শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / কেৰেলাত অসমৰ শিল্পীদলৰ ভাৰতনাট্যম্, সত্ৰীয়া নৃত্য আৰু বিহু নৃত্যত মন্ত্ৰমুগ্ধ কেৰেলাৰ সুধীসমাজ

কেৰেলাত অসমৰ শিল্পীদলৰ ভাৰতনাট্যম্, সত্ৰীয়া নৃত্য আৰু বিহু নৃত্যত মন্ত্ৰমুগ্ধ কেৰেলাৰ সুধীসমাজ

ডিজিটেল সংবাদ, নগাঁওঃ যোৱা ১৩ আৰু ১৪ এ’প্ৰিলত কেৰেলাৰ কোঁচিৰ বিশ্বজ্যোতি চি এম টি পি এছ চিলভাৰ জুবিলি হলত অনুষ্ঠিত ‘নূপুৰধ্বনি- ৰাষ্ট্ৰীয় নৃত্য মহোৎসৱ’ত নগাঁৱৰ ‘নৃত্য কলাক্ষেত্ৰ’ৰ শিল্পীসকলে আমন্ত্ৰণমূলক ভাৱে ভাৰতনাট্যম্, সত্ৰীয়া আৰু বিহু নৃত্য পৰিৱেশন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। কেৰেলাৰ অঙ্গমালিৰ সুখ্যাত নৃত্যানুষ্ঠান ‘মায়াৰাণীৰ প্ৰণৱম্’ৰ দ্বাৰা সাংস্কৃতিক বিনিময় আৰু ভ্ৰাতৃত্বভাৱ সম্প্ৰসাৰণৰ বাবে আয়োজিত উক্ত নৃত্য সমাৰোহত দেশে-বিদেশে নৃত্য পৰিৱেশন কৰি সুখ্যাতি লাভ কৰা ইলোৰা বৰা আৰু গণপতি সুব্ৰমণিয়মৰ তত্বাৱধানত স্বাগতা শৰ্মা, প্ৰতিশ্ৰুতি শইকীয়া, চন্দ্ৰাস্মিতা দেৱী, নন্দিনী বৰা, মনালী বৰা, জুমলী শৰ্মা বৰুৱা, সন্তোষী দেৱী আৰু ময়ূখী বেজবৰুৱাই ৰুক্মিণী দেৱী আৰুণ্ডেল স্থাপিত চেন্নাইৰ নৃত্য কলাক্ষেত্ৰ শৈলীৰ অনুসৰণত অতি উচ্চমানৰ ভাৰত নাট্যম্ পৰিৱেশনেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰে।
ইয়াৰ লগতে বিহুৰ পৰিৱেশত অসমৰ বিশেষ আকৰ্ষণৰূপে ইলোৰা বৰা আৰু স্বাগতা শৰ্মাৰ সত্ৰীয়া নৃত্য আৰু সমূহ শিল্পীৰ বিহু নৃত্যই সকলোৰে ভূয়সী প্ৰশংসা লাভ কৰে । উক্ত নৃত্য সন্ধিয়া উপস্থিত থকা বিশিষ্ট অতিথি কলামণ্ডলম সুমতী, চিত্ৰা, উড়িষী নৃত্যশিল্পী সুজাতা ওঝা প্ৰভৃতিয়ে দলটিৰ অপূৰ্ব পৰিৱেশনাৰ ভূয়সী প্ৰশংসা কৰে ।