শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ৰোহিংগ্যা শৰণাৰ্থীৰ বুজ ল’বলৈ বাংলাদেশত ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি

ৰোহিংগ্যা শৰণাৰ্থীৰ বুজ ল’বলৈ বাংলাদেশত ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি

গণ বাৰ্তা, ঢাকা, ২৩ এপ্ৰিলঃ বাংলাদেশৰ প্ৰতিৱেশী দেশ ম্যানমাৰৰ ৰাখিনী প্ৰদেশত বসবাস কৰা ৰোহিংগ্যা মুছলমানসকলৰ বিৰুদ্ধে দেশখনত চলোৱা নৃগোষ্ঠীয় পৰিষ্কৰণৰ বলি হোৱা লোকসকলৰ বৃহৎ এটা অংশ পলাই আহি শৰণাৰ্থীৰূপে বাংলাদেশত আশ্ৰয় গ্ৰহণ কৰিছে। শৰণাৰ্থীসকলক লৈ বাংলাদেশ চৰকাৰ গভীৰ সমস্যাত পৰিছে। বাংলাদেশৰ বাবে প্ৰতিবেশী দেশৰ পৰা পলাই আহি আশ্ৰয় গ্ৰহণ কৰা শৰণাৰ্থীসকলৰ দায়িত্ব দীৰ্ঘ দিনৰ বাবে গ্ৰহণ কৰা সম্ভৱ নহয়। ইতিমধ্যে ম্যানমাৰত ৰোহিংগ্যাসকলৰ বিৰুদ্ধে চলি থকা নিৰ্যাতন আৰু অপসাৰণৰ ঘটনাই ৰাষ্ট্ৰসংঘৰ মজিয়াত ঠাই পাইছে। বাংলাদেশেও শৰণাৰ্থীসকলৰ ক্ষেত্ৰত কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰসংঘক জনোৱা আবেদনৰ ভিত্তিত ইয়াৰ এটা প্ৰতিনিধি দল আহি ইতিমধ্যে ঢাকাত উপস্থিত হৈছে। বাংলাদেশৰ কস্ক বজাৰ অঞ্চলত শৰণাৰ্থী ৰোহিংগ্যাসকলে আশ্ৰয় গ্ৰহণ কৰিছে। ৰাষ্ট্ৰসংঘৰ তিনিজন প্ৰতিনিধি ক্ৰমে উচ্চায়ুক্ত ফিলিপ্প গ্ৰান্দী, এণ্টনিঅ’ ভিট’ৰিন’ আৰু অবৰ সচিব মাৰ্কল’ট ইতিমধ্যে ঢাকাত আহি উপস্থিত হৈ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, বৈদেশিক মন্ত্ৰী আব্দুল মোমেন আৰু চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলক সাক্ষাৎ কৰি ৰোহিংগ্যা সম্পৰ্কে আলোচনা কৰিছে।