শেহতীয়া খবৰ
Home / ৰাজনীতি / কলগাছিয়াৰ বামুনটাৰীত ৪০ সহস্ৰাধিক লোকৰ সমাগমেৰে  জনসমুদ্ৰত পৰিণত হল খালেকৰ নিৰ্বাচনী সভা

কলগাছিয়াৰ বামুনটাৰীত ৪০ সহস্ৰাধিক লোকৰ সমাগমেৰে  জনসমুদ্ৰত পৰিণত হল খালেকৰ নিৰ্বাচনী সভা

ঘাটোৱাৰ, ভানু, ৰূপজ্যোতি, কমলাক্ষই কলে বামুনটাৰীত ৰাইজে ঘোষণা কৰিলে আব্দুল খালেকৰ বিজয়ৰ ফলাফল

ষ্টাফ ৰিপ ৰ্টাৰ গুৱাহাটী  ২১ এপ্ৰিল :
অহা ২৩ এপ্ৰিলত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম দিনা দুপৰীয়া ১২ মান বজাত কলগাছিয়াৰ বামুনটাৰীত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আব্দুল খালেকৰ হৈ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। জনীয়া সমষ্টি নিৰ্বাচনী কমিটিৰ সভাপতি তথা অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য এম মোজাম্মিল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাত শ শ চাৰিচকীয়া বাহন, হাজাৰ হাজাৰ বাইক আৰু পদযাত্ৰাৰে সমদল কৰি ৪০ সহস্ৰাধিক পুৰুষ, মহিলা আৰু যুৱ ভোটাৰৰ  সমাগমেৰে জনসমুদ্ৰত পৰিণত হোৱা বিশাল নিৰ্বাচনী সভাত প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, তেজপুৰ লোক সভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানু, বিধায়ক ৰূপজ্যোতি কুৰ্মী,  বিধায়ক কমলাক্ষ দে ফুকা স্থানীয়,  বিধায়ক শ্বেৰমান আলী আহমেদ, জাকিৰ হুছেইন শিকদাৰ আৰু বৰপেটা লোক সভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আব্দুল খালেক প্ৰমুখ্যে কংগ্ৰেছৰ কেবাজন শীৰ্ষ পৰ্য্যায়ৰ নেতা উপস্থিত থাকি সুমধুৰ বাক্যৰে আব্দুল খালেকক বিপুল ভোটেৰে জয় যুক্ত কৰাৰ বাবে ৰাজনৈতিক বক্তব্য দাঙি ধৰে।
প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘাটোৱাৰে জনসমুদ্ৰত পৰিণত আব্দুল খালেকৰ নিৰ্বাচনী সভাৰ দৃশ্য দেখি আনন্দত আত্মহাৰা হৈ খালেকৰ বিজয়ৰ ফলাফল ৰাইজে বামুনটাৰীত আজিয়েই এক প্ৰকাৰ ঘোষণা কৰি দিলে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। তেওঁ ভাষণ প্ৰসংগত বিজেপি, অগপ আৰু বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফক কঠোৰ ভাষাৰে সমালোচনা কৰি কেন্দ্ৰৰ পৰা বিজেপিক উৎখাত কৰি ৰাহুল গান্ধীক ভাৰতৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত বৰপেটাৰ পৰা কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী আব্দুল খালেকক বিপুল ভোটত জয় কৰিবলৈ সকলো পক্ষকে আহ্বান কৰে । এম জি ভি কে ভানুয়ে কয় আপোনালোকে আব্দুল খালেকক বহুত মৰম কৰিছে। আজিৰ নিৰ্বাচনী সভাত চাৰিওফালে কেৱল