শেহতীয়া খবৰ
Home / আঞ্চলিক / আজিও সাহায্য নাপালে হাতী-বাঘৰ আক্ৰমণত নিহতৰ ৮১৭টা পৰিয়ালে

আজিও সাহায্য নাপালে হাতী-বাঘৰ আক্ৰমণত নিহতৰ ৮১৭টা পৰিয়ালে

মুখ্যমন্ত্ৰী সোণোৱালক ১৮৫ কোটি টকীয়া ‘কেম্পা’ আঁচনিৰ তদন্তৰ দাবী


ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ :
অসমত বনৰীয়া হাতী আৰু বাঘৰ আক্ৰমণত ২০১১ বৰ্ষৰ পৰা বৰ্তমানলৈ ৮১৭জন লোকৰ মৃত্যু হৈছে যদিও আজিকোপতি নিহত লোকৰ পৰিয়ালে লাভ নকৰিলে ক্ষতিপূৰণ হিচাপে ৰাজ্য চৰকাৰে ঘোষণা কৰা এককালীন সাহায্য। বন বিভাগৰ বিষয়াই কমিছন নোপোৱাৰ বাবেই উক্ত এককালীন সাহায্যৰ পৰা বঞ্চিত হৈ আছে দুৰ্ভগীয়া পৰিয়ালসমূহ। –আজি তেজপুৰত এই বিস্ফোৰক মন্তব্য কৰে আৰ টি আই কৰ্মী দিলীপ নাথে। উল্লেখ্য যে তেজপুৰস্থ শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত আৰ টি আই কৰ্মীগৰাকীয়ে বন বিভাগত সংঘটিত হৈ থকা ব্যাপক কেলেংকাৰী সন্দৰ্ভত তথ্য সহকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। আৰ টি আই কৰ্মী নাথে কয় যে গগৈ চৰকাৰৰ আমোলত বনৰীয়া হাতী আৰু বাঘৰ আক্ৰমণত নিহত হোৱা ব্যক্তিৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে এক লাখ টকা আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত সোণোৱাল চৰকাৰে এই এক লাখ টকাৰ পৰা বৃদ্ধি কৰি চাৰি লাখ টকাকৈ দুৰ্ভগীয়া পৰিয়ালবোৰক অনলাইনযোগে আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰিছিল। কিন্তু পৰিতাপৰ কথা যে ২০১১ বৰ্ষৰ পৰা চলিত বৰ্ষলৈ বনৰীয়া হাতী আৰু বাঘৰ আক্ৰমণত মুঠ ৮১৭জন লোক নিহত হৈছিল। এই ৮১৭টা দুৰ্ভগীয়া পৰিয়ালক ঘোষণা অনুসৰি মুঠ ৩ কোটি ৩৩ লাখ টকা দিবলৈ আছে। কিন্তু আশ্চৰ্যৰ কথা যে ২০১৯-২০ বৰ্ষৰ বাজেটত এই পুঁজি ধৰা নহ’ল। ইয়াৰ কাৰণ হ’ল নিহতৰ পৰিয়ালক অনলাইন যোগে চাৰি লাখ টকা প্ৰদান কৰা হ’ব বুলি সোণোৱাল চৰকাৰে ঘোষণা কৰা হেতু কমিছনৰ কোনো সুৰুঙা নথকাৰ বাবেই বনমন্ত্ৰী আৰু প্ৰধান বন সংৰক্ষকে এই ক্ষেত্ৰত সদিচ্ছা নেদেখুৱালে। যাৰ বাবে এই পুঁজি বাজেটত ধৰা নহ’ল আৰু দুৰ্ভগীয়া পৰিয়ালকেইটাই আৰ্থিক সাহায্য লাভ নকৰিলে।
প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) ৰঞ্জনা গুপ্তাৰ ভুলৰ বাবেই দুৰ্ভগীয়া পৰিয়ালকেইটা এককালীন সাহায্য লাভৰ পৰা অদ্যাপি বঞ্চিত হৈ আছে। সংবাদমেলখনত ৰাজ্যখনত ৰূপায়ণ হৈ থকা কেম্পা আঁচনিৰ সন্দৰ্ভতো কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে আৰ টি আই কৰ্মী নাথে। তেওঁ কয় যে পৃথিৱীত ক’তো নোহোৱা কেম্পা শীৰ্ষক আঁচনি ৰূপায়ণৰ নামতো ব্যাপক দুৰ্নীতি হৈছে। বন বিভাগত ই এক নজিৰবিহীন ঘটনা। বৰ্তমানৰ প্ৰধান মুখ্য বন সংৰক্ষক তথা বনবলৰ মুৰববী এ এম সিঙৰ পৃষ্ঠপোষকতাত কেম্পা আঁচনি ৰূপায়ণৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হৈছে। শীৰ্ষ বন বিষয়াগৰাকীয়ে তেওঁৰ কাৰ্যকালত ১৮৪ কোটি ৩৪ লাখ ৭৯ হাজাৰ ১০০ টকা ২০১০-১১ বৰ্ষৰ পৰা বৰ্তমানলৈ মুকলি কৰি দিলে। উল্লেখ্য যে নিয়ম অনুসৰি বন্যপ্ৰাণী এলেকাত কোনো কাৰণতে নিজে গছপুলি ৰোপণ আৰু নাৰ্ছাৰী কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত এই কেম্পা আঁচনি ৰূপায়ণৰ নামত পুলি উৎপাদন আৰু ৰোপণ ক’ত কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰি নাথে আৰু কয় যে এই আঁচনিৰ অধীনত শোণিতপুৰ জিলাত ৭ কোটি টকা মুকলি কৰি দিছিল। কিন্তু আঁচনি ৰূপায়ণৰ নামত ৫০ বছৰ আগৰ শালগছবোৰৰ মাজত ফেঞ্চিং দি ২ কোটি ১৯ লাখ টকা জিলাখনতে আত্মসাৎ কৰা হৈছে। একেদৰে অসমৰ বিভিন্ন প্ৰান্তত কেইখনমান ¦³¨ল আৰু নামঘৰত পুলি বিতৰণ কৰি ফটো উঠিয়েই কোটি কোটি টকা হৰলুকী কৰা হ’ল। কেম্পা আঁচনি ৰূপায়ণৰ নামত প্ৰায় ১৮৫ কোটি টকা ক’ত কেনেকৈ ব্যৱহাৰ কৰিলে এই সম্পৰ্কত মুখ্যমন্ত্ৰী সোণোৱালক তদন্ত কৰিবলৈ দাবী জনায় দিলীপ নাথে। আনহাতে বন বিভাগত উপলব্ধ ড্ৰোন কেমেৰা সম্পৰ্কত নাথে কয় যে প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইন আৰু প্ৰমীলাৰাণী ব্ৰহ্মৰ কাৰ্যকালত এটাকৈ মুঠ দুটা ড্ৰোন ক্ৰয় কৰা হৈছিল চোৰাং চিকাৰীৰ সম্ভেদ আগতীয়াকৈ সংগ্ৰহৰ বাবে।
কিন্তু এতিয়া এই ড্ৰোন চোৰাং চিকাৰীৰ আগতীয়া সম্ভেদ সংগ্ৰহ কৰাৰ পৰিৱৰ্তে গঁড়ৰ মৃতদেহ সন্ধানৰ বাবেহে ব্যৱহাৰ কৰা হৈ আছে। এই সন্দৰ্ভতো তদন্তৰ প্ৰয়োজন আছে বুলি দোহাৰে নাথে। তদুপৰি গঁড় হত্যা সন্দৰ্ভতো বিস্ফোৰক মন্তব্য কৰে আৰ টি আই কৰ্মীগৰাকীয়ে। তেওঁ কয় যে দক্ষিণ পাৰৰ লাওখোৱা অভয়াৰণ্যত বন সংমণ্ডল বিষয়া হিচাপে ৰাজেন্দ্ৰ কুমাৰে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত, অৰ্থাৎ ২০১৮ৰ ৬ ফেব্ৰুৱাৰীত তেজপুৰ সদৰ, ঢেকীয়াজুলি আঞ্চলিক বন বিষয়াসকল আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়াসকলে শোণিতপুৰৰ ঠেলামৰাৰ শিঙৰী হৈ এটা প্ৰকাণ্ড মাইকী গঁড় লাওখোৱা অভয়াৰণ্যত থৈ আহিছিল। কিন্তু দুই-তিনি মাহ উক্ত অভয়াৰণ্যত থকাৰ পিছত গঁড়টো নোহোৱা হ’ল। অভয়াৰণ্যত ২০০তকৈও অধিক কৰ্মচাৰী থকাৰ পিছতো খড়গ থকা মাইকী গঁড়টো ক’লৈ নোহোৱা হ’ল বুলি প্ৰশ্ন উত্থাপন কৰি নাথে কয়– গঁড়টো অভয়াৰণ্যখনৰ চৰ-চাপৰিত ওলোৱা প্ৰত্যক্ষ কৰি বহুসংখ্যক লোকে তেতিয়া বন বিষয়া ৰাজেন্দ্ৰ কুমাৰক টেলিফোন কৰি অৱগত কৰিছিল। কিন্তু তাৰ পিছতেই আশ্চৰ্যজনকভাৱে গঁড়টো সন্ধানহীন হৈ পৰে। গতিকে মোৰ সন্দেহ হৈছে ৰাজেন্দ্ৰ কুমাৰ নামৰ বন বিষয়াজনেই গঁড়টোক হত্যা কৰি গঁড় বিক্ৰী কৰিছে। এইগৰাকী বন বিষয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে চৰকাৰে। কাৰণ ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক অসমৰ বাহিৰৰ আৰু বন বিষয়া ৰাজেন্দ্ৰ কুমাৰো অসমৰ বাহিৰৰ। ৰাজেন্দ্ৰ কুমাৰৰ স্থানত যদি কোনো অসমীয়া বিষয়া হ’ল হয়, তেন্তে তেওঁৰ ওপৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিলে হয়। বন সংমণ্ডল বিষয়া ৰাজেন্দ্ৰ কুমাৰৰ কাৰ্যকালত লাওখোৱা অভয়াৰণ্যৰ পৰা প্ৰকাণ্ড গঁড়টো কেনেকৈ নোহোৱা হ’ল আৰু ক’লৈ গ’ল এই সন্দৰ্ভত চি বি আইৰ তদন্ত হ’ব লাগে আৰু ৰাজেন্দ্ৰ কুমাৰৰ ওপৰত বিহিত ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে বুলি আজি সংবাদমেলত দাবী উত্থাপন কৰে অৰণ্য সুৰক্ষা সমিতি, অসমৰ সদস্য তথা আৰ টি আই কৰ্মী দিলীপ নাথে।