শেহতীয়া খবৰ
Home / আঞ্চলিক / বকোত কংগ্ৰেছৰ গুৱাহাটী লোক সভা সমষ্টিৰ প্ৰাৰ্থী ববিতা শৰ্মাৰ নিৰ্বাচনী ৰণশিঙা।

বকোত কংগ্ৰেছৰ গুৱাহাটী লোক সভা সমষ্টিৰ প্ৰাৰ্থী ববিতা শৰ্মাৰ নিৰ্বাচনী ৰণশিঙা।

গণ বাৰ্তা, বকো,  ১০ এপ্ৰিলঃ ঃ
কামৰূপ জিলাৰ বকো সমষ্টিত আজি কংগ্ৰেছ দলৰ উদ্যোগত অনুষ্ঠিত হোৱা কেইবাখনো নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি নিৰ্বাচনী ৰণডংকা বজায় ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ববিতা শৰ্মাই। আজি বকো সমষ্টিৰ অন্তৰ্গত বকো ৰাজীৱ ভৱন প্ৰাংগণ, ভালুকঘাটা সত্ৰ প্ৰাংগণ, নাৰেংগা, ভুখুৰাদিয়া বজাৰ প্ৰাংগণকে ধৰি ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰ প্ৰাংগণ, কালাতলী (নতুন কাঠমী) বজাৰ প্ৰাংগণৰ লগতে সোণতলী, ৰাংগাপানী অঞ্চলত বিজেপি-অগপ দলক থকা-সৰকাৰে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মাই ভাষণ প্ৰদান কৰি কংগ্ৰেছ দলক ভোট প্ৰদান কৰিবলৈ ৰাইজক আহ্বান জনায়। নিৰ্বাচনী প্ৰচাৰ সভাত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে মিছলীয়া আৰু ভুৱা প্ৰতিশ্ৰতি দি ভোটাৰ ৰাইজক মাধমাৰ শোধোৱা বিজেপি চৰকাৰক অহা ২৩ এপ্ৰিলত যোগ্য প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনায়।
নিৰ্বাচনী প্ৰচাৰ অভিযানত সোণতলী-টুপামাৰী জিলা পৰিষদৰ সদস্য স্বাজাহান আলী আহমেদে অংশ গ্ৰহণ কৰি বকো সমষ্টিৰ পৰা একশ শতাংশ ভোট অহা ২৩ এপ্ৰিলত ৰাইজে প্ৰদান কৰিব বুলি দৃঢ়তাৰে উল্লেখ কৰে। নিৰ্বাচনী সভাত বকো সমষ্টিৰ নিৰ্বাচনী তত্ত্বাৱধায়ক দিগন্ত ৰাভা, নগৰবেৰা জিলা পৰিষদৰ সদস্যা হিমাদ্ৰী পাঠক প্ৰমুখ্যে কংগ্ৰেছৰ নেতৃবৃন্দ উপস্থিত থাকে। বকো ব্লক কংগ্ৰেছৰ সভাপতি অৰবিন্দ ৰাভা, সাধাৰণ সম্পাদক বিজু হুছেইন, লাচিত আলীকে প্ৰমুখ্য কৰি বহুতো কংগ্ৰেছ কৰ্মীবৃন্দই অংশ গ্ৰহণ কৰে। উল্লেখ্য, ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ববিতা শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ প্ৰাক্মুহূৰ্ততে বকো সমষ্টিৰ কে’বাখনো ঐতিহ্যমণ্ডিত সত্ৰত প্ৰৱেশ কৰি সত্ৰাধিকাৰৰ উপস্থিতিত নিৰ্বাচনত জয়ী হোৱাৰ উদ্দেশ্যে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰে।

( Cr : বিশেষ প্ৰতিবেদন, দৈনিক গণ অধিকাৰ  | A Dainik Gana Adhikar Election Special Report )