শেহতীয়া খবৰ
Home / আঞ্চলিক / ভোট কেন্দ্ৰলৈ ৰাওনা বিষয়া কৰ্মচাৰীঃ খাদ্য যোগানত বিসংগতি

ভোট কেন্দ্ৰলৈ ৰাওনা বিষয়া কৰ্মচাৰীঃ খাদ্য যোগানত বিসংগতি

মাহমুদ আলী, নীলবাগানঃ কাইলৈ দেশত  হ’বলগা দ্বিতীয় পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহনৰ বাবে সাজু হৈ উঠিছে দহ নং নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত হোজাই জিলা প্ৰশাসন৷ জিলাখনৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে ৯০ নং যমুনামুখ, ৯১ হোজাই আৰু ৯২ নং লামডিং সমষ্টিত মুঠ ৭৯৩ টা ভোটগ্ৰহন কেন্দ্ৰত কাইলৈ অনুষ্ঠিত হ’ব ১০ নং নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ ভোটগ্ৰহনত মুঠ ৬৪৬৫৬৬ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব৷ ইয়াৰে ৩৩৭১০২ জন পুৰুষ আৰু ৩০৯৪৫৫  গৰাকী ভোটাৰ৷ ইতিমধ্যে ৭৯৩ গৰাকী প্ৰিজাইডিং বিষয়া, ২৩৯১ গৰাকী পুলিং বিষয়া আৰু ৫০জন চেক্টৰ বিষয়া নিজৰ নিজৰ ভোটগ্ৰহন কেন্দ্ৰলৈ প্ৰয়োজনীয় সা-সামগ্ৰী লগত লৈ ৰাওঁনা  হৈছে৷ আনহাতে জিলাখনত ভোটগ্ৰহন  সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবে ৩ হেজাৰৰো অধিক আৰক্ষী আৰু নিৰাপত্তাৰক্ষী নিয়োজিত কৰা হৈছে৷
ইফালে আজি হোজাই জিলা সদৰ শঙ্কৰদেৱ নগৰত জিলা প্ৰশাসনে এই বিষয়া কৰ্মচাৰী সকলৰ বাবে ভোজনৰ ব্যৱস্থা কৰিছে৷ চাৰিটা ডাইনিং হ’লত ব্যৱস্থা কৰা খাদ্য যোগানত বিসংগতিৰ সৃষ্টি হোৱা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ প্ৰথম ডাইনিং হলত খাদ্য পৰিৱেশন কৰা ৰহাৰ এটা কেটাৰিং গ্ৰুপে খাদ্য বস্তু পৰিৱেশনত স্বচ্ছতা বজাই নৰখাত খাদ্য গ্ৰহনকাৰী বিষয়া কৰ্মচাৰী সকল ক্ষুব্ধ হৈ এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে৷ তিনি নং ডাইনিং হলত আধা সিজা ভাত পৰিৱেশন কৰা বুলি একাংশ নিয়োজিত কৰ্মচাৰীয়ে অভিযোগ কৰে৷ ইফালে নিৰ্বাচনৰ দ্বায়িত্বত নিয়োজিত একাংশ কৰ্মচাৰীয়ে উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত দৃষ্টিকটু ভাবে বহি গান্ধীক অপমান কৰা বুলি উপস্থিত একাংশই অভিযোগ কৰে৷ পিছত যেনিবা উপায়ুক্ত কাৰ্য্যালয়ৰ কৰ্মচাৰীয়ে তেওঁলোকক তাৰ পৰা উঠাই দিয়ে৷ আজি জিলা সদৰত বহু বিষয়াই এপইণ্টমেন লেটাৰ, নিৰ্বাচনী সামগ্ৰী এৰি থৈ যায়৷ পিছত তেওঁলোকৰ এই সামগ্ৰীসমূহ উপায়ুক্তৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা প্ৰেৰণৰ ব্যৱস্থা কৰা হয়৷