শেহতীয়া খবৰ
Home / ক্ৰীড়া / ছিংগাপুৰ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত সিন্বুূ

ছিংগাপুৰ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত সিন্বুূ

ছিংগাপুৰ, ১১ এপ্ৰিলঃ
অলিম্পিক ৰজত পদক বিজেতা পি ভি সিন্বুূৱে ডেনমাৰ্কৰ মিয়া ব্লিচফিল্টৰ বিৰুদ্ধে পোনপটীয়া গেমত জয়লাভ কৰি বৃহস্পতিবাৰে ইয়াত ছিংগাপুৰ অ’পেন বেডমিণ্টন টুৰ্নামেণ্টৰ মহিলা একক কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। চতুৰ্থ জ্যেষ্ঠতাপ্ৰাপ্ত সিন্বুূৱে বিশ্ব ৰেংকিঙৰ ২২তম স্থানৰ মিয়াক ৩৯ মিনিটত ২১-১৩, ২১-১৯ত পৰাস্ত কৰে। ডেনমাৰ্কৰ এইগৰাকী খেলুৱৈৰ বিৰুদ্ধে এয়া সিন্বুূৰ একেৰাহে দ্বিতীয়টো জয়। বিশ্বৰ ছয় নম্বৰত থকা সিন্বুূৱে পৰৱৰ্তী প্ৰতিদ্বন্দ্বিতাত বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজেতা চীনৰ খেলুৱৈ কাই য়ানয়ানৰ মুখামুখি হ’ব। সিন্বুূৱে প্ৰথম গেমত আৰম্ভণিতে ৩-০ত অগ্ৰগতি সাব্যস্ত কৰি শেষলৈকে ইয়াক অব্যাহত ৰাখে যদিও দ্বিতীয় গেমত স্ক’ৰ এটা সময়ত ৮-৮ৰে সমান সমান হয় যদিও ইয়াৰ পিছতে ভাৰতীয় খেলুৱৈগৰাকী ১১-১৫ত পিছপৰিও আছিল। যোৱা মাহত ইণ্ডিয়া অ’পেনৰ ছেমি ফাইনেলত অৱতীৰ্ণ হোৱা সিন্বুূৱে সম্প্ৰতি প্ৰত্যাৱৰ্তন কৰি স্ক’ৰ ১৭-১৭ কৰে আৰু পুনৰ মেচত জয়লাভ কৰিবলৈ সক্ষম হয়৷