শেহতীয়া খবৰ
Home / ক্ৰীড়া / অসমবাসী ৰাইজলৈ দুখবৰঃ হঠাৎ ট্ৰেকৰ ওপৰতে শুই পৰিল হিমা

অসমবাসী ৰাইজলৈ দুখবৰঃ হঠাৎ ট্ৰেকৰ ওপৰতে শুই পৰিল হিমা

স্বৰ্ণ কন্যা হিমাৰ হঠাৎ পিঠিৰ বিষৰ বাবে এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ ২০০ মিটাৰ দৌৰৰ পৰা বাহিৰ

ছাইদুল ইছলাম, ধিংঃ স্বৰ্ণ কন্যা হিমাৰ অনুৰাগীসকলৰ লগতে অসমবাসীৰ বাবে এটা দুখবৰ। হঠাৎ অসুস্থ হৈ পৰিল স্বৰ্ণ কন্যা তথা ধিং এক্সপ্ৰেছ হিমা দাস। বিগত অলপ দিনৰে পৰা ধিং এক্সপ্রেছ হিমাই ভুগি থকা সাধাৰণ পিঠিৰ বিষ এতিয়া বেছি হোৱাৰ ফলত আনকি অনুশীলনৰ পৰাও আতৰি থাকিব লগা হৈছে হিমা দাস। পিঠিৰ বিষৰ বাবে এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপ ২০১৯ ৰ দেওবাৰে অনুষ্ঠিত ২০০ মিটাৰ দৌৰত হিমা দাসে অংশ লৈয়ো দৌৰৰ পৰা বাহিৰ হ’ব লগা হল। দেওবাৰে দোহাৰ খলিফা ষ্টেডিয়ামত অনুষ্ঠিত ২০০ মিটাৰ দৌৰৰ মাজতে পিঠিৰ বিষত জৰ্জৰ হৈ ট্ৰেকৰ ওপৰতে শুই পৰিব লগা হয় ধিং এক্সপ্রেছ গৰাকী।
উল্লেখ্য যে, কিছুদিন পূৰ্বৰে পৰা ধিং এক্সপ্রেছ গৰাকীয়ে পিঠিৰ বিষত ভুগি আছিল। কিন্তু একমাত্ৰ অনুৰাগীসকলৰ লগতে অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই অনাৰ কথা ভাৱিয়েই নিজৰ অসুস্থতাৰ প্ৰতি পিঠি দি এছিয়ান এথলেটিক চেম্পিয়নশ্বিপৰ বাবে অনুশীলনত অহৰহ কষ্ট কৰাৰ ফলত তেওঁৰ পিঠিৰ বিষ বৃদ্ধি পায় আৰু দেওবাৰে ২০০ মিটাৰ দৌৰৰ মাজতে অসহ্য যন্ত্ৰনা শয্যা কৰিব নোৱাৰি ট্ৰেকৰ ওপৰতে শুই পৰিব লগা হয় হিমা দাস। যাৰ ফলস্বৰূপে চিকিৎসকে হিমা দাসৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত প্ৰতিযোগিতাত অংশ গ্ৰহণৰ পৰা দুই এদিন বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে। হিমাৰ এই অসুস্থতাৰ খবৰ বিয়পি পৰাৰ লগে লগে হতাশ হৈ পৰিছে হিমাৰ অনুৰাগী সকলৰ লগতে অসমবাসী ৰাইজ। হিমা দাস যাতে অতি সোনকালে সুস্থ হয় দৈনিক গণ অধিকাৰ পৰিয়ালৰ তৰফৰ পৰাও তাৰে কামনা থাকিল।