শেহতীয়া খবৰ
Home / আঞ্চলিক / ১৪ এপ্রিলত বৰাকলৈ আহিব প্রিয়ংকা গান্ধী

১৪ এপ্রিলত বৰাকলৈ আহিব প্রিয়ংকা গান্ধী

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমত প্রচাৰ চলাবলৈ আহিব প্রিয়ংকা গান্ধী ভদ্রা৷ দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বাবে কংগ্রেছ প্রার্থীৰ সমর্থনত ৰাজ্যত প্রিয়ংকা গান্ধীয়ে প্রচাৰ চলাব৷ ৰাজীৱ ভৱনৰ সূত্রই জনোৱা মতে, ১৪ এপ্রিলত প্রিয়ংকা গান্ধী বৰাকলৈ আহিব৷ শিলচৰৰ কংগ্রেছ প্রার্থী সুস্মিতা দেবৰ সমর্থনত প্রিয়ংকাই প্রচাৰ চলাব৷ নির্বাচনী প্রচাৰ সভাত অংশ লোৱাৰ পূর্বে ৰ’ড শ্ব’তহে কংগ্রেছ নেত্রীগৰাকীয়ে অংশ ল’ব বুলি ৰাজীৱ ভৱনৰ সূত্রই জনাইছে৷ দ্বিতীয় পর্যায়ৰ নির্বাচনী প্রচাৰ চলাবলৈ পঞ্জাবৰ মন্ত্রী নৱজ্যোৎ সিং সিদ্ধু, কংগ্রেছ নেত্রী শর্মিষ্ঠা মুখার্জী আদি ষ্টাৰ কেম্পেইনাৰসকল আজি অসমলৈ আহিছে৷ ইফালে তেজপুৰ সমষ্টিৰ কংগ্রেছ প্রার্থী এম জি ভি কে ভানুক জালুকবাৰী বিধানসভা সমষ্টিত কংগ্রেছৰ প্রচাৰৰ মূল দায়িত্ব অর্পণ কৰা হৈছে৷

প্রথম পর্যায়ৰ নির্বাচনত তেজপুৰত প্রতিদ্বন্দ্বিতা কৰা এম জি ভি কে ভানুক নির্বাচনৰ তত্ত্বাৱধায়ক হিচাপে নিযুক্তি দিছে প্রদেশ কংগ্রেছৰ নির্বাচন কমিটীৰ অধ্যক্ষ তৰুণ গগৈয়ে৷ গুৱাহাটী লোক সভা সমষ্টিৰ অন্তর্গত জালুকবাৰী বিধানসভা সমষ্টিত কংগ্রেছৰ নির্বাচনী প্রচাৰ, কৌশল নির্ধাৰণ আদি বিষয়সমূহ ভানুৰ তত্ত্বাৱধানত হ’ব৷ মন্ত্রী হিমন্ত বিশ্ব শর্মাই প্রতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিত এম জি ভি কে ভানুক কংগ্রেছে গুৰু দায়িত্ব অর্পণ কৰাটোৱে তাৎপর্য বহন কৰিছে৷