শেহতীয়া খবৰ
Home / ক্ৰীড়া / আৰচিবিৰ ফেন্সৰ বাবে সুখবৰঃ বিশ্বৰ অন্যতম বিপজ্জনক বলাৰ ডেল ষ্টেন আহি আছে

আৰচিবিৰ ফেন্সৰ বাবে সুখবৰঃ বিশ্বৰ অন্যতম বিপজ্জনক বলাৰ ডেল ষ্টেন আহি আছে

নতুন দিল্লী :
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল) ১২তম ছিজনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ফেনসকলৰ বাবে এটা সুখবৰ। দলটোৱ সৈতে পৃথিৱীৰ সবাতোকৈ বিপজ্জনক বেগী বলাৰ হিচাপে খ্যাত ডেল ষ্টেন সংযোজিত হ’ব। ষ্টেন নাথান কুল্টাৰ নাইলৰ ঠাইত দলত অন্তৰ্ভুক্ত হ’ব। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বাবে বৰ্তমানৰ আইপিএল ছিজনটো কোনো বেয়া সপোনতকৈ কম নহয়। দলটোৱে একেৰাহে পৰাজয়বৰণ কৰাৰ পিছত পইণ্ট টেবুলত সকলোৰে তলত স্থান লাভ কৰিছে। বিৰাট কোহলিৰ অধিনায়কত্বত খেলি থকা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ দলটোত ষ্টেনৰ অন্তৰ্ভুক্তি অত্যন্ত আশাৰ খবৰ বুলি ভবা হৈছে। ষ্টেনৰ দৰে শক্তিশালী বেগী বলাৰৰ অন্তৰ্ভুক্তিয়ে দলটোক যথেষ্ট সকাহ দিব, কিয়নো দলটোত বৰ্তমান থকা বলাৰসকলৰ মাজত এজনো বিশ্ব স্তৰৰ বেগী বলাৰ নাই। সেয়ে, দলৰ ধাৰাবাহিক পৰাজয় ৰোধ কৰি ইয়াক অগ্ৰগতি দিবৰ বাবে বিশ্বৰ শক্তিশালী বেগী বলাৰসকলৰ অন্যতম ষ্টেনক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে।