শেহতীয়া খবৰ
Home / ৰাজনীতি / উত্তৰ প্ৰদেশত ইভিএমৰ বিসংগতি : অখিলেশ যাদৱৰ অভিযোগ

উত্তৰ প্ৰদেশত ইভিএমৰ বিসংগতি : অখিলেশ যাদৱৰ অভিযোগ

নতুন দিল্লী, ২৩ এপ্ৰিলঃ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে আজি অভিযোগ কৰে যে ৰাজ্যখনৰ কিছুমান ভোটগ্ৰহণ কেন্দ্ৰত ব্যৱহাৰ কৰা ইভিএম মেচিনত ভোটদান কৰাৰ পিছত কেবল বিজেপিৰ বাবেহে ভোটদান হয়। আজি দেশৰ ১৫ খন ৰাজ্যৰ ১১৭ টা সমষ্টিত তৃতীয় পৰ্যায়ৰ ভোটদান হৈছে। দেশৰ বিভিন্ন ঠাইত ইভিএম মেচিনৰ কাৰিকৰী বিজুতি ঘটা বা কেবল বিজেপিৰ বাবেহে ভোটদান হোৱাৰ অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে। তদুপৰি বহুটো ভোটগ্ৰহণ কেন্দ্ৰত নিয়োগ কৰা বিষয়াসকলৰ প্ৰশিক্ষণৰ অভাবেও ইভিএম মেচিনৰ বিসংগতি বৃদ্ধি কৰিছে। এতিয়ালৈকে ৩৫০ টা ইভিএম মেচিন অপসাৰিত কৰা হৈছে। নিৰ্বাচনত ভোটদানৰ ক্ষেত্ৰত ইভিএমৰ মেচিনৰ বিসংগতিৰ ফলত সৃষ্টি হোৱা অৱহেলা এক অপৰাধৰূপে গণ্য হোৱা উচিত বুলি অখিলেশ যাদৱে কয়। গোটেই দেশত ইভিএম মেচিনৰ দ্বাৰা ভোটগ্ৰহণ কৰিবলৈ চৰকাৰে ৫০,০০০ কোটি টকা ব্যয় কৰিছে। কেৰালাৰ তিৰুৱনন্তপুৰমৰ কেইটামান ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটদাতাই আজি অভিযোগ কৰে যে তেওঁলোকে কংগ্ৰেছৰ হাতৰ চিনত দিয়া ভোট বিজেপিয়ে পাইছে। এই সম্পৰ্কে কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতাই নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছে। উত্তৰ প্ৰদেশৰ উপৰিও আন আন ৰাজ্যতো ইভিএম মেচিনৰ বিজুতি বা বিসংগৰি যথেষ্ট পৰিমাণে অভিযোগ উত্থাপিত হৈছে। গোৱা লোকসভা সমষ্টিৰ আসনখনৰ ভোটদানৰ সময়তো আম আদমি পাৰ্টীৰ চিনত দিয়া ভোট বিজেপিয়ে লাভ কৰা বুলি আম আদমি পাৰ্টীয়ে অভিযোগ কৰিছে। ইভিএম মেচিনৰ বিসংগতি কেবল এক কাৰিকৰী বিজুতি অথবা নিৰ্বাচনী বিষয়াসকলৰ এনে মেচিন পৰিচালনা কৰাৰ দক্ষতাহীনতা নে ই এক পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ, এই দিশতো এতিয়াও উন্মোচিত হোৱা নাই।