শেহতীয়া খবৰ
Home / ৰাজনীতি / নাগৰিকত্ব সংশোধনী বিধেয়ক এখন সাম্প্ৰদায়িক বিধেয়ক, শিলচৰত মোদীৰ হুংকাৰৰ পিছতে সৰৱ সমুজ্জল ভট্টাচাৰ্য

নাগৰিকত্ব সংশোধনী বিধেয়ক এখন সাম্প্ৰদায়িক বিধেয়ক, শিলচৰত মোদীৰ হুংকাৰৰ পিছতে সৰৱ সমুজ্জল ভট্টাচাৰ্য

অসমত খিলঞ্জীয়াৰ প্ৰভূত্ব থাকিবই লাগিব

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ এপ্ৰিল ঃ
শিলচৰত নিৰ্বাচনী জনসভাত প্ৰচাৰ চলাবলৈ আহি অসমৰ মাটিত থিয় হৈ অসমৰ অস্তিত্বৰ বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিমেই বুলি হুংকাৰ দিয়া নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আছু। বিজেপিয়ে নিজৰ ঘোষণা-পত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপন কৰি পুনৰ চৰকাৰ গঠন কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতে ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি হৈছে। বিজেপিয়ে অসমৰ সুৰক্ষা বিচাৰে বুলি ৰাজ্যিক নেতৃবৃন্দই প্ৰচাৰ চলাই ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰাৰ সময়তে কালি নিৰ্বাচনী জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিম বুলি হুংকাৰ দিয়াৰ পিছতে বিজেপিয়ে যে অসমীয়াৰ আৱেগ-অনুভূতিৰ প্ৰতি অকণো গুৰুত্ব নিদিয়ে সেয়া প্ৰতিফলিত হৈছে। উল্লেখ যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ শতাধিক দল-সংগঠন প্ৰতিবাদমুখৰ হৈ পৰিছিল। এনে প্ৰতিবাদত সেও মানি ৰাজ্যসভাত বিধেয়কখন উত্থাপনৰ পৰা বিৰত আছিল বিজেপি চৰকাৰ। কিন্তু শেহতীয়াভাৱে পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিম বুলি মোদীয়ে অসমৰ মাটিতে সদম্ভে ঘোষণা কৰাৰ পিছতে মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য। নিৰ্বাচনী সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক এখন সাম্প্ৰদায়িক বিধেয়ক হিচাপে অভিহিত কৰিছে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে। নাগৰিকত্ব সংশোধনী বিধেয়কখন অসম চুক্তিৰ পৰিপন্থী বুলি উল্লেখ কৰি এই বিধেয়কৰ বিৰুদ্ধে পূৰ্বতে যি আন্দোলন চলিছিল সেই আন্দোলন অনাগত দিনতো চলি থাকিব বুলি আজি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ উপদেষ্টাগৰাকীয়ে। আনহাতে ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰিবলৈ গৈ অসমীয়া জনগণৰ প্ৰবল প্ৰতিবাদ আৰু ৰাজনৈতিক দলৰ বিৰোধিতাৰ বাবে কেন্দ্ৰীয় চৰকাৰ সফল নহ’ল বুলি উল্লেখ কৰি অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব লাগিব বুলি হুংকাৰ প্ৰদান কৰে ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। খিলঞ্জীয়াৰ প্ৰভুত্বৰ অধিকাৰ অসমবাসীক লাগিবই বুলি হুংকাৰ প্ৰদান কৰি গণতন্ত্ৰত ৰাইজেই ৰজা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে আছুৰ উপদেষ্টাগৰাকীয়ে। এইবাৰৰ নিৰ্বাচনত ৰাইজে বিচাৰ কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হুংকাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে।