শেহতীয়া খবৰ
Home / ক্ৰীড়া / আম্পায়াৰৰ সৈতে তৰ্ক কৰা বাবে সমালোচিত ধোনি

আম্পায়াৰৰ সৈতে তৰ্ক কৰা বাবে সমালোচিত ধোনি

জয়পুৰ, ১২ এপ্ৰিল ঃ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনিয়ে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে আইপিএল মেচৰ সময়ত ন’ বলৰ সন্দৰ্ভত সিদ্ধান্তক লৈ আম্পায়াৰৰ সৈতে তৰ্কত লিপ্ত হোৱা বাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে। সাধাৰণতে শান্ত স্বভাৱৰ ধোনিয়ে নিজৰ স্বভাৱৰ বিপৰীত আচৰণ প্ৰদৰ্শন কৰি ডগআউটৰ পৰা বাহিৰলৈ ওলাই আহি আম্পায়াৰৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয়। আম্পায়াৰ উলহাছ গান্ধেই বেন স্কটছৰ এটা বল ন’ বল বুলি ঘোষণা কৰিছিল কিন্তু স্কেয়াৰ লেগৰ আম্পায়াৰৰ সৈতে পৰামৰ্শ কৰাৰ পিছত সিদ্ধান্ত সলনি কৰে আৰু ধোনিৰ ওপৰত মেচৰ মুঠ মাছুলৰ ৫০ণৰ জৰিমণা আৰোপ কৰা হয়। ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ৱান, অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেটছমেন মাৰ্ক ৱান, ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ আকাশ চোপ্ৰা আৰু হেমাংগ বদানীয়ে ধোনিক সমালোচনা কৰিছে। ৱানে কৈছে, ‘অধিনায়ক পিটছলৈ যোৱাটো সঠিক নহয়। মই জানো যে, তেওঁ এম এছ ধোনি আৰু এইখন দেশত তেওঁ যিকোনো কাম কৰিব পাৰে। কিন্তু ডগআউটৰ পৰা ওলাই আহি আম্পায়াৰলৈ আঙুলি টোওঁৱাটো সঠিক নহয়।’ অধিনয়াকজনৰ মতে, তেওঁৰ বিৰুদ্ধে ভুল পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইফালে, ৱানে টুইট কৰিছে, ‘মই জানো যে দলৰ ওপৰত ফ্ৰেঞ্চাইজিৰ হেঁচা থাকে যদিও মই দুটা ঘটনাক লৈ যথেষ্ট আশাহত হৈছো। আশ্বিন আৰু এতিয়া এম এছ। এয়া ভাল হোৱা নাই।’ ভাৰতৰ প্ৰাক্তন বেটছমেন চোপ্ৰাই কৈছে যে, এই আই পি এলত আম্পায়াৰিঙৰ স্তৰ যথেষ্ট নিম্ন হৈছে। সেয়া নিশ্চিত ৰূপত ন’ বল আছিল। কিন্তু বিৰোধী অধিনায়কজন আউট হোৱাৰ পিছত এনেয়ে পিটচলৈ অহাৰ কোনো অধিকাৰ নাছিল। ধোনিয়ে ভুল কাম কৰিছে বুলি তেওঁ কয়। বদানীয়ে কৈছে যে, নিজৰ সিদ্ধান্ত সলনি কৰাৰ আম্পায়াৰৰ অধিকাৰ আছে। তেওঁ কয় যে, তেওঁ ধোনিৰ প্ৰতিক্ৰিয়াক লৈ হতভম্ব। ‘কেপ্টেইন কুল’ নামেৰে খ্যাত ধোনিৰ এনে আচম্বিত আচৰণ কেনেকৈ কৰিব পাৰিলে বুলিও তেওঁ আশ্বৰ্য প্ৰকাশ কৰে।