শেহতীয়া খবৰ
Home / আঞ্চলিক / ১৩ বছৰৰ পিছত ওদালগুৰি জিলাত তথ্য আৰু জনসংযোগ বিষয়া নিয়োগ

১৩ বছৰৰ পিছত ওদালগুৰি জিলাত তথ্য আৰু জনসংযোগ বিষয়া নিয়োগ

ওদালগুৰিত আপকু আৰু বিটিএডি সাংবাদিক সংস্থাৰ সম্বৰ্ধনা জ্ঞাপন

ডিজিটেল সংবাদ, ওৰাংঃ ১৩ বছৰ ধৰি খালী হৈ থকা ওদালগুৰি জিলাৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া হিচাপে অৱশেষত ৰিজেন্দ্ৰ নাথ ব্ৰহ্ম চৌধুৰীয়ে ১৮ মাৰ্চত যোগদান কৰে৷ জিলা তথ্য আৰু জনসংযোগ বিষয়া হিচাপে যোগদান কৰাৰ বাবে আপকু, বিটিএডি সাংবাদিক সংস্থাৰ ওদালগুৰি জিলা সমিতিয়ে উষ্ণ আদৰণি জনোৱাৰ লগতে ১৩ এপ্ৰিলত  ফুলাম গামোছা, জাপিৰে  ওদালগুৰি জিলা তথ্য আৰু জনসংযোগ বিষয়া কাৰ্য্যালয়ত ৰিজেন্দ্ৰ নাথ ব্ৰহ্মচৌধুৰীক  সম্বৰ্ধনা জনোৱা হয় ৷ ওদালগুৰি জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া হিচাপে কামত অংশগ্ৰহণ কৰি ১৩ এপ্ৰিল তাৰিখে আপকু, বিটিএডি সাংবাদিক সংস্থাৰ ওদালগুৰি জিলা সমিতিৰ বিষয়ববীয়া, সাংবাদিক সকলৰ সৈতে সৌহাদ্যপূৰ্ণ চিনাকিৰে বিভাগটোৰ গতিশীলতাৰ কথা সম্পৰ্কে বাৰ্তালাপ কৰে বিষয়াগৰাকীয়ে।
উল্লেখ্য যে ১৯৮৩ চনত ওদালগুৰিক মহকুমা হিচাপে ঘোষণা কৰাৰ পিছৰে পৰা ১৯৮৫ চনৰ ডিচেম্বৰ মাহৰ পৰা বিভাগটোৰ কাম কাজ আৰম্ভ হৈছিল। বিভাগটোৰ প্ৰথম গৰাকী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল যোগপ্ৰসাদ লস্কৰে। ১৯৮৯ চনত তথ্য আৰু জনসংযোগ বিষয়া গৰাকী বদলি হোৱাৰ পিছত তাৰ দায়িত্ব গ্ৰহণ কৰে মহকুমাটোৰ এগৰাকী অতিৰিক্ত সহায়ক আয়ুক্তই । উক্ত চনৰে ২৬ ডিচেম্বৰলৈ বিভাগটোৰ কাৰ্যবাহী বিষয়া হিচাপে অতিৰিক্ত সহায়ক আয়ুক্ত মাণিক চন্দ্ৰ শৰ্মাই কাৰ্যভাৰ গ্ৰহণ কৰি থকাৰ পিছত বিৰাজ কুমাৰ ডেকা নামৰ বিষয়া এগৰাকীয়ে সুদীৰ্ঘ ১৮ বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৭ চনত ডেকা দৰং জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া হিচাপে বদলি হয়। তাৰ পিছৰ পৰাই বিভাগটোত কোনো এগৰাকী স্থায়ী বিষয়া চৰকাৰে নিযুক্তি নিদিয়াত বিভাগটোৰ কাম কাজ তুলনামূলক ভাৱে স্থবিৰ হৈ পৰে । উল্লেখ্য যে জিলাখনৰ এগৰাকী দায়িত্বশীল বিষয়াই কামৰ বোজাৰ বাবে অতিৰিক্ত ভাবে বিভাগটোৰ কাম কাজ সুকলমে চলোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। তেনেক্ষেত্ৰত চৰকাৰে তথ্য আৰু জনসংযোগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগটোত এগৰাকী স্থায়ী বিষয়া নিযুক্তি নিদিয়াটো সমগ্ৰ জিলাবাসীৰ বাবে পৰিতাপৰ বিষয় আছিল । চৰকাৰে লোকসভা নিৰ্বাচনৰ সময়ত ওদালগুৰিত খালী হৈ থকা তথ্য আৰু জনসংযোগ বিষয়াৰ পদটোত এগৰাকী স্থায়ী বিষয়া নিযুক্তি দিয়াত জিলাবাসীৰ লগতে  আপকু, বিটিএডি সাংবাদিক সংস্থাৰ লগতে সাংবাদিক মহল সুখী হৈছে। সুদীৰ্ঘ ১৩ বছৰৰ মূৰত স্থায়ী বিষয়া হিচাপে বিভাগটোৰ দায়িত্ব গ্ৰহণ কৰা ৰিজেন্দ্ৰ নাথ ব্ৰহ্ম চৌধুৰীয়ে সাংবাদিক  সকলৰ সৈতে মত বিনিময় কৰি বিভাগটোলৈ গতিশীলতা অনাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। এইক্ষেত্ৰত সাংবাদিক  সকলেও বিভাগটোৰ স্থবিৰতা সম্পৰ্কে মত ব্যক্ত কৰাৰ লগতে সমাগত সমাগত লোকসভা নিৰ্বাচনৰ বাতৰি সংগ্ৰহৰ ক্ষেত্ৰত বিশেষ সুবিধা প্ৰদানৰ বিষয়ে অৱগত কৰায়। কাৰ্যত স্থায়ী বিষয়া নিযুক্তিয়ে অনাগত দিনত জিলাবাসীয়ে চৰকাৰী আঁচনিৰ সকলো তথ্য জানিব পাৰিব বুলি আশা কৰিব পাৰি।
সম্বৰ্ধনা অনুষ্ঠানটোত আপকুৰ ওদালগুৰি জিলা সমিতিৰ সম্পাদক নব কুমাৰ ডেকা, সহঃ সম্পাদক নয়নজ্যোতি ডেকা, উপদেষ্টা গায়ত্ৰী ভট্টৰায়, ইমৰান হুছেইন, বিটিএডি সাংবাদিক সংস্থাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি গনেশ ডেকা, ভাৰপ্ৰাপ্ত সম্পাদক প্ৰফুল্ল কুমাৰ বড়ো, সাংবাদিক ভূবন বণিয়া, ৰবীন্দ্ৰ ৰাভা আদি উপস্থিত থাকি সক্ৰিয় সহায় সহযোগিতা কৰে ৷