শেহতীয়া খবৰ
Home / আঞ্চলিক / অসম গণতন্ত্ৰৰ অপমৃত্যু ঘটাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দইঃ জোনমনি দেৱী খাউণ্ড

অসম গণতন্ত্ৰৰ অপমৃত্যু ঘটাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দইঃ জোনমনি দেৱী খাউণ্ড

মানৱ অধিকাৰ ভংগ হোৱাৰ অভিযোগত ছয়গাওঁ আৰক্ষীৰ বিৰুদ্ধে গোচৰ কমলা কলিতালৈ আইনী জাননী

ডিজিটেল সংবাদ, পলাশবাৰীঃ লোকসভা নিৰ্বাচনৰ ২৩ এপ্ৰিলত হ’বলগীয়া অন্তিম পৰ্যায়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি দলীয় তথা নিৰ্দলীয় প্ৰাৰ্থী সকলে নিজৰ নিজৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিছে। পলাশবাৰী সমষ্টিত আজি ৭ন লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমনি দেৱী খাউণ্ডেও পদযাত্ৰা আৰু অ’টৰিক্সাৰে উপৰহালীৰ পৰা পলাশবাৰী, পাৰ্ল্লী হৈ মিৰ্জা, বঙৰা, তিনি আলি অঞ্চলত শোভাযাত্ৰা কৰি ব্যাপক প্ৰচাৰ চলাই এইবাৰৰ নিৰ্বাচনত বিজেপি চৰকাৰে শোচনীয় পৰাজয় বৰণ কৰিব বুলি জানিবলৈ দিয়ে। শোভাযাত্ৰাৰ অন্তত পেছাত অধিবক্তা তথা নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডে উপৰহালীত নিজৰ এটা কাৰ্যালয় মুকলি কৰে। উপৰহালীৰ ৰাজপথত সাংবাদিকৰ আগত নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক গণতন্ত্ৰৰ হত্যাকাৰী বুলি অভিহিত কৰে।
উল্লেখ্য যে কালি ছয়গাঁৱৰ গৰৈমাৰী অঞ্চলত মুখ্যমন্ত্ৰীয়ে নিজৰ দলৰ প্ৰাৰ্থী কুইন ওজাৰ হৈ প্ৰচাৰ চলাবলৈ গৈ অংশগ্ৰহণ কৰা এখন  নিৰ্বাচনী সভাত  চাহেবা আহমেদে নামৰ এগৰাকী মহিলাই মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসঙ্গত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি অসমত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিব বুলি ঘোষণা কৰা সময়ত প্ৰতিবাদ কৰি কেইগৰাকীমান সতীৰ্থসহ ক’লা পতাকা প্ৰদৰ্শন কৰিছিল। উক্ত ঘটনাৰ পাছত বিজেপি দলৰ সমৰ্থকৰ সহযোগত ছয়গাঁও আৰু গৰৈমাৰিৰ একাংশ আৰক্ষীয়ে  চাহেবা আহমেদ আৰু  তপন তালুকদাৰ নামৰ আন এজন লোকক আটক কৰি গটিয়াই ভুকুৱাই চুচৰাই আনি অত্যাচাৰ কৰা প্ৰসঙ্গত নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে এইদৰে মুখ্যমন্ত্ৰী সোণোৱালক সমালোচনা কৰা দেখা যায়। তেওঁ লগতে অভিযোগ উত্থাপিত কৰে যে তেওঁলোকৰ সতীৰ্থ দুগৰাকীক এবাৰ ছয়গাওঁ, এবাৰ পলাশবাৰী থানালৈ নি নিশা ১১.৩০ বজা পৰ্যন্ত এটুপি পানী, উচ্চ ৰক্ত চাপত ভোগা লোকজনক চিকিৎসকে দিয়া ঔষধও খাবলৈ নিদি মানৱ অধিকাৰ খৰ্ব কৰে বুলি কয়। এইদৰে ছয়গাঁও আৰু গৰৈমাৰি আৰক্ষী  চকীৰ বিষয়ববীয়াসকলে আইনী অধিকাৰ আৰু মানৱ অধিকাৰ উলঙ্ঘন কৰাৰ অভিযোগত আজি মানৱ অধিকাৰ আয়োগ, অসমৰ অধ্যক্ষৰ ওচৰত এক গোচৰ ৰুজু কৰি গৰৈমাৰি আৰক্ষী চকী, ছয়গাওঁ আৰক্ষী থানা, কামৰূপ জিলা আৰক্ষী অধীক্ষক আৰু আৰক্ষী মহা প্ৰৱন্ধক অসমৰ ওপৰত বিহিত ব্যৱস্থা লবলৈ আহ্বান জনাই বুলি জোনমণি দেৱী খাউণ্ডে জানিবলৈ দিয়ে।
তেওঁ লগতে কালি মুখ্যমন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শিত কৰা লোক কেইজনক কংগ্ৰেছৰ ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে পৃষ্ঠপোষকতা কৰাৰ বিস্ফোৰক অভিযোগ তুলি অগপ নেতা ডাঃ কমলাকান্ত কলিতাই ক’লা পতাকা প্ৰদৰ্শন কালত নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডেও নিজে এগৰাকী প্ৰাৰ্থী হৈ আন এগৰাকী প্ৰাৰ্থীক ক’লা পতাকা দেখুৱাই প্ৰকৃততে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে নিজে ৰাইজৰ আগত নাঙঠ হৈ দেখুওৱা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল। অগপ নেতা কমলাকান্ত কলিতাই আন কেবাটাও অভিযোগ উত্থাপিত কৰি জোনমণি দেৱী খাউণ্ডক ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত কৰি আজি তেওঁৰ বিৰুদ্ধে আইনী জাননী প্ৰেৰণ কৰি ২৪ ঘন্টাৰ ভিতৰত কলিতাই ৰাজহুৱাভাৱে ক্ষমা প্ৰাৰ্থনা নকৰিলে তেওঁৰ বিৰুদ্ধে আইন সংগত ব্যৱস্থা গ্ৰহণ কৰাৰ ভাবুকি দিয়ে নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে। আনহাতে কালি ক’লা পতাকা প্ৰদৰ্শিত কৰা চাহেবা আহমেদ আৰু তপন তালুকদাৰৰ বিৰুদ্ধে  আজি ছয়গাওঁ  থানাত ধাৰা ১২০(বি)/৫০৪/১৬৩(এ) অনুসৰি ৩৫৭/২০১৯ নং এক গোচৰ ৰুজু কৰি তেওঁলোকক আদালতত হাজিৰ কৰাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ’ব  বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।