মানুহ আৰু মানুহ। মই দেখিছোঁ বামুনটাৰীৰ পৰা দুই কি :মি পথলৈৱো মানুহৰ বিশাল সমাগম। বৰপেটাৰ পৰা বিজেপি মিত্ৰজোটৰ অগপ আৰু বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফৰ চিন চাপ আজিয়েই আপোনালোকে শেষ কৰি দিলে। এইক্ষেত্ৰত কংগ্ৰেছৰ আব্দুল খালেকক ৩ লাখ ভোটৰ ব্যৱধানত জয়ৰ ফুলৰ মালা আপোনালোকে আজিয়েই পিন্ধাই দিলে বুলি আনন্দত আত্মহাৰা হৈ পৰে। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও ভাষণ প্ৰসংগত কয় নৰেন্দ্ৰ মোডী দালাল, ঠগবাচ, প্ৰৱন্চক আৰু দেশৰ শত্ৰু।
এ আই ইউ ডি এফ আৰু বিজেপি মুছলমান বিৰোধী । এই দলক ভোট নিদিব। আপোনালোকে চাব দিল্লীত কংগ্ৰেছৰ চৰকাৰ হব আৰু ৰাহুল গান্ধী ভাৰতৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী হব। এইক্ষেত্ৰত আমি আব্দুল খালেকক বিচাৰো। নিশ্চয় আপোনালোকে বিজেপি মিত্ৰজোটৰ অগপ আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থীক তচনচ আব্দুল খালেকক বিপুল ভোটত জয় যুক্ত কৰিব। বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰেও এক গাম্ভীৰ্যপূৰ্ণ ভাষণ প্ৰদান কৰি বৰপেটা লোক সভা সমষ্টিৰ অন্তৰ্গত ১০ টা বিধান সভা সমষ্টিৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ লোকক কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় ।ইফালে আব্দুল খালেকে নিৰ্বাচনী সভাত সমবেত ৰাইজৰ মৰম চেনেহত সন্তষ্টি প্ৰকাশ কৰি কয় যে মই আপোনালোকৰ পৰা আৰ্শীবাদ বিচাৰো।
আপোনালোকে এ আই ইউ ডি এফ আৰু বিজেপিক বিশ্বাস নকৰিব। এ আই ইউ ডি এফে কংগ্ৰেছৰ লগত মিত্ৰতাৰ বাবে কংগ্ৰেছৰ দুৱাৰে দুৱাৰে ফুৰে। বৰপেটাত দুৰ্বল প্ৰাৰ্থীৰ দাবী কৰা আজমলৰ লাজ নালাগে বুলি এক তীৰ্যক মন্তব্য কৰি বদৰুদ্দিন আজমল বিজেপিৰ এজেণ্ট হিচাবে অভিহিত কৰে। হিমন্ত বিশ্ব শৰ্মা বিফল মন্ত্ৰী, তেওঁ হতাশাত ভূগিছে সেই কাৰণে নিৰ্বাচনী সভাত নাচি আছে। তেওঁৰ বিজয় ৰাইজে নিশ্চিত কৰিছে। অন্তিম দিনৰ নিৰ্বাচনী সভাত ৰাইজৰ সমাগম দেখি বহুত ভাল লাগিছে বুলিও মন্তব্য কৰে। আনহাতে সভাত সমবেত ৫০ জনৰো অধিক লোকৰ সৈতে হোৱা কথা বতৰাত জানিব পৰা মতে আব্দুল খালেকৰ দৰে মানুহ দিল্লীত পঠোৱাৰ প্ৰয়োজন আছে। বৰ্তমান দেশৰ ৰাজনৈতিক পৰিস্থিতি ভাল নহয়। এ আই ইউ ডি এফ কৰি লাভ নাই। আমাৰ ভোট বিভাজন হলে বিজেপি মিত্ৰজোটৰ অগপ ওলাই যাব পাৰে। সেই কাৰনে আমি সকলোৱে এক হৈ হাত বাচি লৈছোঁ। জনীয়াৰ পৰা যদি ফখৰুদ্দিন আলি আহমেদ ৰাষ্ট্ৰপতি হব পাৰে তেন্তে আব্দুল খালেকৰ বাবে এই পদৰ সুবিধা আমি কিয় দিব নোৱাৰিম বুলি নিজকে নিজে প্ৰশ্ন কৰে।