শেহতীয়া খবৰ
Home / আঞ্চলিক / বকোৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

বকোৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

 বিমুদ্ৰাকৰণ কৰাৰ ফলত দুশ মানুহৰ মৃত্যু হৈছে :নন্দিতা দাস

গণ বাৰ্তা, নগৰবেৰা, ১৩ এপ্ৰিলঃ
অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৭ নং গুৱাহাটী লোকসভা সমষ্টিতো বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই নিৰ্বাচনী বতাহ গৰম কৰি তুলিছে। নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে আজি ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ সাংসদ পদৰ প্ৰাৰ্থী ববিতা শৰ্মাই আজি বকো সমষ্টিৰ বিভিন্ন প্ৰান্তত দলীয় কৰ্মী-সমৰ্থকসকলক লগত লৈ বিশাল বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা অব্যাহত ৰাখে। কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মাই বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ লগতে প্ৰদেশ কংগ্ৰেছ, জিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ সেৱা দলকে ধৰি বিভিন্ন কৰ্মকৰ্তাক লগত লৈ আগছিয়া চ’কৰ পৰা আৰম্ভ কৰি ছমৰীয়া ব্লক এলেকাধীন পিজুপাৰা, লক্ষণপুৰ, নগৰবেৰা, বেপাৰীপাৰা, মেধিপাৰা, পলাহৰটাৰী, বিদ্যানগৰ, জামলাই, নিচলামাৰী, বালিঝাৰ, পাহাৰপাৰা আদি বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি ভোটাৰ ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে ঠায়ে ঠায়ে অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে। সভাত কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই উপস্থিত থাকি বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে এই দলৰ চৰকাৰে ৰাইজক বিগত লোকসভা নিৰ্বাচনত ভুৱা প্ৰতিশ্ৰতি দি মিছা কথা কৈ ভোট লৈ শাসনৰ বাঘজৰী হাতত লয় যদিও ৰাইজক দিয়া কোনো প্ৰতিশ্ৰতিয়েই চৰকাৰে পালন নকৰিলে বুলি নিজৰ ভাষণত উল্লেখ কৰে। জাতিধ্বংসী বিল গৃহীত কৰিব বিচৰা বিজেপি দলক উৎখাত কৰি ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কংগ্ৰেছৰ সপক্ষে ভোট দিবলৈ ৰাইজক কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই আহ্বান জনায়। সভাত বিধায়িকা নন্দিতা দাসে উপস্থিত থাকি ভাষণত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুইন ওজাক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁৰ শিক্ষাগত অৰ্হতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ শিক্ষাগত অৰ্হতাৰ বিৰুদ্ধে কেছ হৈছে আৰু তদন্ত হৈ আছে। তেওঁ অচিৰেই জে’লত যাব, গতিকে তেওঁক ভোট দি ভোটবিলাক নষ্ট নকৰি কংগ্ৰেছৰ যোগ্য প্ৰাৰ্থী ববিতা শৰ্মাক হাতৰ চিনত ভোট দি বিপুল ভোটত জয়ী কৰাবলৈ সভাত উপস্থিত থকা ৰাইজক তেওঁ আহ্বান জনায়। নৰেন্দ্ৰ মোদীয়ে বিমুদ্ৰাকৰণ কৰাৰ ফলত দুশ মানুহৰ মৃত্যু হৈছে বুলি নিজৰ ভাষণত উল্লেখ কৰে বিধায়িকা নন্দিতা দাসে। ৰাইজৰ একাউন্টত পোন্ধৰ লাখকৈ টকা দিয়াৰ কথা নৰেন্দ্ৰ মোদীয়ে কৈছিল যদিও এটা টকাও ৰাইজে একাউন্ট যোগে নাপালে বুলি বিধায়িকাগৰাকীয়ে উল্লেখ কৰে। তদুপৰি তেওঁ ভাষণ প্ৰসংগত তৃণমূল কংগ্ৰেছক অস্তিত্বহীন দল বুলি আখ্যা দি দলটোৰ নেতা তথা বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক গোপীনাথ দাসৰ নিজৰেই অস্তিত্ব নাই বুলি চোকা সমালোচনা কৰে বিধায়িকা নন্দিতা দাসে। নিৰ্বাচনী প্ৰচাৰৰ সময়ছোৱাত সোণতলী- টুপামাৰী জিলা পৰিষদৰ সদস্য স্বাজাহান আলী আহমেদ, নগৰবেৰা জিলা পৰিষদৰ সদস্যা হিমাদ্ৰী পাঠক, ছমৰীয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰফিকুল ইছলামকে ধৰি কে’বাজনো দলীয় নেতা-কৰ্মীয়ে সংগ দি কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ হৈ ৰাইজৰ ওচৰত ভোট ভিক্ষা মাগে।