শেহতীয়া খবৰ
Home / ৰাজনীতি / বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপি মুখপাত্ৰলৈ জোতা

বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপি মুখপাত্ৰলৈ জোতা

ডিজিটেল সংবাদ, নতুন দিল্লীঃ ভোটযুদ্ধ চলি থকাৰ সময়তে বিজেপিৰ এগৰাকী নেতা চৰম অপ্ৰীতিকৰ পৰিস্থিতিৰ মুখামুখি হৈছে। দিল্লীৰ নিজৰ দলৰ মুখ্য কাৰ্যালয়তে সাংসদ  জিভিএল এন ৰাও আৰু জিতেন্দ্ৰ তোমৰলৈ লক্ষ্য কৰি জোতা নিক্ষেপ কৰে এজন ব্যক্তিয়ে। সংবাদগোষ্ঠী ANI–এ আপলড কৰিছে ভিডিঅ’। ইতিমধ্য়ে দিল্লী আৰক্ষীয়ে জিম্মাত লৈছে আক্ৰমণকাৰীজনক। আক্ৰমণকাৰীজন এজন শৈল্য় চিকিৎসক। ধৃত চিকিৎসকজনৰ নাম ডাঃ শক্তি ভাৰ্গৱ। সাধ্বী প্ৰজ্ঞা ঠাকুৰক সমৰ্থন কৰি কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীক তুলাধুনা দি আছিল ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীয়ে। ভূপালৰ পৰা কংগ্ৰেছৰ দিগ্বিজয় সিঙৰ বিৰুদ্ধে মালেগাঁও বোমাকাণ্ডৰ অভিযুক্তগৰাকীক বিজেপিয়ে টিকট দিয়াৰ প্ৰসংগত বিৰোধীৰ সমালোচনাৰ উত্তৰ দি থকা অৱস্থাতে চিকিত্‍সকজনে এই আচম্বিত কাৰ্য কৰে।