শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / অপূৰ্বা শুক্লাক গ্ৰেপ্তাৰ

অপূৰ্বা শুক্লাক গ্ৰেপ্তাৰ

এন ডি তিৱাৰীৰ পুত্ৰ ৰোহিত শেখৰৰ হত্যাকাণ্ড

নতুন দিল্লী, ২৪ এপ্ৰিল:
প্ৰাক্তন মন্ত্ৰী তথা ৰাজনৈতিক নেতা এন ডি তিৱাৰীৰ পুত্ৰ ৰোহিত শেখৰৰ পত্নীক তেওঁৰ হত্যাকাণ্ডৰ পিছত আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰি শেহতীয়াভাৱে গ্ৰেপ্তাৰ কৰিছিল। শেখৰৰ অস্বাভাৱিক মৃত্যুৰ কাৰণ জানিবলৈ দিল্লী আৰক্ষীয়ে ফৰেনছিক প্ৰতিবেদনৰ বাবে অপেক্ষা কৰিছিল আৰু এই প্ৰতিবেদনে অস্বাভাৱিক মৃত্যু ৰহস্য উদঘাটন কৰাৰ পিছতে অপুৰ্বা শুক্লাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ তদন্ত অনুসৰি মৃত ৰোহিত শেখৰৰ বাসগৃহত আৰু তেওঁৰ শোৱনি কোঠাত বাহিৰৰ পৰা কোনো লোক বলপূৰ্বকভাৱে প্ৰৱেশ কৰাৰ প্ৰমাণ পোৱা নাই আৰু হত্যাকাৰী ঘৰৰ ভিতৰতে আছিল। শেখৰৰ হত্যাকাণ্ডৰ পিছতে অপূৰ্বা আৰু ঘৰত কাম কৰা দুজন লগুৱাক আৰক্ষীয়ে আটক কৰিছিল। ৰোহিত আছিল উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন ডি তিৱাৰীৰ পুত্ৰ। দেওবাৰে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই শেখৰৰ পত্নী অপূৰ্বাক প্ৰায় আঠ ঘণ্টা ধৰি জেৰা কৰিছিল। শেখৰৰ মাতৃয়ে আৰক্ষীক জনোৱা মতে অপূৰ্বা আৰু তেওঁৰ পৰিয়ালৰ লোকসকল ধন-সম্পত্তিৰ লুভীয়া আৰু শেখৰৰ পৈতৃক সম্পত্তি নিজৰ জিম্মালৈ অনাৰ চেষ্টা চলাই আছিল। বিয়াৰ পিছৰে পৰা স্বামী-স্ত্ৰীৰ মাজত সু-সম্পৰ্ক নাছিল বুলি শেখৰৰ মাতৃয়ে কয়।