শেহতীয়া খবৰ
Home / আঞ্চলিক / মানাহ গড়কাপ্তাী পথৰ জৰাজীৰ্ণ অৱস্থাৰ ফলত যাতায়ত বন্ধ হৈ পৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে পথ আৰোহীৰ

মানাহ গড়কাপ্তাী পথৰ জৰাজীৰ্ণ অৱস্থাৰ ফলত যাতায়ত বন্ধ হৈ পৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে পথ আৰোহীৰ

নজৰুল আলী আহমেদ, গোৱৰ্দ্ধনাঃ বৰপেটাৰোডৰ পৰা মানাহ সংযোগী এক মাত্ৰ উপ-পথৰ জৰাজীৰ্ণ অৱস্থা।বিজেপিৰ মিত্ৰজোট চৰকাৰৰ ডিজিটেল বিটিচিৰ ফোপোলাস্বৰূপ বৰপেটাৰোডৰপৰা মানাহ গড়কাপ্তানী সংযোগী ছাফাকামাৰৰপৰা পূৱ ছাফাকামাৰ হৈ ওলাই যোৱা পথচোৱাৰে যাতায়ত একেবাৰেই বন্ধ হৈ পৰিছে। বেঁকী নৈৰ প্ৰৱল গড়াখহনীয়াৰ ফলত মানাহ সংযোগী গড়কাপ্তানী পথচোৱা সম্পূৰ্ণ বেঁকী নৈত জাহ যোৱাৰ পিছত পূৱ ছাফাকাৰাৰ-দলোগাওঁ হৈ ওলাই যোৱা উপ-পথেৰে দিনে নিশায় চলিছে অবৈধ শিল-বালি কড়িয়াই নিয়া ডাম্পাৰ, ট্ৰাক, ট্ৰেক্টৰ আদি।
একমাত্ৰ প্ৰশাসন আৰু বন বিষয়াৰ ছত্ৰ-ছায়াতেই এইদৰে প্ৰতিদিনে পাঁচৰপৰা সাত হাজাৰকৈ চালান বিহীন অবৈধ শিল বালিৰ গাড়ী পাৰ হয় এই উপ পথচোৱাৰে। ডিজিটেল ইণ্ডিয়া আৰু ডিজিটেল বিটিচি গঠনৰ দাবী  কৰা নৰেন্দ্ৰ মোডী আৰু হাগ্ৰামা মহিলাৰীৰ ৰাজত্ব কালত বৰপেটাৰোডৰ উত্তৰাঞ্চলৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ মাধ্যম এই পথচোৱাৰ অৱস্থাই দেশ উন্নয়নৰ ফপোলাস্বৰূপ আজি ৰাইজৰ মাজত জল-জল পট-পট।  ফলত  উল্লেখিত পথচোৱাৰ ঠায়ে ঠায়ে পুখুৰীৰ দৰে দহ খালত পৰিণত হৈছে। ৰাইজে যাতায়ত কৰিব নোৱাৰি প্ৰতিদিনে দূৰ্ভোগত ভূগিব  লগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে। এই পূৱ ছাফাকামাৰ, দলোগাওঁ, গামাৰীগুৰী, নিমূৱা আদি গাৱত বসবাস কৰা ৰাইজ বিশেষ কৈ কৃষি কৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰে। পথচোৱাৰ এই দুৰ্গম অৱস্থাৰ ফলত প্ৰত্যেক দিনাই ৰাতিপুৱা কেচা শাক-পাচলি লৈ বজাৰত যোৱাৰ ক্ষেত্ৰত বাধাগ্রস্ত হৈ পৰিছে কৃষকসকলৰ। যাৰ ফলত ভৱিষ্যত অন্ধকাৰৰ পিনে ঢাপলি মেলিবলৈ আৰম্ভ কৰিছে কৃষক ৰাইজৰ। এই ক্ষেত্ৰত চৰকাৰৰ বিভাগীয় কতৃপক্ষৰ কোনো কানষাৰ নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ।