শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / আয়ুস ৰেখাডাল মচ খাই যাব নেকি ?

আয়ুস ৰেখাডাল মচ খাই যাব নেকি ?

✍️ গিৰীন্দ্ৰ শইকীয়া

ৰঙালী বিহু সন্দৰ্ভত সভা-সমিতি, কাকত-আলোচনীত ইতিমধ্যে যথেষ্ট আলোচনা-বিলোচনা হৈছে আৰু নতুন প্ৰজন্মৰ অনুসন্ধিৎসুসকলে এই উৎসৱৰ উৎপত্তি, বিকাশ আৰু বিশেষকৈ কৃষিজীৱী অসমীয়া সমাজখনৰ সৈতে সাঙোৰ খাই থকা ইয়াৰ এৰাব নোৱাৰা সম্পৰ্কৰ বিষয়ে ইচ্ছা কৰিলেই জানিব পাৰে। সেয়ে ইয়াত ৰঙালী বিহুৰ ক্ষেত্ৰত উদ্ভৱ হোৱা শেহতীয়া কেতবোৰ অধঃপতন আৰু আশংকাৰ কথাহে উল্লেখ কৰিব বিচাৰিছো।
বিহুৰ বাণিজ্যিকীকৰণ ঃ
বিহুৰ প্ৰধান বাদ্য হৈছে ঢোল। এই ঢোলৰ চাপৰ আৰু ছেও সন্দৰ্ভত আমাৰ জনা আছে। ‘ঘ্ৰিন’, ‘খিট’, ‘দাও’– প্ৰধানকৈ এইকেইটা হৈছে ঢোলৰ চাপৰ বা মাত। ইয়াৰ লগতে ‘ৰগৰ’ আৰু ‘টোকৰ’ সংযোজিত হৈছে। সেই কাৰণে গায়–
ঘ্ৰিনে ব্ৰহ্মা খিটে বিষু্ণ
দাৱে ৰুদ্ৰ ভৈলা,
ৰগৰত সৰস্বতী
টোকৰ শিৱ হৈলা।
ঢোল বাজে ‘ঘ্ৰিন দাও খিট’, বা আৰু সৰলীকৰণ কৰি ‘ধিনিকি ধিন দাও’– এই লেখীয়াকৈ। ‘তাক ধিনাধিন’ বুলি ঢোলে কেতিয়াও নামাৰে বা নমতায়। তবলা, ঢোলক বা ঢুলকীয়ে তেনেকৈ মাতিব পাৰে। কিন্তু ‘ঢোল বজাব ঢুলীয়াই তাক ধিনাধিন কৈ’ বুলি গোৱা গানো আমাৰ ইয়াত ‘হিট’ হৈ যায়। সিফালে ৰঙালী বিহু আহিল বুলিয়েই গ্ৰাহকক আকৰ্ষণ কৰিবলৈ অনা-অসমীয়া ব্যৱসায়ীৰ ‘ঢোলক’ বা ‘ঢুলকী’কে ঢোলৰ ঠাইত ব্যৱহাৰ কৰি বিজ্ঞাপন আঁৰে। বেচা-কিনাৰ প্ৰতিযোগিতাত সংস্কৃতি পলাই ফাট মাৰে। বিহুৱা-বিহুৱতীয়ে পিন্ধা সকলো সাজ-পাৰ– চোলা-চুৰীয়া, ৰিহা-মেখেলা, কপৌফুল, গামখাৰু, গহনা-গাঁঠৰিৰ নকল সামগ্ৰীৰে বজাৰ ভৰি পৰে। এতিয়া চেনেহীলৈ বুলি পাহাৰ বগাই বগাই কপৌফুল আনিব নালাগে। দোকানলৈ গ’লেই প্লাষ্টিকৰ ডুপ্লিকেট কপৌফুল পায়। এইবাৰতো অসমৰ বাহিৰত প্ৰস্তুত কৰা গামোচা বিক্ৰীত নিষেধাজ্ঞা লগাবলগীয়া অৱস্থাই হ’লহি। এতিয়া আকৌ, নগৰতো বাদেই, গাঁৱতো তাঁতৰ খিট্খিটনি, গৰকাৰ জপ্জপনি বা ধেংকুলুচ ধেংকুলুচ ঢেঁকীৰ মাত নোহোৱা হ’বলৈ ধৰিছে। কানি-কাপোৰ, জা-জলপান সকলো বজাৰতে পায়েই যেতিয়াহ্ল মুঠৰ ওপৰত, আমাৰ নিচিনা অনুন্নত বা উন্নয়নশীল (চৰকাৰী ভাষাত) সমাজৰ কৃষিজীৱী ৰাইজৰ সংস্কৃতি-পৰম্পৰা জহন্নামে গ’ল, তাতে কাৰ কি আহে যায়· ব্যৱসায়ী, মুনাফালোভী কোম্পানীয়ে ধন ঘটাৰ সুচলতা পাইছে ঘটিবই।
বিহুৰ নামত বহুৱালি ঃ
