শেহতীয়া খবৰ
Home / আঞ্চলিক / শিলচৰ সমষ্টি বিজেপিৰ বাবে সন্মানৰ প্রশ্ন

শিলচৰ সমষ্টি বিজেপিৰ বাবে সন্মানৰ প্রশ্ন

ডিজিটেল সংবাদ, শিলচৰঃ দ্বিতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হ’ব লগীয়া ৫ সমষ্টিৰ ভিতৰত শাসক দল বিজেপিৰ বাবে অন্যতম গুৰুত্বপূর্ণ সমষ্টি হ’ল শিলচৰ৷ সমষ্টিটো এইবাবেই গুৰুত্বপূর্ণ, কাৰণ এই শিলচৰ বর্তমানে আছে বিৰোধী কংগ্রেছৰ দখলত৷ কংগ্রেছৰ হাতৰ পৰা শিলচৰ আঁজুৰি আনিবলৈ বিজেপিয়ে চলোৱা প্রচেষ্টাৰ অংশ হিচাপে সমষ্টিটোত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত এখন বিশাল নির্বাচনী সমাৱেশ ইতিমধ্যে অনুষ্ঠিত কৰিছে৷ বিৰোধীৰ দখলত থকা সমষ্টিটোত দখল সাব্যস্ত কৰিবলৈ শাসক বিজেপিয়ে ৰণকৌশল যুগুত কৰাৰ বিপৰীতে কংগ্রেছেও সমষ্টিটোত দখল অব্যাহত ৰাখিবলৈ মৰণপণ যুঁজ দিছে৷ বিজেপিৰ কবীন্দ্র পুৰকায়স্থই শিলচৰৰ পৰাই প্রতিনিধিত্ব কৰি অটল বিহাৰী বাজপেয়ী চৰকাৰত কেন্দ্রীয় মন্ত্রীসভাত অন্তৰ্ভূক্ত হৈছিল৷

হিন্দু, বাঙালী আৰু মুছলমান লোক বসতিপূর্ণ শিলচৰ সমষ্টিত এইবাৰ মুঠ ১৩ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতাত নামিছে৷ যথেষ্টসংখ্যক প্রার্থীয়ে প্রতিদ্বন্দ্বিতাত নামিলেও সমষ্টিটোত যে মূল যুঁজ কংগ্রেছ আৰু বিজেপিৰ মাজতে হ’ব, সেই কথা স্পষ্ট হৈ পৰিছে৷ শিলচৰ কংগ্রেছৰ দখলত থাকিলেও সমষ্টিটো লাভ কৰাৰ ক্ষেত্রত বিজেপিৰ বাবে সন্মানৰ প্রশ্ন হৈ পৰিছে, কাৰণ যোৱা ২০১৪ চনৰ লোক সভাৰ নির্বাচনত বিজেপিৰ প্রার্থী কবীন্দ্র পুৰকায়স্থই কংগ্রেছৰ প্রার্থী সুস্মিতা দেবৰ হাতত মাত্র ৩৬ হাজাৰ ভোটৰ ব্যৱধানতহে পৰাজিত হৈছিল৷

হিন্দু-বাঙালীৰ ভোটাৰ সমানে মুছলমান ভোটাৰৰ প্রাধান্য থকা সমষ্টিটোত যোৱা লোক সভাৰ নির্বাচনত এ আই ইউ ডি এফৰ প্রার্থী আছিল কুটুব আহমেদ মজুমদাৰ৷ এ আই ইউ ডি এফৰ প্রার্থীজনে মুছলমান ভোট বিভাজন কৰাৰ পাছতো কংগ্রেছৰ প্রার্থী সুস্মিতা দেবে কম ব্যৱধানত হ’লেও যোৱা লোক সভাৰ নির্বাচনত জয়ী হৈছিল৷

বিগত নির্বাচনত এ আই ইউ ডি এফৰ প্রার্থীয়ে কংগ্রেছৰ ভোট বিভাজন কৰিছিল যদিও এইবাৰ সমষ্টিটোত এ আই ইউ ডি এফৰ প্রার্থী নাই৷ যাৰ বাবে সমষ্টিটোত মুছলমান ভোট বিভাজন হোৱাৰ সম্ভাৱনা পূর্বৰ তুলনাত কম৷ মুছলমান ভোট বিভাজনৰ সম্ভাৱনা কম হোৱা বিষয়টোৱে প্রত্যাহবানৰ কাৰণ হৈ পৰিছে শাসক বিজেপিৰ বাবে৷ সমষ্টিটোত মুঠ ১৩ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতাত নামিছে যদিও মুছলমান ভোটাৰক আকর্ষিত কৰিব পৰা শক্তিশালী প্রার্থী নাই৷

যাৰ ফলত কংগ্রেছৰ হাতৰ পৰা সমষ্টিটো আঁজুৰি আনিবলৈ শাসক বিজেপিয়ে সর্বতোপ্রকাৰে চেষ্টা চলাইছে যদিও তেওঁলোকৰ বাবে শেষ ভৰসা হৈ পৰিছে কনৰাড চাংমা নেতৃত্বাধীন এন পি পিৰ প্রার্থী নাজিয়া য়াছমিন৷ এন পি পিৰ প্রার্থীগৰাকীৰ লগতে অল ইণ্ডিয়া ফৰৱার্ড ব্লকৰ প্রার্থী বদৰুল ইছলাম বৰভূঞা, নির্দলীয় নজমুল হক লস্কৰে কিমান মুছলমান ভোট বিভাজন কৰিব পাৰিব তাৰ ওপৰতে নির্ভৰ কৰিব শিলচৰ শেষ মুহূর্তত কংগ্রেছৰ সুস্মিতা দেবে নে বিজেপিৰ ৰাজদ্বীপ ৰয়ে দখল কৰিব?

সমষ্টিটোত অন্যান্য প্রার্থীসকল হ’ল–নির্দলীয় শুভদীপ দত্ত, তৃণমূল কংগ্রেছৰ হিতব্রত ৰয়, নির্দলীয় অশিতৱ দত্ত, পূৰণলাল গোৱালা, আশুতোষ ভট্টাচার্য, মহেন্দ্র চন্দ্র দাস, সুবিন্দ্র দাস আৰু এছ ইউ চি আইৰ শ্যাম দেও কুর্মি৷ শিলচৰ সমষ্টিৰ অন্তর্গত ৭টা বিধানসভা সমষ্টিৰ ভিতৰত বর্তমানে ৬টা সমষ্টিয়ে আছে বিজেপিৰ দখলত৷ মাত্র এটা সমষ্টিহে আছে কংগ্রেছৰ দখলত৷ সেই হিচাপত লোক সভাৰ নির্বাচনত বিজেপি সবল স্থানত আছে যদিও বৰাক উপত্যকাৰ একাংশ বিজেপি নেতা আৰু বিধায়কৰ বিৰুদ্ধে ছিণ্ডিকেট চক্রৰ লগত জড়িত থকা অভিযোগে পুৰণি বিজেপি নেতাসকলক ক্ষুব্ধ কৰি তুলিছে৷

বিজেপিৰ প্রবীণ নেতাসকলে ইতিমধ্যে ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মাক ছিণ্ডিকেটৰাজে যে দলীয় প্রার্থীক নির্বাচনত অসুবিধাত পেলাব, সেই কথা স্পষ্ট কৰি দিছে৷ জানিব পৰা মতে, শিলচৰ সমষ্টিৰ প্রভাৱশালী বিধায়ক তথা প্রাক্তন উপাধ্যক্ষ দিলীপ পালে স্বাস্থ্যজনিত কাৰণত সমষ্টিৰ বাহিৰত আছে৷ হিন্দু-বাঙালী আৰু মুছলমান ভোটাৰৰ প্রাধান্য থকা সমষ্টি শিলচৰত ভোট বিভাজনৰ অংকইহে প্রার্থীৰ জয় আৰু পৰাজয় নির্ধাৰণ কৰিব৷