শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / শ্ৰীলংকাৰ ৰাজধানী কলম্বোসহ দেশখনৰ বিভিন্ন স্থানত ধাৰাবাহিক বিস্ফোৰণ

শ্ৰীলংকাৰ ৰাজধানী কলম্বোসহ দেশখনৰ বিভিন্ন স্থানত ধাৰাবাহিক বিস্ফোৰণ

ডিজিটেল সংবাদঃ শ্ৰীলংকাৰ ৰাজধানী কলম্বোসহ দেশখনৰ বিভিন্ন স্থানৰ গীৰ্জা আৰু হোটেলত ৬টাকৈ বিস্ফোৰণ। এই বিস্ফোৰণত ৯৯জন লোক নিহত হোৱাৰ লগতে ৪৫০ৰো অধিক লোক গুৰুতৰভাৱে আহত হয়। ৩টা গীৰ্জা আৰু ৩খন হোটেলত সংঘটিত হয় এই বোমা বিস্ফোৰণৰ ঘটনা। কোচিকাড়ে, কাতুৱাপিতিয়া আৰু বাতিকালোৱা গীৰ্জা আৰু ছাংগ্ৰি লা হোটেল, চিনামন গ্ৰেণ্ড হোটেল আৰু কিংছবাৰী হোটেলত হয় ভয়ংকৰ বিস্ফোৰণ। কেইবাজনো বিদেশী লোকো গুৰুতৰভাৱে আহত হয় এই বিস্ফোৰণত। ছাংগ্ৰি লা হোটেলত বাহৰ পাতি আছিল বিদেশীসকল। খ্ৰীষ্টিয়ানসকলৰ পৱিত্ৰ উৎসৱ ইষ্টাৰৰ বাবে গীৰ্জাঘৰত মিলিত হৈছিল লোকসকল। বাতিকালোৱা হাস্পতালত চিকিত্সাধীন বিস্ফোৰণত আহতসকল। শ্ৰীলংকাৰ সময় অনুসৰি পুৱা ৮.৪৫ বজাত সংঘটিত হৈছে এই ঘটনা। এইপৰ্যন্ত কোনো সংগঠনে দায়িত্ব স্বীকাৰ কৰা নাই। ২০০ সেনা মোতায়েন কৰা হৈছে কলম্বোত সকলো সেনাৰ ছুটী বাতিল কৰিছে প্ৰশাসনে। জৰুৰী বৈঠকৰ আহ্বান শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ।

‘ভাৰতীয় উচ্চায়ুক্তৰ সৈতে যোগাযোগ অব্যাহত আছে, সমগ্ৰ ঘটনাৰ সূক্ষ্ম পৰ্যবেক্ষণ কৰি থকা হৈছে।’– টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ। সন্ধানহীন ভাৰতীয়ৰ নাম আৰু পৰিচয় প্ৰেৰণ কৰিব পাৰে। ভাৰত চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। 94777903082 আৰু 94112422788ত যোগাযোগ কৰিব পাৰে।