শেহতীয়া খবৰ
Home / ৰাজনীতি / জালুকবাৰী সমষ্টিত ভানুক কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব

জালুকবাৰী সমষ্টিত ভানুক কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ এপ্ৰিলঃ
লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছতেই এতিয়া বিভিন্ন ৰাজনৈতিক দলে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ অংক মিলোৱাত ব্যস্ত হৈ পৰিছে। দ্বিতীয় পৰ্যায়ত পাঁচটা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত ক্ষমতা দখলৰ লক্ষ্যৰে প্ৰতিটো ৰাজনৈতিক দলে সমষ্টিসমূহত নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰিছে। ইপিনে ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্বৰ দুৰ্গত আঘাত হানিবলৈ তেজপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী এমজিভিকে ভানুক সেনাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছে। গুৱাহাটী লোকসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মাৰ সেনাপতি হৈ নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হ’ব ভানু। উল্লেখ্য যে কালি প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ সামৰণি পৰিল। অসমতো পাঁচটা লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈ গ’ল। এতিয়া ৰাজনৈতিক দলবোৰে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে যুদ্ধকালীনভাৱে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। ইয়াৰ মাজতে কংগ্ৰেছে তেজপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুক জালুকবাৰী বিধানসভা সমষ্টিৰ নিৰ্বাচনী দায়িত্বত নিযুক্তি দিছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সামৰণি পৰাৰ এদিন পাছতে ভানুক এই দায়িত্ব অৰ্পণ কৰা হৈছে। স্বাভাৱিকতে মন্ত্ৰী তথা বিজেপিৰ প্ৰভাৱশালী নেতা হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীত ভানুৰ এই নিযুক্তিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰচাৰ সমিতিৰ অধ্যক্ষ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শুকুৰবাৰে জালুকবাৰীত দলৰ নিৰ্বাচনৰ ভাৰপ্ৰাপ্ত নেতাৰ দায়িত্বত ভানুক নিযুক্তি দিয়ে। তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত জালুকবাৰী বিধানসভা সমষ্টিৰ দায়িত্বত থাকিব ভানু। কালি সামৰণি পৰা তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাই ভানুৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ ব্যৱহাৰ কৰিছিল। ভানুক এগৰাকী বহিৰাগত প্ৰাৰ্থী হিচাপে অভিহিত কৰি নিৰ্বাচনী উত্তাপ বৃদ্ধি কৰিছিল শৰ্মাৰ লগতে প্ৰাৰ্থী পল্লৱ লোচনৰ প্ৰচাৰে। এতিয়া কংগ্ৰেছে ভানুক জালুকবাৰীৰ দায়িত্ব দি হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গত আঘাত হনাৰ পৰিকল্পনা ৰচনাৰ অংশ হিচাপে দায়িত্ব অৰ্পণ কৰিছে। ইয়াৰ ফলত আগন্তুক দিনকেইটাত জালুকবাৰীত নিৰ্বাচনী উত্তাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা উজ্জ্বল হৈ পৰিছে।