শেহতীয়া খবৰ
Home / আঞ্চলিক / আবু তাহেৰ বেপাৰী আৰু জাবেদ ইছলাম হিমন্তৰ সন্তানঃ বদৰুদ্দিন আজমল

আবু তাহেৰ বেপাৰী আৰু জাবেদ ইছলাম হিমন্তৰ সন্তানঃ বদৰুদ্দিন আজমল

ডিজিটেল সংবাদ, তামাৰহাটঃ ধুবুৰী লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয় লোকসভা নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে সমষ্টিটোৰ চূকে কোনে বিভিন্ন স্থানত বদৰ উদ্দিন আজমলে হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তোলা দেখা গৈছে । নিৰ্বাচনী সভা সমূহত আজমলে বিজেপি দল, নৰেন্দ্ৰ মোদী আৰু সমষ্টিৰ দুই মূল প্ৰতিদ্বন্দী আবু তাহে বেপাৰী আৰু জাবেদ ইছলামক তীব্ৰ বাক্যবানেৰে আক্ৰমনৰ লক্ষ্য কৰি লোৱা দেখা গৈছে । ইয়াৰ বাবে তেওঁ কিছু অশালীন ভাষাও প্ৰয়োগ কৰা দেখা গৈছে । কালি গোলকগঞ্জৰ বৰবালাৰচৰত অনুষ্ঠিত আজমলৰ হেলিকপ্টাৰেৰে চলোৱা নিৰ্বাচনী সভাত ইয়াৰ ব্যাতিক্ৰম হোৱা নাই । আজমলে তেওঁৰ ভাষনত মুছলমানে ৭০০ বছৰ আৰু ইংৰাজে দুশ বছৰ ৰাজত্ব কৰাৰ পিছতো মুছলিম বা খ্ৰীষ্টান ৰাষ্ট্ৰ বনাব পৰা নাই । ভাৰতত যিমান দিন ৯৫ শতাংশ হিন্দু মুছলমান একেলগে থাকিব নৰেন্দ্ৰ মোদীৰ বিজেপিয়ে ভাৰতক হিন্দু ৰাষ্ট্ৰ বনোৱাৰ সপ্ন পূৰণ নহ’ব । সংবিধানৰ ওপৰত হাত দিব নোৱাৰিৱ । বিজেপি শাসনলৈ আহিলে  মুছলমানে গাহৰিৰ মাংস খাব লাগিব । গতিকে বিজেপিক  ভোট নিদিয়াৰ আহ্বান জনায় ।
হিমন্ত বিশ্ব শৰ্মাই শিলচৰত  দাৰি, টুপি থকা মানুহৰ মানুহৰ ভোট নালাগে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় দাৰি, টোপি থকা মানুহে‌ই বিজেপিক ভোট নিদিব। ৰঞ্জিত দত্ত‌ই নগাওঁত আজমলৰ এ আই ইউ ডি এফ দলৰ ভোট বিচৰা বুলি উল্লেখ কৰি আজমলে দলটোৰ পৰা বিজেপি ভোট পোৱাটো ইমান সহজ নহয় বুলি উল্লেখ কৰে। আজমলে ধুবুৰী লোকসভা সমষ্টিৰ তেওঁৰ দুই মূল প্ৰতিদ্বন্দি কংগ্ৰছৰ আবু তাহেৰ বেপাৰী আৰু বিজেপি মিত্ৰজোট আগপ প্ৰাৰ্থী জাবেদ ইছলামক হিমন্ত বিশ্ব শৰ্মাৰ সন্তান  বুলি কয়। দুয়ো হিমন্ত বিশ্ব শৰ্মাৰ ভৰি দবাই দিছিল বুলি কৈ আবু তাহেৰ বেপাৰীক ধুবুৰী লোকসভা সমষ্টিৰ চাৰি সীমাৰ বাহিৰত থাকিবলৈ কয় । দুয়ো বিজেপি আৰু আৰ এছ এছৰো সন্তান তথা বিষাক্ত সাপ বুলি অবিহিত কৰি সভাখনত দিয়া ভাষনত আজমলে এনে অশালীন মন্তব্য কৰে। সভাখনত দিয়া ভাষনত আজমলে যোৱা নিৰ্বাচনত তেওঁ ছয় লাখ ভোট পাই জিকিছিল বুলি এইবাৰ তেওঁক এইবাৰ তেওঁক ১৫ লাখ ভোটাত জিকাবলৈ আহ্বান জনায়। কাৰণ আজমলৈ উচ্চতম ন্যায়ালয়ত কোটি কোটি টকা খৰচ কৰি  ৪৭ লাখ  মহিলাক এনআৰচিত নাম বাদ পৰাৰ পৰা ৰক্ষা কৰা বুলি দাবী কৰে। গতিকে পুনৰ মোদী চৰকাৰক আহিব নিদিব বুলি কয় আজমলে। আজমলে আহা পাচঁ বছৰত তেওঁৰ চৰকাৰ আহিব বুলি উল্লেখ তেওঁ  কৰি কয়, যদি নাহে তেনেহলেও ধুবুৰীত নিজেই আজমল বিশ্ব বিদ্যালয় স্থাপন কৰিব বুলি তেওঁৰ ভাষনত কয় ‌।