শেহতীয়া খবৰ
Home / আঞ্চলিক / আজি অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ

আজি অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ আজি অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান। ১৮ এপ্ৰিলত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যৰ ৫ সমষ্টিত হ’ব এই ভোটগ্ৰহণ। মঙলদৈ, নগাঁও, কৰিমগঞ্জ, শিলচৰ আৰু ডিফু সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ৮,৯৯২টা ভোটকেন্দ্ৰত হ’ব নিৰ্বাচন। ৬৮,৩৬,৪৯৬গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। দ্বিতীয় পৰ্যায়ত ৫০ গৰাকী প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা । মুঠ ৬০গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। ৪গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰিছিল নিৰ্বাচন আয়োগে। আনহাতে ৬গৰাকী প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিছিল মনোনয়ন।