শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ভাৰতক ইৰানৰ খাৰুৱা তেল আমদানি বন্ধ কৰাৰ নিৰ্দেশ আমেৰিকাৰ

ভাৰতক ইৰানৰ খাৰুৱা তেল আমদানি বন্ধ কৰাৰ নিৰ্দেশ আমেৰিকাৰ

ৱাশ্বিংটন, ২৪ এপ্ৰিলঃ
ভাৰতে তৈল সম্পদেৰে সমৃদ্ধ উপসাগৰীয় দেশ ইৰানৰ পৰা খাৰুৱা তেল ক্ৰয় কৰি আমদানি কৰা যদি বন্ধ কৰে, তেন্তে আমেৰিকাই ৰাষ্ট্ৰসংঘত মাছুদ আজহাৰক সন্ত্ৰাসবাদী তালিকাভুক্ত কৰিবলৈ চলোৱা প্ৰচেষ্টাক ভাৰতক সহায় কৰিব। ভাৰতে আমেৰিকাৰ এই চৰ্ত মানি ল’লে আমৰিকাই ভাৰতৰ সন্ত্ৰাসবাদবিৰোধী প্ৰচেষ্টা আৰু পাকিস্তানত আশ্ৰয় গ্ৰহণ কৰা সন্ত্ৰাসবাদী নেতা মাছুদ আজহাৰক আন্তৰ্জাতিক সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টাক সহায় কৰিব বুলি ৱাশ্বিংটনে নতুন দিল্লীক অৱগত কৰে। অহা ১মে’ৰ পৰা ভাৰতে ইৰানৰ পৰা খাৰুৱা তেল আমদানি কৰিব নোৱাৰিব। কিয়নো ইৰানৰ পৰা তেল ক্ৰয় কৰিব বিচাৰিলে আমেৰিকাই ইতিমধ্যে ঘোষণা কৰা অৰ্থনৈতিক অৱৰোধ কাৰ্যকৰী কৰিব বুলি আমেৰিকাই জানিবলৈ দিয়ে। ইৰানৰ ওপৰত যথেষ্ট চাপ সৃষ্টি কৰাৰ বাবে ইৰানৰ পৰা খাৰুৱা তেল আমদানি কৰা দেশসমূহক তেল ক্ৰয়ত বাধা দিব বিচৰা হৈছে বুলি আমেৰিকাই জানিবলৈ দিয়ে। উল্লেখ্য যে ভাৰতত সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰাত নেতৃত্ব বহন কৰা পাকিস্তান অশ্ৰিত মাছুদ আজহাৰক আন্তৰ্জাতিক সন্ত্ৰাসবাদীৰ তালিকাভুক্ত কৰিবলৈ আমেৰিকাই ৰাষ্ট্ৰসংঘত এক প্ৰস্তাৱ দাখিল কৰিছিল। আমেৰিকাৰ লগতে ফ্ৰান্স আৰু ব্ৰিটেইনে এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। কিন্তু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত চীনে মাছুদ আজহাৰক আন্তৰ্জাতিক সন্ত্ৰাসবাদীৰ তালিকাভুক্ত কৰাৰ প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰিছিল।