শেহতীয়া খবৰ
Home / ৰাজনীতি / হিন্দু-মুছলমানে জয়ী কৰাব মোক , বৰপেটাত কংগ্ৰেছৰ জয় নিশ্চিতঃ আব্দুল খালেক

হিন্দু-মুছলমানে জয়ী কৰাব মোক , বৰপেটাত কংগ্ৰেছৰ জয় নিশ্চিতঃ আব্দুল খালেক

উন্নয়ন-সংগ্ৰাম-সমন্বয়ৰ বাবে কংগ্ৰেছক দিছে ভোট, ৰেলৰ মানচিত্ৰত বৰপেটা চহৰক অন্তৰ্ভূক্ত কৰিবই বুলি খালেকৰ প্ৰতিশ্ৰুতি

 

পুলেন্দ্ৰ দাস, বৰপেটা, ২৩ এপ্ৰিলঃ
ৰাজ্যত আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সামৰণি পৰাৰ পিছতে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকী জয়ৰ ক্ষেত্ৰত যথেষ্ট আত্মবিশ্বাসী হৈ পৰা পৰিলক্ষিত হয়। নিৰ্বাচনৰ সামৰণিৰ পিছতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে এই প্ৰতিবেদকৰ আগত জনায় যে বৰপেটাত কংগ্ৰেছৰ জয় নিশ্চিত। বৰপেটা লোকসভা সমষ্টিৰ হিন্দু আৰু মুছলমান ভোটাৰে তেওঁক জয়ী কৰাব বুলি কয় । উন্নয়ন, সংগ্ৰাম আৰু সমন্বয়ৰ বাবে বৰপেটা সমষ্টিবাসীয়ে কংগ্ৰেছ প্ৰাৰ্থীক আজি ভোট দিয়া বুলিও তেওঁ কয়। নিৰ্বাচন অংক নহয়, ৰসায়নহে বুলি মন্তব্য কৰি খালেকে কয় যে এই ৰসায়ন অনুসৰি বৰপেটাত মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু এ আই ইউ ডি এফ দলে সন্মিলিতভাৱে যিমান ভোট পাব তাৰ সমান ভোট কংগ্ৰেছ দলে লাভ কৰিব। সমষ্টিটোত সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা ল’লেও সংখ্যাগুৰু আৰু সংখ্যালঘুৰ ভোটেৰে জয়ী হ’ব বুলি তেওঁ কয়। ‘কেব’ সন্দৰ্ভত অগপৰ মৌনতাৰ বাবে বৰপেটা সমষ্টিত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক ৰাইজে আঁকোৱালি নল’লে বুলিও খালেকে মন্তব্য কৰে। সাংসদ নিৰ্বাচিত হ’লে বৰপেটা চহৰক ৰে’লৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰিবই বুলি তেওঁ মন্তব্য আগবঢ়ায়। ইপিনে কলগাছিয়াৰ সমীপৰ বৰটাৰীস্থিত ১২২ নং বি কে হাইস্কুলৰ সোঁ অংশত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ লগতে তেওঁৰ পত্নী কমলিনী খালেকেও দিনৰ প্ৰায় ১২ বজাত ভোটাধিকাৰ সাব্যস্ত কৰে ।

উল্লেখ্য যে ৬ নং বৰপেটা লোকসভা সমষ্টিত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস, কংগ্ৰেছৰ আব্দুল খালেক, এ আই ইউ ডি এফৰ হাফিজ ৰফিকুল ইছলামৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছিল যদিও ভোট গ্ৰহণৰ সামৰণিৰ পিছত সমষ্টিটোত দুকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকৰ মাজতহে যে যুঁজখন হৈছে সেয়া একপ্ৰকাৰ নিশ্চিত। উল্লেখ্য যে বিগত ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিত এ আই ইউ ডি এফৰ ছিৰাজুদ্দিন আজমলে মুঠ ৩,৯৪,৭০২টা ভোট লাভ কৰি শেষ হাঁহি মাৰিছিল । দ্বিতীয় স্থানত থকা বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুঠ ৩,৫২,৩৬১টা ভোট লাভ কৰাৰ লগতে তৃতীয় স্থানত থকা কংগ্ৰেছ প্ৰাৰ্থী ইছমাইল হুছেইনে ২,৭৭,৮০২টা ভোট লাভ কৰিছিল। একেদৰে অগপৰ ফণীভূষণ চৌধুৰীয়ে ৭৩,৭৩৩টা ভোট পাবলৈ সক্ষম হৈছিল।