তাহানি, উৎপত্তিৰ সময়ত আমাৰ এই ব’হাগৰ বিহুটো হেনো বিজতৰীয়া আছিল। শিক্ষিত সমাজখন আঁতৰি থকাৰ সময়ত ইতৰ লোকেহে বোলে বিহু পাতিছিল। ১৮৮৪ খ্ৰীষ্টাব্দত প্ৰথম প্ৰকাশ পোৱা ‘আসাম বুৰঞ্জী’ত গুণাভিৰাম বৰুৱাই লিখিছিল– ‘চিত্ৰৰ বিহুত সংক্ৰান্তিৰ পৰা সাত দিন কোনো কোনো ঠাইৰ ইতৰ লোকসকলৰ স্ত্ৰী-পুৰুষে কোনো প্ৰকাশ্য স্থানলৈ গৈ নৃত্য-গীত কৰে। সেই সময়ত অবাচ্য আৰু অশ্লীল গীত গোৱা আৰু নিৰ্লজ্জ ভাব-ভংগী দেখুওৱা হয়। এইটি নিয়ম শীঘ্ৰে দেশৰ পৰা গুচিলে বৰ উপকাৰ আৰু সুনীতি স্থাপন কৰা হয়।’ পৰৱৰ্তী সময়ত একাংশ সমাজ সচেতন আৰু অগ্ৰগণ্য লোকৰ তৎপৰতাত সকলো ধৰণৰ অশ্লীলতা আৰু অনাকাংক্ষিত উপাদান আঁতৰাই ব’হাগৰ বিহুটোক সমগ্ৰ অসমীয়া সমাজখনৰ বাবেই গ্ৰহণযোগ্য হোৱাকৈ সু-সংস্কৃত কৰি তোলা হয়।
পাৰ হৈ যোৱা প্ৰায় ডেৰশ বছৰত বিভিন্ন সামাজিক সম্পৰীক্ষা আৰু জনগোষ্ঠীসমূহৰ মাজৰ আদান-প্ৰদানৰ জৰিয়তে ‘বৈশাগু’, ‘বিষুৱা’, ‘ভঠেলী’ আদি বিভিন্ন নাম আৰু ৰূপেৰে ৰঙালী বিহু অসমৰ এক সাৰ্বজনীন উৎসৱত পৰিণত হৈছে। ড০ ভূপেন হাজৰিকাই কোৱাৰ লেখীয়াকৈ এতিয়া ই অসমীয়া জাতিৰ আয়ুস ৰেখা, গণজীৱনৰ সাহ।
অসমীয়া ভিŽাৰী জাতি নহয় ঃ
কেইবছৰমানৰ আগৰ কথা। গুৱাহাটীৰ পৰা লখিমপুৰৰ ধলপুৰৰ ঘৰলৈ এখন সৰু গাড়ীৰে গৈ আছো। সন্মুখত ব’হাগ বিহু। বাটতে কেইজনমান ল’ৰাই আমাৰ গাড়ীখন আগভেটি ধৰি ৰখালে। এজনে আগবাঢ়ি আহি ৰচিদ এখন দিলে চালকৰ আসনত থকা মোৰ বন্বুূজনক। তেওঁ অসমীয়া নহয়। ল’ৰাহঁতে বিচৰা আৰু মই দিব খোজা পৰিমাণৰ তাৰতম্যক লৈ কিছু বাক্-বিতণ্ডা চলিল। অৱশেষত এটা মীমাংসা কৰি গন্তব্য স্থানলৈ ৰাওনা হওঁতে মোৰ অনা-অসমীয়া বন্বুূজনে পাকে-প্ৰকাৰে মোক এই কথাই ক’ব খুজিলে যে অসমীয়া এটা ভিক্ষাৰী জাতি। আনৰ পৰা ডকা-হকা দি চান্দা-বৰঙনি উঠাইহে অসমীয়াই নিজৰ সংস্কৃতি ৰক্ষা কৰে। মই বন্বুূজনক বুজালো যে এজন বা কেইজনমান লোকে অনাকাংক্ষিত কিবা কাম কৰিলেই তেওঁ বা তেওঁলোক অন্তৰ্ভুক্ত হৈ থকা গোটেই জাতি এটা জগৰীয়া নহয়।
মোৰ অনা-অসমীয়া বন্বুূজনক যুক্তিৰে বশ কৰিলেও মই কিন্তু পেটে পেটে আত্মোপলব্ধি নকৰাকৈ থকা নাই। উদ্ভট সাজ-পোছাকেৰে উদ্দাম নৃত্যৰে বিহুমঞ্চৰ অপব্যৱহাৰ যেনেকৈ আমাৰ সহ্য নহয়, একেদৰে স্বেচ্ছাই আৰু দায়িত্ববোধ সহকাৰে নিদিলে কোনো দান-বৰঙনিয়েই গ্ৰহণযোগ্য হ’ব নালাগে। আমি অসমীয়া জাতিটো সাহ নাইকিয়া নিশকতীয়া হোৱাৰ আগতে, আমাৰ আয়ুস ৰেখাডাল মচ খাই যোৱাৰ আগতে আমি নিজৰ কৰণীয়খিনি উপলব্ধি কৰাৰ এয়াই সময়।

✍️গিৰীন্দ্ৰ শইকীয়া | ফোন : ৯৭০৬১-৩৭৩৫৩ ]