শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষ উপলেŽ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমূহ অসমবাসীলৈ শুভেচ্ছা

ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষ উপলেŽ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমূহ অসমবাসীলৈ শুভেচ্ছা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ এপ্ৰিলঃ
ৰঙালী বিহু উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণলৈ আন্তৰিক ওলগ আৰু শুভেচ্ছা জনাইছে। মুখ্যমন্ত্ৰীয়ে লগতে অসমীয়া নৱবৰ্ষৰ বাবেও অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণক ওলগ জনাইছে। আগন্তুক অসমীয়া নৱবৰ্ষই ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ লগতে সমগ্ৰ ৰাজ্যখনৰ বাবে সুখ-শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে। আজি এক বিবৃতিযোগে মুখ্যমন্ত্ৰীয়ে কয় যে সংস্কৃতি হৈছে মানৱ জীৱনৰ বৈচিত্ৰ্যৰ মূৰ্ত প্ৰকাশ। সংস্কৃতিয়ে জনজীৱনৰ প্ৰৱাহ বোৱাই মানৱ সভ্যতাত সাহিত্য, দৰ্শন, ধৰ্ম, সৌন্দৰ্যৰ উৎকৰ্ষতা ঘটাই নৈতিক আৰু কলাত্মক চেতনাৰ উন্মেষ সাধন কৰে। অসমৰ জাতীয় জীৱনৰ প্ৰাণময় স্পন্দন বিহুৱে আমাৰ সাংস্কৃতিক জীৱনশৈলীক অভিনৱত্ব প্ৰদান কৰি আমাৰ স্বকীয় পৰিচয় দাঙি ধৰিছে। বিহুৱে আমাৰ মনোজগতৰ উৎকৰ্ষতাৰ পৰিচয় দাঙি ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধৰ বান্ধোন শক্তিশালী কৰি আহিছে। কৃষিভিত্তিক উৎসৱ বিহুৱে আমাৰ শক্তিশালী জনজীৱনক জীপাল কৰাৰ উপৰি আমাৰ চিন্তা-ভাবনাক গতিশীল সত্তালৈ ৰূপান্তৰিত কৰিছে। বিহুৱে প্ৰকৃতি সংৰক্ষণৰ বাবে আহবান জনায়। আমাৰ বৰ্ণাঢ্য সংস্কৃতিৰ মননশীল বিকাশত বিহুৰ মাজেৰে নিগৰিত সাংস্কৃতিক বৈভৱে আমাক সদায়ে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগাই আহিছে। বিহুৰ নান্দনিক সৌৰভ আজি সীমাৰ পৰিধি ভাঙি বিশ্ব প্ৰেক্ষাপটত উজলি উঠিছে। ইয়ে আমাৰ বহল সাংস্কৃতিক মনৰ উমান দিয়ে। বিহু উদ্যাপনে ৰাজ্যখনত শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ পৰিৱেশ অধিক সুদৃঢ় কৰাৰ বাবে জনসাধাৰণৰ সাংস্কৃতিক মন জীপাল কৰি ঐক্যবদ্ধভাৱে আগবঢ়াৰ পৰিৱেশ নিৰ্মাণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।

আমছুৰ শুভেচ্ছা :

ৰঙালী বিহু উপলক্ষে আমছুৰ মহানগৰ জিলা সমিতিয়ে সমূহ অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এক বিবৃতিত আমছুৰ মহানগৰ জিলা সমিতিৰ সভাপতি তথা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, মহানগৰ সমিতিৰ সাধাৰণ সম্পাদক ইমৰান আহমেদে কয় যে আগন্তুক নতুন বৰ্ষই জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী।

উলামা কাউন্সিলৰ শুভেচ্ছা :

অসমীয়াৰ বাপতি-সাহোন ৰঙালী বিহু উপলক্ষে সমূহ অসমবাসী ৰাইজলৈ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছে উলামা কাউন্সিল অৱ অসমে। সংগঠনটোৰ সভাপতি মৌলানা ৰফিকুল ইছলামে এক বিবৃতিত কয় যে অসমীয়া নৱবৰ্ষই সমাজৰ পৰা সকলো ধৰণৰ ব্যাধি আঁতৰাই জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল আৰু অধিক টনকিয়াল হওক– তাৰেই কামনা কৰিলো।

এক্য সেনা অসমৰ শুভেচ্ছা :

ৰঙালী বিহু উপলক্ষে সমূহ অসমবাসী ৰাইজলৈ ঐক্য সেনা অসমে শুভেচ্ছা জ্ঞাপন কৰিছে। এক বিবৃতিত ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱজ্যোতি শৰ্মা, মুখ্য সম্পাদক শ্বহিদুল ইছলাম, মুখ্য মুখপাত্ৰ কমল কুমাৰে অসমৰ সমূহ ৰাইজলৈ ৰঙালী বিহুৰ ওলগ যাচিছে।