শেহতীয়া খবৰ
Home / ৰাজনীতি / কীৰ্ত্তন পাৰাত আজমলৰ ফ্ল’প শ্বো

কীৰ্ত্তন পাৰাত আজমলৰ ফ্ল’প শ্বো

গণ বাৰ্তা, কীৰ্তনপাৰা, ১৩ এপ্ৰিলঃ
বঙাইগাঁও জিলাৰ কীৰ্তনপাৰাত আজমলৰ ফ্লপ শ্বো। বড়ো সম্প্ৰদায়ৰ নৃত্য আজমলৰ সভাত। মোদীক বাংলাদেশক পঠোৱাৰ দাবী ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ। বৰপেটা লোকসভা সমষ্টিত ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান । আকাশত উৰিছে নেতাৰ হেলিকপ্টাৰ। কংগ্ৰেছ, বিজেপিৰ লগতে সমানে আগবাঢ়িছে এ আই ইউ ডি এফো। আজি এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে হেলিকপ্টাৰ যোগে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহে উত্তৰ অভয়াপুৰীৰ প্ৰাণকেন্দ্ৰ কীৰ্তনপাৰাত। লগত আহে ভাতৃ তথা সাংসদ ছিৰাজ উদ্দিন আজমল আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলাম। কিন্তু কীৰ্তনপাৰাত এইবাৰ নাই আজমলৰ অইন অইন বছৰৰ দৰে চমক। একপ্ৰকাৰ ফ্লপ শ্বো দেখুৱালে আজমলে। খালী থাকিল শ শ চকী। মানুহক আকৰ্ষিত কৰিবলৈ দেখুৱালে বড়োনৃত্য। জৰা-ফুকা, হেলিকপ্টাৰ, নৃত্য একোতে যেন কামত অহা নাই আজমলৰ। তাৰ মাজতে ক্ষুৰধাৰ সমালোচনা কৰি গ’ল কংগ্ৰেছ-বিজেপিক। মোদীক বাংলাদেশলৈ পঠোৱাৰ দাবী কৰিলে আজমলে। চকীদাৰ সম্পৰ্কেও মোদীক সমালোচনা কৰে এ আই ইউ ডি এফৰ সভাপতিজনে। সভাত ছিৰাজ উদ্দিন আজমলে ভাষণ প্ৰসংগত কয় যে বৰপেটাত এ আই ইউ ডি এফৰ প্ৰাৰ্থী ড০ হাফিজ ৰফিকুল ইছলাম বাঘৰ দৰে। কেৱল বাঘেই নহয়, সূৰ্যৰ পোহৰ বুলিও মন্তব্য কৰে। ইফালে কংগ্ৰেছৰ আব্দুল খালেকক মমবাতিৰ পোহৰৰ লগত তুলনা কৰি হাফিজ ৰফিকুল ইছলামক ভোট প্ৰদান কৰিবলৈ আহ্বান কৰে। সভাত বদৰুদ্দিন আজমলেও কংগ্ৰেছ, অগপ আৰু বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ ভাষণ প্ৰসংগত ভাৰতৰ ১নং শত্ৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ২ নং শত্ৰু অমিত শ্বাহ আৰু ৩ নং শত্ৰু হিচাপে হিমন্ত বিশ্ব শৰ্মাক অভিহিত কৰে। নৰেন্দ্ৰ মোদীক বাংলাদেশলৈ পঠাব বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ইফালে কীৰ্তনপাৰাৰ একাংশ লোকে জানিবলৈ দিয়া মতে উত্তৰ অভয়াপুৰী সমষ্টিৰ কীৰ্তনপাৰাত এ আই ইউ ডি এফ কংগ্ৰেছৰ কোনো ফেক্টৰ নহয় বুলি মন্তব্য কৰে । কেৱল কীৰ্তনপাৰাত নহয়, উত্তৰ অভয়াপুৰী সমষ্টিত কংগ্ৰেছৰ পক্ষে বতাহ বলি আছে। কোন দলে কিমান ভোট পাব তাকে লৈ হাটে-বজাৰে ব্যাপক চৰ্চা চলিছে। ভোটৰ কেটেগৰী অনুসৰি প্ৰথম স্থানত থাকিব কংগ্ৰেছ, দ্বিতীয় স্থানত থাকিব অগপ আৰু তৃতীয় স্থানত থাকিব এ আই ইউ ডি এফ দল। এইক্ষেত্ৰত বদৰুদ্দিন আজমলৰ দলত ভোট দিলে নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হোৱাৰ ৰাস্তাহে খুলি দিয়া হ’ব। সেয়েহে এ আই ইউ ডি এফৰ বাবে অহা ২৩ এপ্ৰিলত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত উত্তৰ অভয়াপুৰী সমষ্টিত খুব সহজ নহ’ব বুলি এই প্ৰতিবেদকক জানিবলৈ দিয়ে।