শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / প্ৰসংগ : নিৰ্বাচন আৰু অচ্ছে দিনৰ খতিয়ান

প্ৰসংগ : নিৰ্বাচন আৰু অচ্ছে দিনৰ খতিয়ান

✍️ দিগন্ত ৰাগ

সাধাৰণ নিৰ্বাচন আহি পদূলিমুখত থিয় দিছে। পাঁচ বছৰে চৰ, গোৰ, ভুকু খাই জীয়াই থকা জনতা জনাৰ্দনৰ আকৌ এবাৰ ৰজা হোৱাৰ সুযোগ সন্মুখত। ৰাইজেই ৰজা। বগা পোছাকৰ আঁৰৰ পাঁচ বছৰীয়া সূত্ৰ সলনি কৰাৰ সুযোগ হাতত। অচ্ছে দিনৰ আশাত মোহাচ্ছন্ন হৈ থকা ৰাইজৰ ইতিমধ্যে মোহ ভংগ হৈছে। অচ্ছে দিনৰ শ্ল’গান এইবাৰ চকীদাৰলৈ পৰিৱৰ্তিত হৈছে। দেশৰ লক্ষ লক্ষ চকীদাৰসকলৰ জীৱনলৈ অচ্ছে দিন নাহিলেও ‘চকীদাৰ’ শব্দটোৱে অন্তত মৰ্যাদা পাইছে। বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰ দেশখনৰ ট্ৰেজেডীও এয়াই। ‘চকীদাৰ’ শব্দটোৰ আঁৰত চকীদাৰী কৰি জীয়াই থকাসকলৰ অৱস্থাৰ কোনো পৰিৱৰ্তন ঘটা নাই আৰু নঘটেও, এয়া সৰ্বজনবিদিত। যেনেকৈ যোৱা পাঁচ বছৰে ভাৰতবৰ্ষৰ কোনো নাগৰিকৰ বেংক একাউণ্টলৈ পোন্ধৰ লাখকৈ টকা অহাৰ পৰিৱৰ্তন সংঘটিত নহ’ল। আটা পিহা চাকীত পিষ্ট চকীদাৰসকলৰ জীৱনৰ সলনি ‘চকীদাৰ’ শব্দটোত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। চকীদাৰ শব্দটোৱে এগৰাকী সুৰক্ষা কৰ্মীৰ যি কৰ্তব্য নিষ্ঠাৰ সংজ্ঞা বহন কৰিছিল ৰাজনৈতিক নেতাৰ ভোটৰ অংকত সেয়া এতিয়া ধেমালিত পৰিণত হৈছে। এয়াই কি অচ্ছে দিনৰ সপোন· ছাপন্ন (৫৬)ইঞ্চিৰ বুকু ফুলাই বিচৰা ষাঠি মাহ ইতিমধ্যে সমাপ্ত হৈছে। মুষ্টিমেয় পুঁজিপতি কেইজনমানৰ বাহিৰে দেশৰ কোটি কোটি জনসাধাৰণৰ কেইজনৰ বুকু ফুলিবলৈ পালে· ছাপন্ন ইঞ্চিৰ বুকুৰ আঁৰত ঢাক খাই পৰিছে সৰু সৰু বুকুৰ সৰু সৰু সপোনবোৰ। ভয়- ভীতি, পুঁজিপতিৰ হাতোৰাৰ আগ্ৰাসন, হিন্দুত্ববাদৰ শ্ল’গান আৰু দৌৰাত্ম্য, ব্যক্তিগতকৰণৰ ধামখুমীয়া, মূল্য বৃদ্ধিৰ হেঁচাত উশাহ বন্ধ হৈ আহিছে সৰু সৰু বুকুৰ গৰাকীসকলৰ। দৰ্জাৰে সোমাই অহা অচ্ছে দিনৰ বৃহৎ সপোন ক্ৰমাৎ সৰু হৈ খিৰিকীৰে পলাই পত্ৰং দিছে। বিগত সময়ত হৈ যোৱা পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলে অচ্ছে দিনৰ খতিয়ান আমাৰ আগত স্পষ্ট কৰি তুলিছে। তদুপৰি বিভিন্ন চৰকাৰী-বেচৰকাৰী সংস্থাসমূহৰ সমীক্ষালৈ চকু ফুৰালে অচ্ছে দিনৰ নামত কি ঘটিছে, সেয়া সহজে অনুমেয়। শেহতীয়াকৈ প্ৰকাশ পোৱা ‘এছ’চিয়েচন ফ’ৰ ডেম’ক্ৰেটিক ৰিফৰ্মচ’ (এ ডি আৰ )ৰ তথ্যমতে বৰ্তমান চৰকাৰৰ পৰিৱৰ্তনৰ ওপৰত তেওঁলোকে চলোৱা সমীক্ষাত নিম্নোক্ত দহটা বিষয়ত চৰকাৰৰ সফলতাক ৫ নম্বৰ ভিতৰত সূচীভুক্ত কৰাত ভোটাৰসকলে দিয়া পইণ্ট তলত দিয়া ধৰণৰ — ১) ৰাস্তা-ঘাট – ২.৪, ২) চিকিৎসা – ২.৪, ৩) খোৱা পানী- ২.৫, ৪) কৰ্ম -সংস্থাপন-২.২, ৫) যান-বাহন- ২.৬, ৬) কৃষি ঋণ- ২.২, ৭) জলসিঞ্চন- ২.৩, ৮) আইন শৃংখলা- ২.৩ ।

এ ডি আৰৰ সমীক্ষাৰ তথ্যই প্ৰতিশ্ৰুতিৰ বন্যাৰ বিপৰীতে ৰূঢ় বাস্তৱৰ প্ৰকৃত ছবিখন দেশবাসীৰ আগত নগ্নভাৱে উদঙাই দিছে। দেশে-বিদেশে পৰিৱৰ্তনৰ শ্ল’গান আওৰাই ৰাজহুৱা ধনৰ শৰাধ কৰি ফুৰা নেতাসকলৰ নিজৰ দেশৰ পৰিৱৰ্তনৰ ভয়াৱহ আৰু লজ্জাজনক ছবিখন উদঙাই দিছে ‘ Global Hunger Index’ৰ সমীক্ষাই। তেওঁলোকে ১১৯খন দেশত চলোৱা ছাৰ্ভেৰ মতে বিশ্ব ক্ষুধাসূচীত ভাৰতৰ স্থান ২০১৮ চনত হ’ল গৈ ১০৩। যিটো সূচ্যাংক মতে ২০১৪ চনত ভাৰতৰ স্থান আছিল ৫৫। প্ৰযুক্তি আৰু পৰিৱৰ্তনৰ শ্ল’গান গোৱা দেশখনৰ অৰ্ধেক সংখ্যক জনগণে আজিও আধাপেটিকৈ দিন কটাব লগা হয়। অচ্ছে দিনৰ সপোন দেখা ৰাইজৰ আজিৰ তাৰিখত এয়াই ৰূঢ় বাস্তৱ। ১১৯জন বিলিয়নাৰ থকা দেশ এখনৰ জনতাৰ প্ৰকৃত ছবিখন হৈছে তেওঁলোকে পেটৰ ভাতমুঠিও ঠিকমতে খাবলৈ নাপায়, পুষ্টিকৰ খাদ্য দূৰৰে কথা। তেওঁলোক আকৌ ৰজা, উস কি পৰিহাস এয়া। ফুলি থকা ৫৬ ইঞ্চিৰ বুকুৰ আগফালে কোনে আৰু পিছফালে কোনে অৱস্থান কৰিছে, সেয়া বুজাত এতিয়া ৰাইজৰ মুঠেও ভুল হোৱা নাই।

ধৰ্মনিৰপেক্ষতাৰ পৰা গৈ বৰ্তমান সাম্প্ৰদায়িক স্বৈৰতন্ত্ৰৰ যি পৰিস্থিতি দেশত উদ্ভৱ হৈছে, তাৰ ফলত ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে সমগ্ৰ বিশ্বত বন্দিত ৰাষ্ট্ৰখনত ক্ৰমাৎ বাঢ়ি আহিছে ধৰ্মীয় মৌলবাদ।

‘সবকা সাথ, সবকা বিকাশ’ নীতি এতিয়া ফুট ছাঁইত পৰিণত হৈছে। সবকা সাথ নীতিৰ আঁৰত ঘটা কাৰ্যকালাপত বিপৰ্যস্ত হৈ জনগণে খাদ্যাভাস পৰ্যন্ত সলনি কৰিবলৈ বাধ্য হৈছে, মূলতঃ ভীতিগ্ৰস্ত হৈ। বোপা-ককাৰ দিনৰ ভেটিটো পৰিত্যাগ কৰি নিৰাপদ স্থান বিচাৰিবলগীয়া নানান ঘটনা এইখন দেশতে সংঘটিত হৈছে। কোনো বিশেষ ধৰ্মৰ পোষকতা নকৰা নীতিৰে ৰচিত হোৱা সংবিধান বিপদাপন্ন হৈ পৰিছে। প্ৰাণৰ মমতাত, নিৰাপত্তাৰ অভাৱত ধৰ্মান্তৰিত হোৱাৰ ঘটনাও সংঘটিত হৈছে পৃথিৱীৰ ভিতৰত বৃহৎ সংবিধান থকা এইখন দেশতে।

অচ্ছে দিনৰ এটা অন্যতম প্ৰতিশ্ৰুতি কৰ্ম সংস্থাপন বৃদ্ধিৰ শ্ল’গান আছিল দেশৰ নৱ প্ৰজন্মক আকৰ্ষিত কৰি ভোট লাভৰ পংকিল অংকৰ এটা সমীকৰণ। প্ৰতিশ্ৰুতি আছিল বছৰি দুই কোটিকৈ পাঁচ বছৰত দহ কোটি চাকৰি সৃষ্টিৰ, কিন্তু বাস্তৱত সেয়া নহ’ল। বিগত ৪৫বছৰৰ ভিতৰত এই চৰকাৰৰ দিনত নিবনুৱাৰ হাৰ সৰ্বোচ্চ হৈছে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল এই তথ্য খোদ জাতীয় নমুনা সমীক্ষা সংস্থাৰ (এন এছ এছ অ’) প্ৰতিবেদন মৰ্মে ‘বিজনেছ ষ্টেণ্ডাৰ্ড’ত এই সমীক্ষা বিতংভাৱে প্ৰকাশ হয়। উৎপাদন ক্ষেত্ৰসমূহত কৰ্মসংস্থাপন ২০১১-১২চনৰ ৫কোটি ৮৯লাখৰ পৰা হ্ৰাস হৈ ২০১৫-১৬ চনত ৪কোটি ৮০ লাখ হয় গৈ। এই ধৰণৰ পৰিসংখ্যাবোৰ খুবেই হতাশজনক। প্ৰধানমন্ত্ৰীৰ গৃহ ৰাজ্য গুজৰাটতে যোৱা বছৰৰ শেষভাগত মাত্ৰ ১২হাজাৰ তৃতীয় শ্ৰেণীৰ চৰকাৰী পদৰ বাবে ৩৭ লাখ প্ৰাৰ্থীহে আবেদন কৰিছিল।

অন্ন দাতা কৃষকসকলে নিতৌ আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। যোৱা দহ বছৰৰ সমীক্ষা অনুসৰি ভাৰতবৰ্ষৰ সমূহ আত্মহত্যাৰ ঘটনাৰ ১১.২ক্ম কৃষকৰ আত্মহত্যা। নাঙল-যুৱলি, কাঁচি -কামি এৰি কৃষকে ৰাজপথত ধৰ্ণা সমদল কৰিবলগীয়া হৈছে। ইতিমধ্যে যোৱা নৱেম্বৰ মাহত প্ৰতিবাদী কৃষকৰ বৃহৎ সমদলে দিল্লীৰ মচনদ কঁপাই গৈছে।

গো-ৰক্ষাৰ নামত হৈ থকা নিত্য নতুন বহুৱালিয়ে এটা বিশেষ সম্প্ৰদায়ৰ নানা জনৰ জীৱন দুৰ্বিষহ কৰি তোলাই নহয় ভালেমানৰ প্ৰাণনাশ আৰু বহু সংখ্যকক নিগৃহীত কৰিছে।

ইন্ধনৰ মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণৰ জীৱন দুৰ্বিপাক কৰি তুলিছে। পৰিবহণ ব্যৱসায়ৰ লগত জড়িত মালিক শ্ৰেণীয়ে নিজ ইচ্ছামতে ভাৰা বৃদ্ধি কৰিছে।
দেশৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপ সাংবাদিক আৰু সংবাদ মাধ্যমসমূহৰ স্বাধীনতা আৰু নিৰাপত্তাত ব্যাঘাত হৈছে। ১৮০খন দেশৰ ভিতৰত সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত ভাৰতৰ সূচাংক ১৩৮। প্ৰগতিশীল চিন্তাধাৰা আৰু মুক্ত চিন্তাৰ ওপৰত নানান প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে। ঘৃণাভৰা বক্তব্য বৃদ্ধি পাইছে ৫০০ক্মলৈ।

পৰিৱৰ্তন আৰু বিকাশৰ ছবিখন অসমৰ ক্ষেত্ৰত সৰ্বভাৰতীয় স্তৰতকৈ আৰু অধিক হতাশজনক। ভাত আৰু মাত দুয়ো ক্ষেত্ৰতে থলুৱা অসমীয়াক বধৰ প্ৰস্তুতি যেন সম্পূৰ্ণ। এই চৰকাৰে খুচুৰা ব্যৱসায়ত সম্পূৰ্ণ FDIৰ অনুমতি দি অসমৰ ২০লাখ খুচুৰা ব্যৱসায়ী আৰু তেওঁলোকৰ পৰিয়ালসমূহলৈ অন্ধকাৰ নমাই আনিলে। কেন্দ্ৰীয় চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰত্যাহাৰ কৰিছে, অসমৰ বান- গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰিলে। অসমৰ সম্পদ তৈলক্ষেত্ৰসমূহ ইখনৰ পিছত সিখনকৈ ব্যক্তিগত কোম্পানীৰ হাতত তুলি দিছে। ১৬ মে’ ২০১৪ চনত টালি-টোপোলা বান্ধি যাব লগীয়া বাংলাদেশীৰ যোৱা পাঁচ বছৰত বৃদ্ধিৰ হাৰ কিমান শতাংশ বাঢ়িল সেয়া চিন্তনীয় বিষয়। বাংলাদেশী খেদাৰ সলনি নতুনকৈ বাংলাদেশী আনি অসমীয়াক মাতে মৰাৰ ষড়যন্ত্ৰ সম্পূৰ্ণ কৰি তুলিছে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলজুৰি হোৱা প্ৰতিবাদক নস্যাৎ কৰি লোকসভাত ‘CAB’ পাছ কৰাই অসমীয়াৰ মৃত্যু যজ্ঞত পূৰ্ণাহুতি প্ৰদান কৰিছে।

বিভিন্ন ৰাজনৈতিক দলসমূহে ইতিমধ্যে নিৰ্বাচনৰ ৰণডংকা বজাইছে; গতিকে আহক আমি সাধাৰণ জনতাই নিজৰ নিজৰ বিবেকৰ ডংকা বজাও আৰু সুস্থ গণতান্ত্ৰিক অনুশীলনৰ পৰিৱেশ বৰ্তাই ৰাখিব পৰা অৱস্থাৰ সৃষ্টি কৰিবলৈ আৱেগ বৰ্জিত সিদ্ধান্ত লওঁ।

✍️ দিগন্ত ৰাগ | ফোন নং ৯৮৫৪৪৪৭৬৪৪ )