শেহতীয়া খবৰ
Home / ৰাজনীতি / ই ভি এমত বন্দী ৪ সমষ্টিৰ ৫৪ প্ৰাৰ্থীৰ ভাগ্য

ই ভি এমত বন্দী ৪ সমষ্টিৰ ৫৪ প্ৰাৰ্থীৰ ভাগ্য

গুৱাহাটীত ৮০শতাংশ, বৰপেটাত ৭৮ শতাংশ, ধুবুৰীত ৮৬শতাংশ, কোকৰাঝাৰত ৭৭শতাংশ ভোটদান


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ এপ্ৰিল :
ই ভি এম বিসংগতি আৰু ঠায়ে ঠায়ে সৃষ্টি হোৱা উত্তেজনাময় পৰিৱেশৰ মাজেৰে আজি সম্পন্ন হ’ল ৰাজ্যৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোট। ই ভি এমত বন্দী হ’ল ৰাজ্যৰ চাৰিটা সমষ্টি ধুবুৰী, বৰপেটা, কোকৰাঝাৰ আৰু গুৱাহাটী লোকসভা সমষ্টিৰ ৫৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ভোটদান কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ পিছতে প্ৰতিটো সমষ্টিৰ হেভীৱে’ট প্ৰাৰ্থীৰ আৰম্ভ হৈছে অংক। আজি নিজ নিজ সমষ্টিত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি প্ৰতিগৰাকী প্ৰাৰ্থীয়ে বিজয় নিশ্চিত বুলি দাবী কৰে যদিও ২৩ মে’ত স্পষ্ট হ’ব কোনে শেষ হাঁহি মাৰে। পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত ভোটদান কাৰ্যসূচীত কে’বাটাও স্থানত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ লগতে  কে’বাটাও ভোট কেন্দ্ৰত ই ভি এম বিকল হোৱাক লৈ এক উত্তাল পৰিৱেশৰ সৃষ্টি হয়। কেৱল এয়াই নহয়, তৃতীয় তথা ৰাজ্যৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ কাৰ্যসূচীত কে’বাটাও ভোট কেন্দ্ৰত প’লিং আৰু প্ৰিজাইডিং বিষয়াই শাসকীয় দল বিজেপিক সহায় কৰাৰ অভিযোগক লৈ উত্তেজনাৰ সৃষ্টি হোৱাৰ লগতে কে’বাটাও ভোট কেন্দ্ৰত শাসক-বিৰোধীৰ সমৰ্থকৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা। কৰ্তব্যত গাফিলতি আৰু নিয়ম-বহিৰ্ভূত কাম কৰি গ্ৰেপ্তাৰ হ’ল ধুবুৰীৰ প্ৰিজাইডিং বিষয়া। গৌৰীপুৰৰ বাণী বিদ্যা মন্দিৰ ভোট কেন্দ্ৰত প্ৰিজাইডিং বিষয়া গৌড় প্ৰসাদ বৰ্মনে ভোটাৰ শ্লিপৰ লগত পৰিচয়-পত্ৰ নথকাকৈ ভোটদানৰ সুবিধা প্ৰদান কৰাক লৈ উত্তেজনাৰ সৃষ্টি হয়।
পিছত জিলা প্ৰশাসনে প্ৰিজাইডিং বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰি ভোট কেন্দ্ৰটোত আন এগৰাকী বিষয়া নিযুক্তি দিয়া বুলি জানিব পৰা গৈছে। একেদৰে গোৱালপাৰাৰ টিপলাই চিতলমাৰী বনগাঁও ভোট কেন্দ্ৰত ভোট দিবলৈ গৈ এগৰাকী মহিলাৰ মৃত্যু হয়। ভোট দিবলৈ গৈ খোলেপাৰা গাঁৱৰ কুনন নাথ নামৰ মহিলাগৰাকী ভোট কেন্দ্ৰটোত ঢলি পৰে। পৰৱৰ্তী সময়ত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইপিনে আজি কোকৰাঝাৰত নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হয়। উক্ত ঘটনাত তিনিজনকৈ লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। বিজনীৰ বৰপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ভোট কেন্দ্ৰত ভোটগ্ৰহণৰ সময়ত সংঘটিত খেলিমেলিক কৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আনহাতে দক্ষিণ কামৰূপৰ সোণতলী, পানীখাইতীত ই ভি এম বিকলক লৈ ভোটাৰ ৰাইজৰ মাজত উত্তেজনাৰ সৃষ্টি হয়। একেদৰে মহানগৰীৰ লাচিত নগৰৰ কালী মন্দিৰৰ ভোট কেন্দ্ৰত প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান তথা বিশিষ্ট বুদ্ধিজীৱী হৰেকৃষ্ণ ডেকাই ই ভি এমৰ বুটাম টিপোতে তেওঁৰ পচন্দৰ প্ৰাৰ্থীৰ পৰিৱৰ্তে অন্য প্ৰাৰ্থীলৈ ভোট যোৱা বুলি অভিযোগ কৰে। উক্ত ঘটনাক কেন্দ্ৰ কৰি লাচিত নগৰ কালী মন্দিৰৰ ভোট কেন্দ্ৰত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। একেদৰে ২৭ নং গুৱাহাটী তেল শোধনাগাৰ ইনষ্টিটিউট ছেক্টৰ-২ পূব শাখাৰ ই ভি এম বিকল হোৱাৰ বাবে ভোটগ্ৰহণত ব্যাঘাত জন্মে।
নিশা সাত বজালৈকে পোৱা তথ্য অনুসৰি গুৱাহাটী লোকসভা সমষ্টিৰ ভোটদানৰ হাৰ ৮০.২০ শতাংশ, বৰপেটাত ৭৮.১১ শতাংশ, ধুবুৰীত ৮৬.৯৪ শতাংশ আৰু কোকৰাঝাৰত ৭৭.৩৮ শতাংশ। বিয়লি কে’বাটাও ভোট কেন্দ্ৰত ভোটাৰ ৰাইজৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা যায়। নিশা আঠ বজালৈ কে’বাটাও ভোট কেন্দ্ৰত ভোটদান চলা বুলি জানিব পৰা গৈছে। এই ক্ষেত্ৰত ভোটদানৰ হাৰ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৮০ শতাংশ অতিক্ৰম হোৱাৰ সম্ভাৱনা আছে। মন কৰিবলগীয়া যে গুৱাহাটী, ধুবুৰী, বৰপেটা আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা এগৰাকী যোগ্য প্ৰাৰ্থী দিল্লীলৈ প্ৰেৰণ কৰাৰ বাবে পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত ভোটদান কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে ওলাই আহে ভোটাৰ ৰাইজ। বিয়লি ৫ বজাত ভোট কেন্দ্ৰসমূহ বন্ধ হয় যদিও ভোটাৰ ৰাইজৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিশালৈকে ভোটদান কাৰ্যসূচী চলা দেখিবলৈ পোৱা যায়। মন কৰিবলগীয়া যে ভোটদান শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে যদিও একপ্ৰকাৰ বুমেৰাং হোৱা দেখা যায়। কে’বাটাও ভোট কেন্দ্ৰত আজি ৰিগিং আৰু ভোটাৰক প্ৰভাৱান্বিত কৰাৰ অভিযোগক লৈ শাসক-বিৰোধীৰ সমৰ্থকৰ মাজত খণ্ডযুদ্ধৰ দৰে ঘটনা সংঘটিত হয়। উল্লেখ্য যে ৰাজ্যৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ চাৰিটা সমষ্টিৰ নিৰ্বাচনৰ বাবে সৰ্বমুঠ ৬২গৰাকী প্ৰাৰ্থীয়ে আবেদন দাখিল কৰিছিল। ইয়াৰে নথি-পত্ৰ পৰীক্ষাৰ অন্তত তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হয় আৰু পাঁচগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত সৰ্বমুঠ প্ৰাৰ্থীৰ সংখ্যা ৫৪গৰাকী।
গুৱাহাটী লোকসভা সমষ্টিত ১৭গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় যদিও কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা আৰু বিজেপি প্ৰাৰ্থী কুইন ওজাৰ মাজত মূল যুঁজ চলা দেখা গ’ল। শেষ মুহূৰ্তত কোনে শেষ হাঁহি মাৰিব সেয়া লক্ষণীয় হ’ব। একেদৰে বৰপেটা লোকসভা সমষ্টিত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গ’ল। কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক, বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামৰ মাজত চলিব তিনিকোণীয়া যুঁজ। এই ক্ষেত্ৰত এ আই ইউ ডি এফৰ প্ৰাৰ্থীগৰাকী তৃতীয় স্থানত থাকিব বুলি স্থানীয় ৰাইজৰ মুখে মুখে চৰ্চা চলিছে। যি কি নহওক বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ মাজত চলিবলগীয়া ভোটযুদ্ধৰ অন্তত কোনে বিজয় সাব্যস্ত কৰে সেয়া ২৩ মে’ত স্পষ্ট হ’ব। ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী আৰু ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা চলে। একেদৰে কোকৰাঝাৰ লোকসভা সমষ্টিতো বি পি এফৰ প্ৰমীলাৰাণী ব্ৰহ্ম, ঐক্যমঞ্চৰ প্ৰাৰ্থী হীৰা শৰণীয়া আৰু ইউ পি পি এলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্ম, কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভাৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা চলা দেখিবলৈ পোৱা গৈছে। নিৰ্দলীয় প্ৰাৰ্থী হীৰা শৰণীয়াই কিমান অবড়োৰ ভোট লাভ কৰে তাৰ ওপৰতে বিজয় নিৰ্ভৰ কৰিব।