৰ লগত যোগ দিছিল। ওচৰৰ গাঁও এখনৰ নিম্ন বুনিয়াদী ¦³¨ল স্থাপন কৰিবলৈ অৰ্থৰ প্ৰয়োজন হোৱাত এই বিহু দলক লৈ ওচৰৰ গাঁও আৰু চাহ বাগানৰ ঘৰে ঘৰে গৈছিলো হুচৰি গোৱাই দান-বৰঙণি সংগ্ৰহ কৰিছিলো।
ডুমডুমা টাউনত বছেৰেকীয়া বিহু সন্মিলনত হুঁচৰি গীত আৰু একাংক নাট প্ৰতিযোগিতাত আমাৰ বাগানৰ পৰা প্ৰতিযোগিতাত যোগদান কৰিছিল। সেই নাট প্ৰতিযোগিতাত স্বৰ্গীয় অধ্যাপক তফজুল আলিৰ ‘নাপাতি কেনেকৈ থাকো’ মঞ্চস্থ কৰি আমাৰ চাহ বাগান প্ৰথম হৈছিল। ইয়াৰ পাছত মই তিনিচুকীয়া টাউনৰ গাতে লাগি থকা কচুজান চাহ বাগান এখনলৈ বদলি হৈছিলো। তাতো প্ৰথমবাৰ ‘তিনিচুকীয়া উদ্যোগত নগৰ বিহু সন্মিলন’ নাম দি সন্মিলন পাতিছিলো। এই লিখক সেই সন্মিলনৰ সাংস্কৃতিক বিভাগৰ সম্পাদক আছিল। আজি কিছু বছৰৰ আগতে গুৱাহাটীৰ গাতে লাগি থকা গণেশপাৰা বিহু সন্মিলনত বিশিষ্ট বক্তা হিচাপে গৈ সন্ধিয়া যোগদান কৰিছিলো।
মোৰ শৈশৱ কালৰ কথা। দেউতা টেঙাখাতৰ মৌজাদাৰ আছিল। ১৯৪৫ চনৰ কথা। আমাৰ গাঁওখনৰ নাম চুঙ্গী গাঁও। বিহু, বিশেষকৈ ভোগালী আৰু ৰঙালী বিহু অহাৰ কিছুদিনৰ আগৰে পৰা বিহুক আদৰি অনাৰ যো-যা আমাৰ ঘৰত দেখিবলৈ পাওঁ। মা, বাইদেউ, নবৌ, খুড়ী সকলোৱে গামোচা বোৱা, পিঠাগুড়ি খুন্দা শব্দই ঘৰখন মুখৰিত কৰি তোলে। গাঁৱৰ হুঁচৰি দলে প্ৰথমেই আমাৰ ঘৰলৈ আহি হুঁচৰি গাইছিল। পদুলিমুখত ঢোল, পেঁপা, গগনা, বিহুৱানেৰে দল আহিলে বৰ উত্তেজিত হওঁ, মন উগুল-থুগুল, থৌকি-বাথৌ হয়। মোৰ মা, দেউতা, বাইদেউ, ককাইদেউ সকলো বহি হুঁচৰি দলৰ আশীৰ্বাদ লওঁ। মোৰ মনত পৰে, গাঁৱৰ প্ৰায় ঘৰৰ পৰা আমাৰ ঘৰলৈ মানে মৌজাদাৰৰ ঘৰলৈ কেচা বাঁহৰ চুঙাত গাখীৰ, ফুলাম গামোচাত বান্ধি অনা গুৰ, সান্দহ, চিৰা আদিৰ সিধা দি যায়। কি যে আনন্দ লাগে সেই সময়ৰ বিহুৰ কথা ভাবি। এনেদৰেই শৈশৱৰ পৰা পৌঢ় বয়সলৈকে আমি ৰঙালী বিহুৰ সৈতে জৰিত হৈ আমাৰ মন-প্ৰাণ চহকী কৰিবলৈ সক্ষম হৈছো। ৰঙালী বিহুৱে আমাক দিছে হিন্দু-মুছলমান এক হৈ যোৱাৰ বাণী সেয়ে আজানপীৰে কৈছিল–
‘হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান
মোৰ মনত একেটি ভাব।
হিন্দুকে জ্বলাব মোমিনক গঢ়িব
একেখন জমীনৰ তলত।’
সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চৈয়দ আব্দুল মালিকে এটা কবিতাত কৈছিল– ‘মৰিলেও বৰি লম অসমৰ অসমীয়া মৰণ।’ আমিও ভাবে যে ৰঙালী বিহুৱে অসমৰ হিন্দু, মুছলমান, খৃষ্টান, বৌদ্ধ, শিখ আদি ধৰ্মাৱলম্বী লোকৰ উপৰি জনজাতি-অজনজাতি সমন্বিতে সৰ্বস্তৰৰ লোকক ‘অসমীয়া মৰণ’ৰ সংকল্পেৰে মহিমামণ্ডিত কৰিছে। সেয়ে আমিও ব্যক্তিগতভাৱে হৃদয়ত ধাৰণ কৰিছো ৰঙালী বিহুৰ ধৰ্মনিৰপেক্ষ মহত্ব। সৌ সিদিনা মানে যোৱা জানুৱাৰী মাহত অসমৰ বাতৰি কাকতত খবৰ পাও যে বাংলা দেশৰ ঢাকাত তাহানি দেশ বিভাজনৰ কালতে ৰৈ যোৱা প্ৰবাসী অসমীয়া মুছলমানসকলে ভোগালী বিহু খুউব ধুমধামেৰে পালন কৰিছে আকৌ সূদুৰ কানাডাৰ কেলগেৰীত থকা প্ৰবাসী অসমীয়া সকলেও বিহু পালন কৰাৰ বাতৰি পাও। শ্ৰীমতী মল্লিকা চাহনাজে বিহুনৃত্য, গীতত অংশ লোৱাৰ ওপৰিও সম্পাদনা কৰে এখন বিহুৰ স্মৃতি গ্ৰন্থ।
সামৰণিত মই আকৌ কওঁ যে বিহুৰ উদাৰতা আৰু ধৰ্ম্ম নিৰপেক্ষ চৰিত্ৰই অসমীয়াৰ জাতীয় চৰিত্ৰক অতি মহান কৰি তুলিছে, সেয়েহে বিখ্যাত কবি নলিনীবালা দেৱীৰ ভাষাত ……….
“বিহু মোৰ অসমৰ দল মিলনৰ
পবৰ্বত ভৈয়ামক জুৰি মন্দিৰে মছজিদে
বিহুৱে চিনাকি দিয়ে মাথোঁ “অসমীয়া”
বিহুৰ বাতৰি লৈ ঘৰে ঘৰে মিলন মধুৰ
হিয়াই হিয়াই বাজে উছসৱৰ সুৰ
ভেদ ভাব পাহৰি পেলোৱা
চেনেহৰ অমিয়া বিলোৱা
শান্তিৰ পৱিত্ৰ ভূমি স্বৰ্গৰ অসম জননী
তুমি মোৰ জনমৰ মৰণৰ ঠাই।”

✍️ ডাঃ এম এছ ইচকেন্দাৰ আলী | দুৰভাষ : ৯৮৬৪০-৫৭৭৫১ ]